ETV Bharat / state

কৃত্রিম বানৰ কবলত বৰপেটাৰ হাউলীত

author img

By

Published : Jun 7, 2021, 10:56 PM IST

কৃত্ৰিম বানত বুৰ গৈছে বৰপেটাৰ হাউলী চহৰ ৷ এজাক বৰষুণতে ডুব গৈছে চহৰ খনৰ ৪ নং ৱাৰ্ডৰ যাদৱ পথ, ঠাকুৰবাৰী, কালিবাড়ী ৰোড ৷

artificial flood in howly town
নেৰা নেপেৰা বৰষুণত বৰপেটাৰ হাউলীত কৃত্রিম বান

বৰপেটা, ৭ জুন : বিগত কেইবাদিন ধৰি দিয়া নেৰা নেপেৰা বৰষুণৰ ফলত কৃত্ৰিম বানত বুৰ গৈছে বৰপেটাৰ হাউলী চহৰ । একাঁঠু পানীৰ মাজতে জীৱন যাপন কৰিবলগীয়া হৈছে চহৰবাসীয়ে । এজাক বৰষুণতে ডুব গৈছে চহৰ খনৰ ৪ নং ৱাৰ্ডৰ যাদৱ পথ, ঠাকুৰবাৰী, কালিবাড়ী ৰোডকে ধৰি প্ৰায়বোৰ পথ ।

ঠাকুৰবাৰী ৰোডত থকা একাংশ লোকৰ ঘৰৰ ভিতৰলৈকে সোমাই গৈছে পানী । ফলত ঘৰৰ ভিতৰৰ থকা আচবাব নষ্ট হোৱাৰ উপক্ৰম হৈছে ৷ উল্লেখ্য যে, প্ৰতি বছৰে এনেদৰে হাউলী চহৰত কৃত্ৰিম বানৰ সৃষ্টি হৈ আহিছে যদিও এই ক্ষেত্ৰত কোনো গুৰুত্ব নাই বৰপেটা জিলা প্ৰশাসন তথা হাউলী পৌৰ সভাৰ ।

যাৰ ফলত প্ৰতি বছৰেই এনদৰে কৃত্ৰিম বানত ককবকাই থাকিব লগা হৈছে হাউলী চহৰৰ বাসীন্দা সকলে । চহৰখনৰ নলা নৰ্দমা সমূহ বিজ্ঞান সন্মতভাৱে নিৰ্মাণ নকৰাৰ ফলতে দুৰ্ভোগ ভুগিব লগা হৈছে চহৰৰ বাসিন্দা সকলে ।

লগতে পঢ়ক : পথৰ দুৰৱস্থা: ঠেলি ঠেলি পাৰ কৰিবলগা হৈছে এম্বুলেঞ্চ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.