ETV Bharat / state

Army worm in paddy fields: লহপহীয়া শালি ধান এফালৰ পৰা নষ্ট কৰিছে শুৰ পোকে; কৃষকৰ হাহাকাৰ

author img

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 10:40 PM IST

কাতি মাহ সোমোৱাৰ লগে লগে সেউজীয়া পথাৰত ধানৰ থোকবোৰ পূৰঠ হ’বলৈ ধৰিছে ৷ কৃষকৰ দুচকুতো সপোন পূৰঠ হৈছে ৷ আঘোণ সোমালেই ধান কাটিবৰ হ’ব ৷ কিন্তু বৰপেটাৰ একাংশ কৃষকে ধাননিলৈ চাই হাহাকাৰ কৰিবলগীয়া হৈছে ৷ কিয়নো লহপহীয়া শালিধানবোৰ এফালৰ পৰা নষ্ট কৰিছে শুৰ পোকে ৷ চাওক সবিশেষ...

Army worm destroy paddy fields
paddy fields at Kalgachia
লহপহীয়া শালিধানবোৰ এফালৰ পৰা নষ্ট কৰিছে শুৰ পোকে

বৰপেটা, 31 অক্টোবৰ: কাতিমাহ সোমাল, পুৱা-গধুলি কুঁৱলী পৰিছে ৷ পথাৰবোৰ গাভৰু হৈছে ৷ লাহী-শালি-বৰা-জহা ধানবোৰে বতাহত হালি-জালি নাচিবলৈ ধৰিছে ৷ গেৰধৰা ধানৰ থোকবোৰ এতিয়া পূৰঠ হৈছে ৷ লগতে কৃষকৰ সপোনেও হাঁহিবলৈ ধৰিছে ৷ মাজত আৰু কেইটামানহে দিন ৷ আঘোণ সোমালেই ধান পকিব ৷ পথাৰৰ লখিমী ভঁৰাললৈ আদৰিবৰ হ’ব ৷ আশাত বন্দী কৃষক ৷ পিচে সেই আশাক যেন মোহাৰিবলৈ ধৰিছে এজাক শত্ৰুৱে ৷

কলগাছিয়াৰ দাৱনদিয়া গাঁৱৰ ধাননি পথাৰত শুৰ পোকৰ তাণ্ডৱ । তহলিং কৰিলে শ শ বিঘা লহপহীয়া শালি ধান । মূৰে কপালে হাত দিবলগীয়া হৈছে কৃষকে । বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত দাৱনদিয়া গাঁৱৰ কৃষকৰ এতিয়া চকুত চকুপানী ৷

বানপানীৰ পিছত এইবাৰ শুৰ পোকে তাণ্ডব চলাই বিনষ্ট কৰিছে শ শ বিঘা শালি ধানৰ খেতি । ৰাতিৰ এন্ধাৰত চহা কৃষকে শালিধান খেতিত কীটনাশক চটিয়াই শুৰ পোকৰ পৰা ৰক্ষা কৰিবলৈ চেষ্টা কৰিছে সপোনাৰ ধাননি ডৰা । কাৰণ দাৱনদিয়া গাঁৱৰ শালিধান পথাৰত শুৰ পোকে চলাইছে তাণ্ডৱ ।

এফালৰ পৰা কুটি তহলিং কৰিছে শালিধানৰ থোক । পোকবোৰ দিনৰ পোহৰত ধান গছৰ তলত সোমাই থাকে আৰু ৰাতি হ’লেই ওলাই আহি এফালৰ পৰা কুটিবলৈ আৰম্ভ কৰে লহপহকৈ বাঢ়ি অহা ধানৰ থোকবোৰ । যাৰ ফলত এইদৰে ৰাতি ঔষধ চটিয়াবলগীয়া হৈছে কৃষকসকলে । অতি কষ্টৰে কপালৰ ঘাম মাটিত পেলাই কৰা সপোনৰ শালি ধানখিনি পোকে তহলিং কৰাত মূৰে কপালে হাত দিছে ৰাইজে ।

এইদৰে কলগাছিয়াৰ দাৱনদিয়া, গুনিয়ালগুৰি, নদীয়াপাৰা, ক্ষুদ্ৰকুছি, তিতাপানী আদি বহুতো গাঁৱত পোকে শালিধানৰ খেতিৰ বিস্তৰ ক্ষতি কৰিছে । দুখীয়া খেতিয়কসকলৰ সীমাহীন ক্ষতি সাধন হোৱাৰ পিছতো খবৰ নাই কৃষি বিষয়া আৰু গ্ৰাম সেৱকৰ । গ্ৰাম সেৱকসকলে খেতিয়কৰ কোনো ধৰণৰ খবৰ নলৈ কেৱল ঘৰত বহিয়েই চৰকাৰী দৰমহা ভোগ কৰিছে বুলি অভিযোগ তুলিছে খেতিয়কসকলে ।

সম্প্ৰতি চৰকাৰী সহায্যৰ পৰা বঞ্চিত কৃষকসকলৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । এই ক্ষেত্ৰত দুৰ্ভগীয়া কৃষকসকলে বৰপেটা জিলা প্ৰশাসন তথা কৃষিমন্ত্ৰীৰ সুদৃষ্টি কামনা কৰিছে ।

লগতে পঢ়ক: Evaluation of Rice Cafeteria : অসম কৃষি বিশ্ববিদ্যালয়ত শুভাৰম্ভ ৰাইচ কেফেটেৰিয়াৰ মূল্যায়ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.