ETV Bharat / state

জাতিৰ কাৰণে প্ৰাণ আহুতি দিলে পাঠশালাৰ আব্দুল আলিমে - Sahwid Abdul Alim

গুৱাহাটীত কেব বিৰোধী আন্দোলনত গুলীবিদ্ধ হৈ দেওবাৰে পুৱতি নিশা শেষ নিশ্বাস ত্যাগ পাঠশালৰ বীৰ সন্তান আব্দুল আলিমৰ ৷ লোকে-লোকাৰণ্য হ'ল শেষ শ্ৰদ্ধাঞ্জলী অনুষ্ঠান ৷ আছু-যুৱ ছাত্ৰ পৰিষদে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ছহিদ ঘোষণা কৰিলে আব্দুল আলিমক ৷

জাতিৰ কাৰণে প্ৰাণ আহুতি দিলে পাঠশালাৰ আব্দুল আলিমে

author img

By

Published : Dec 16, 2019, 11:53 AM IST

পাঠশালা, 16 ডিচেম্বৰ: অৱশেষত জাতিৰ ৰক্ষাৰ যুঁজত বীৰৰ দৰে যুঁজি ছহিদ হ'ল পাঠশালাৰ সন্তান আব্দুল আলিমে ৷ যোৱা 12 ডিচেম্বৰত গুৱাহাটীত কেবৰ বিৰুদ্ধে ৰাজপথত নমা অসমীয়াৰ ওপৰত চৰকাৰী আৰক্ষী বাহিনীয়ে চলোৱা গুলীচালনাত গুলীবিদ্ধ হৈ মৃত্যুৰে যুঁজি অৱশেষত দেওবাৰে পুৱতি নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰিলে পাঠশালাৰ বজালীৰ যুৱক আব্দুল আলিমে ৷ দেওবাৰে সন্ধিয়া আৰক্ষীৰ কটকটীয়া নিৰাপত্তাৰ মাজত 23 বছৰীয়া যুৱকজনৰ মৃতদেহ পাঠশালাৰ মিলনপুৰস্থিত নিজবাসগৃহত উপস্থিত হয় ৷ ইয়াৰ পাছতে বিভিন্ন দল সংগঠন আৰু ৰাইজৰ উপস্থিতিত সহস্ৰাধিক লোকে তেওঁক শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ৷ সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে যুৱকজনক কেব বিৰোধী আন্দোলনৰ ছহিদ আখ্যা দিয়ে ৷ ইতিমধ্যে যুৱকজনৰ জানাজা সম্পন্ন কৰা হৈছে ৷

আছু-যুৱ ছাত্ৰ পৰিষদে শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰি ছহীদ ঘোষণা কৰিলে আব্দুল আলিমক

আৰু পঢ়ক: নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদত জমিয়া মিলিয়া ছাত্ৰসকলে জ্বলালে

Intro:Body:

ABDUL LAST JURNEY

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.