ETV Bharat / state

এটা চকুৰে জীৱন যুঁজত নমা এগৰাকী অখ্যাত শিল্পী

author img

By

Published : Jul 27, 2021, 8:28 PM IST

বৰপেটাৰ সুন্দৰীদিয়াৰ এগৰাকী অখ্যাত শিল্পী ৷ এটা চকুৰেই জীৱন যুঁজত জপিয়াই পৰা সুন্দৰীদিয়াৰ দয়াল চন্দ্ৰ দাসে জীৱিকাৰ তাড়নাত পেলনীয়া সামগ্ৰীৰে নিৰ্মাণ কৰিছে বিভিন্ন সৌন্দৰ্যবৰ্ধক সামগ্ৰী ৷ বিশেষভাৱে সক্ষম দয়াল দাসে পেলনীয়া সামগ্ৰীৰ পৰা নিৰ্মাণ কৰি উলিয়াইছে গছ, ফুল, কাপ-প্লেট ইত্যাদি ৷

artist dayal chandra das creative materials macking
এগৰাকী অখ্যাত শিল্পী

বৰপেটা, 27 জুলাই : এগৰাকী অখ্যাত শিল্পী ৷ যাৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে পেলনীয়া সামগ্ৰীয়ে ৷ পেলনীয়া সামগ্ৰীৰ পৰা শিল্পীগৰাকীয়ে নিৰ্মাণ কৰি উলিয়াইছে ঘৰুৱা সৌন্দৰ্যবৰ্ধনৰ বিভিন্ন বস্তু ৷

এই বিশেষ শিল্পীগৰাকী সত্ৰনগৰী বৰপেটাৰ সুন্দৰীদিয়া সত্ৰৰ বাসিন্দা ৷ নাম দয়াল চন্দ্ৰ দাস ৷ আনুষ্ঠানিক শিক্ষা অবিহনে ইউ টিউব (YouTube) চাই গ্ৰহণ কৰিছে সামগ্ৰী নিৰ্মাণৰ বিভিন্ন কৌশল ৷

বিশেষভাৱে সক্ষম দয়াল দাসে এটা চকুৰে নেদেখে ৷

এগৰাকী অখ্যাত শিল্পী

লগতে পঢ়ক: অসম বুকচ অফ ৰেকৰ্ডত উজলিল বাক্সাৰ যুৱকৰ নাম

তথাপিও হাৰ মনা নাই শিল্পীগৰাকীয়ে ৷ জীৱিকাৰ তাড়নাত ইউ টিউব(YouTube)ত উপলব্ধ বিভিন্ন ভিডিও চাই পেলনীয়া সামগ্ৰীৰে বিভিন্ন সামগ্ৰী নিৰ্মাণৰ কৌশল আয়ত্ব কৰি দুপইছা অৰ্জনৰ বাট উলিয়াইছে ৷ আজৰি সময়ত বিশেষকৈ প্লাষ্টিকৰ বটল, নাৰিকলৰ খোলা, বাঁহ, কাগজ আদি পেলনীয়া সামগ্ৰীৰে গছ, ফুল, কাপ-প্লেট আদি বিভিন্ন তৰহৰ সামগ্ৰী নিৰ্মাণ কৰি উলিয়াইছে অখ্যাত শিল্পীগৰাকীয়ে ৷

দয়াল চন্দ্ৰ দাসে আনৰ পুখুৰী ডাকত লৈ মৎস্যপালন কৰি কোনোমতে জীৱন নিৰ্বাহ কৰে ৷ কেৱল এয়াই নহয়, ঘৰতে পকী খুঁটা নিৰ্মাণ কৰিও জীৱিকা উপাৰ্জনৰ বাট মোকলাইছে শিল্পীগৰাকীয়ে ৷ কিন্তু বছৰৰ ছমাহে পেটৰ তাড়নাত পেলনীয়া সামগ্ৰীৰ পৰা বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰি আহিছে ৷ যি বিক্ৰী কৰি দুপইচা অৰ্জনৰ বাট মুকলি কৰিছে শিল্পী দয়াল দাসে ৷

দুৰ্ভাগ্যৰ কথা যে, বিশেষভাৱে সক্ষম পৰিয়ালটোৱে লাভ কৰিবলৈ সক্ষম নহ'ল চৰকাৰৰ অৰুণোদয় আঁচনি ৷ দয়াল দাসে কংক্ৰিটৰ পকী খুঁটা নিৰ্মাণ উদ্যোগৰ বাবে উদ্যোগ বিভাগত ঋণৰ বাবে আবেদন জনায় ৷ কিন্তু বৰ্তমানলৈকে ঋণ লাভ কৰিবলৈ সক্ষম হোৱা নাই এইগৰাকী ব্যক্তিয়ে ৷ নানা অভাৱ আৰু প্ৰতিকূল পৰিৱেশৰ মাজতো এটা চকুৰেই জীৱন যুঁজ চলাই যোৱা সুন্দৰীদিয়াৰ দয়াল চন্দ্ৰ দাসে চৰকাৰক এই ক্ষেত্ৰত কিছু ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক অনুৰোধ জনায় ৷

লগতে পঢ়ক: আচাম বুক অৱ ৰেকৰ্ডত বাক্সাৰ উপাসনা ঠাকুৰীয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.