ETV Bharat / state

বাঘবৰত জন সমাবেশ পাতি হিমন্তক প্ৰত্যুত্তৰ লুৰিণৰ

author img

By

Published : Jan 10, 2021, 8:40 PM IST

Updated : Jan 10, 2021, 10:58 PM IST

বাঘবৰত জন সমাবেশ পাতি ৰাজ্যৰ প্ৰভাৱ শালী নেতা হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনালে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ৷ লুৰিণে ক'লে, কা' আন্দোলনৰ সময়ত বাঘবৰত সমষ্টিত জনসভা কৰি দেখুৱাবলৈ হিমন্ত বিশ্বই যি প্ৰত্যাহ্বান জনাইছিল তাক আমি কাউণ্টাৰ প্ৰত্যাহ্বান জনাইছো ৷

arrival-of-lurinjyoti-gogoi
বাঘবৰত জন সমাবেশ পাতি হিমন্তক কাউণ্টাৰ প্ৰত্যাহ্বান লুৰিণৰ

জনীয়া, 10 জানুৱাৰী : অসম প্ৰদেশ বিজেপিৰ প্ৰভাৱশালী নেতা হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বানক পুনৰ হিমন্ত বিশ্ব শৰ্মাক উভতাই দিলে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ৷ বাঘবৰৰ এখন জনসভাত অংশ গ্ৰহণ কৰা পিচতে সাংবাদিকক সম্বোধন কৰি হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনালে লুৰিণজ্যোতি গগৈয়ে ৷ লুৰিণে ক'লে, কা' আন্দোলনৰ সময়ত বাঘবৰত জনসভা কৰি দেখুৱাবলৈ হিমন্ত বিশ্বই যি প্ৰত্যাহ্বান জনাইছিল তাক আমি কাউণ্টাৰ প্ৰত্যাহ্বান জনাইছো ৷

বাঘবৰত জন সমাবেশ পাতি হিমন্তক প্ৰত্য়ুত্তৰ লুৰিণৰ

তেওঁ ক'লে, বিজেপি দলক সাম্প্ৰদায়িক আখ্যা দি 21 ৰ নিৰ্বাচনত শাসনৰ পৰা ওফৰাই অসমত অসমত আঞ্চলিকতাবাদী চৰকাৰ গঠন কৰা হ'ব ৷ ৭১ চনৰ আগৰ পৰা অসমত বসবাস কৰা প্ৰতিগৰাকী অসমীয়াই সংবিধানত সন্নিবিষ্ট সকলো অধিকাৰ ভোগ কৰিবলৈ পাব লাগিব ৷ লগতে আইনী প্ৰক্ৰিয়াৰে 'D' ভোটৰ সমস্যাৰ সমাধান কৰাৰ পোষকতা কৰে লুৰিণজ্যোতি গগৈয়ে ৷

উল্লেখ্য যে, বাঘবৰ সমষ্টিৰ কলগাছিয়াৰ বামুণটাৰীত দেওবাৰে কা' আন্দোলনৰ পটভূমিত জন্ম লাভ কৰা অসম জাতীয় পৰিষদৰ এক বিশাল জন সমাবেশ অনুষ্ঠিত হয় । সভাত উপস্থিত থাকে AJP ৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা, সম্পাদক জিয়াউৰ ৰহমান আদি ৷

লগতে পঢ়ক : এছ আই কেলেংকাৰী সন্দৰ্ভত মুখ্য সচিবক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

Last Updated : Jan 10, 2021, 10:58 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.