জনীয়া, 12 অক্টোবৰ: বৰপেটা জিলা জনীয়াৰ ৰূপসী শিশু সংহত উন্নয়ন প্ৰকল্পৰ কাৰ্যালয়ৰ চৌহদত সোমাবাৰে অংগণবাদী কৰ্মী-সহায়িকা সকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
প্ৰতিবাদকাৰী সকলে বিভিন্ন নথি পত্ৰ ডি টি পি কৰাৰ নামত মুখ্য অংগণবাদী কৰ্মী সকলে সহায়িকা কৰ্মী সকলৰ পৰা ধন লোৱা বুলি অভিযোগ কৰে । লগতে সকলো ধৰণৰ ফৰ্ম কাৰ্যালয়ৰ পৰা যোগান ধৰক,চৰকাৰে দিয়া মোবাইল মেৰামতি ৰ নামত ধন সংগ্ৰহ বন্ধ কৰক,আদি আঠটা দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰকল্পটোৰ S O ৰ হাতত প্ৰদান কৰে।
উল্লেখযোগ্য যে,চৰকাৰে অংগণবাদী কেন্দ্ৰ সমূহলৈ যোগান ধৰা বাচন বৰ্তন একাংশ মুখ্য কৰ্মীয়ে ভাগ কৰি লৈ যোৱা বুলিও অভিযোগ কৰে প্ৰতিবাদকাৰী সকলে। ইফালে এই দাবী সমূহ মানি নল'লে অনাগত দিনত আন্দোলন তীব্ৰতৰ কৰা হ'ব বুলি সকীয়াই দিয়ে প্ৰতিবাদকাৰী সকলে।