ETV Bharat / state

Journalist protest:কলগাছিয়া সংবাদকৰ্মীৰ উদ্যোগত আবেদন যাত্ৰা - Journalist protest

কলগাছিয়াত মন্দিয়া উপ-জিলাৰ সদৰ স্থাপনৰ দাবীত "আবেদন যাত্ৰা"। বৃহত্তৰ কলগাছিয়া সংবাদকৰ্মীৰ উদ্যোগত আয়োজন কৰা আবেদন যাত্ৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ ধ্বনি ।

Journalist protest in Barpeta
কলগাছিয়াত আবেদন যাত্ৰা
author img

By ETV Bharat Assamese Team

Published : Sep 8, 2023, 9:18 PM IST

কলগাছিয়াত আবেদন যাত্ৰা

জনীয়া, ৮ ছেপ্টেম্বৰ: এইবাৰ কলগাছিয়াৰ সংবাদকৰ্মী নামিল 'আবেদন যাত্ৰা'ত । 'মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মা জিন্দবাদ' ধ্বনিৰে কপি উঠিল বৰপেটা জিলাৰ কলগাছিয়াৰ আকাশ বতাহ । জিলাখনৰ কলগাছিয়াত মন্দিয়া উপ-জিলাৰ সদৰ স্থাপনৰ দাবীত বৃহত্তৰ কলগাছিয়াৰ সংবাদকৰ্মীৰ উদ্যোগত অনুষ্ঠিত হোৱা 'আবেদন যাত্ৰা'ত 'মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ ধ্বনি'।

উল্লেখ্য যে,কলগাছিয়াত উপ-জিলা গঠনৰ বাবে পৰ্যাপ্ত আন্ত গাঁথনি থকাৰ লগতে ইয়াত আছে বৰপেটা জিলা চিকিৎসালয় । লগতে ২০১৬ চনত অসম চৰকাৰে আধাৰশিলা স্থাপন কৰা প্ৰস্তাৱিত মহকুমাৰ তালিকাত আছিল কলগাছিয়াৰ নাম । ইয়াৰোপৰি কলগাছিয়াক সদৰ হিচাপে ঘোষণা কৰিলে পশ্চিম প্ৰান্তৰ সীমামূৰীয়া চতলা আৰু পূৱ সীমা মন্দিয়া, দক্ষিণে বাঘবৰ আৰু উত্তৰে জমেৰকুৰৰ মাজভাগত পৰে কলগাছিয়া ।

লগতে পঢ়ক:Allegation of Corruption : ৰাজ্যিক বিজেপিৰ সভাপতিৰ গৃহ সমষ্টি ৰঙিয়াত পথ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ

সেয়ে অসম চৰকাৰে ঘোষণা কৰা মন্দিয়া উপ-জিলাৰ সদৰ কলগাছিয়াক ঘোষণা কৰাৰ দাবীত সংবাদকৰ্মীৰ উদ্যোগত অনুষ্ঠিত হোৱা আবেদন যাত্ৰাত প্ৰায় ৫ সহস্ৰাধিক ৰাইজে কলগাছিয়া মিনি ষ্টেডিয়ামৰ পৰা সমদল কৰি কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ এক স্মাৰকপত্ৰ প্ৰেৰণ কৰে । আবেদন যাত্ৰাত অংশ গ্ৰহণ কৰা ৰাইজে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, মন্ত্ৰী ৰঞ্জিত দাস জিন্দাবাদ ধ্বনিৰে কলগাছিয়াৰ আকাশ বতাহ উত্তাল কৰি কলগাছিয়াত সদৰ কাৰ্যালয় স্থাপনৰ বাবে অসম চৰকাৰৰ ওচৰত দাবী জনায় ।

লগতে পঢ়ক:Poor condition of govt school: শিক্ষক অবিহনে চলিছে কুজুপথাৰ প্ৰাথমিক বিদ্যালয়

উল্লেখ্য় যে বৰপেটা জিলাৰ প্ৰস্তাৱিত মন্দিয়া উপ-জিলাৰ সদৰ কাৰ্যালয় কলগাছিয়াত স্থাপন কৰাৰ দাবীৰে কলগাছিয়া প্ৰেছ ইউনিয়ন, কলগাছিয়া মহকুমা সাংবাদিক সন্থা আৰু বৃহত্তৰ কলগাছিয়া অঞ্চলৰ ছপা আৰু বৈদ্যুতিন মাধ্যমৰ সাংবাদিকসকলৰ যৌথ উদ্যোগত কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত যোৱা ৫ ছেপ্টেম্বৰত এক ঘন্টীয়া অৱস্থান ধৰ্মঘট পালন কৰা হৈছিল ।

লগতে পঢ়ক:Journalist protest: কলগাছিয়াত মন্দিয়া উপ-জিলাৰ সদৰ কাৰ্যালয় স্থাপনৰ দাবীত সংবাদকৰ্মীৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.