ETV Bharat / state

অনাময় আঁচনিৰ নামত বজালীত ব্যাপক দুৰ্নীতিৰ অভিযোগ

author img

By

Published : May 19, 2021, 9:47 PM IST

বৰবাং গাঁও পঞ্চায়তৰ সদস্য যোগ্যে কলিতাই আৱন্টন দিয়া প্ৰায় 12 টা পৰিয়ালৰ অনাময় আঁচনিৰ শৌচাগাৰ লাভ কৰিছিল ৷ সেই অনুসৰি হিতাধীকাৰী পৰিয়াল কেইটাৰ ঘৰত শৌচাগাৰ নিৰ্মাণৰ কিছু সামগ্ৰী পেলাইছিল ৷ কিন্তু অতি দুখ আৰু পৰিতাপৰ বিষয় যে, ঠিকাদাৰৰ কাণ্ডজ্ঞানহীনতাৰ বাবে আজি প্ৰায় ৬ মাহ ধৰি এটাও শৌচাগাৰৰ নিৰ্মাণ সম্পূৰ্ণ নহ’ল ৷

অনাময় আঁচনিৰ নামত বজালীত ব্যাপক দুৰ্নীতিৰ অভিযোগ
অনাময় আঁচনিৰ নামত বজালীত ব্যাপক দুৰ্নীতিৰ অভিযোগ

বজালী, 19মে’: ৰাজ্যত চৰকাৰী আঁচনি ৰূপায়নৰ নামত সংঘটিত হৈ অহা দুৰ্নীতিৰ প্ৰসংগ নতুন নহয় ৷ তেনে এক ঘটনাই এইবাৰ সংঘটিত হৈছে নৱ গঠিত জিলা বজালীত৷ অনাময় আঁচনিৰ শৌচাগাৰৰ নিৰ্মাণ কৰাত দুৰ্নীতিৰ অভিযোগ উঠিছে ৷

ঘটনা অনুসৰি বৰবাং গাঁও পঞ্চায়তৰ সদস্য যোগ্যে কলিতাই আৱন্টন দিয়া প্ৰায় 12 টা পৰিয়ালৰ অনাময় আঁচনিৰ শৌচাগাৰ লাভ কৰিছিল ৷ সেই অনুসৰি হিতাধিকাৰী পৰিয়াল কেইটাৰ ঘৰত শৌচাগাৰ নিৰ্মাণৰ কিছু সামগ্ৰী পেলাইছিল ৷

কিন্তু অতি দুখ আৰু পৰিতাপৰ বিষয় যে, ঠিকাদাৰৰ কাণ্ডজ্ঞানহীনতাৰ বাবে আজি প্ৰায় ৬ মাহ ধৰি এটাও শৌচাগাৰৰ নিৰ্মাণ সম্পূৰ্ণ নহ’ল ৷ সম্প্ৰতি কাৰোৱাৰ ঘৰত যদি চাৰি বস্তা বালি, কাৰোবাৰ ঘৰত কেইটামান ইটাৰ টুকুৰাৰ পেলাইয়ে দায়িত্ব সামৰিছে ঠিকাদাৰে ।

উল্লেখযোগ্য যে, চৰকাৰৰ এনেবোৰ আঁচনিৰ বাবে বহু দুখীয়া দৰিদ্ৰ লোক উপকৃত হৈ আহিছে যদিও এচাম দুৰ্নীতিত নিমজ্জিত ঠিকাদাৰ তথা জন প্ৰতিনিধিৰ বাবে সাধাৰণ ৰাইজে আঁচনি সমূহৰ পৰা বঞ্চিত হৈ আহিছে ।

সম্প্ৰতি প্ৰায় ছয় মাহ আগতে শৌচাগাৰ নিৰ্মাণৰ বাবে কিছু সামগ্ৰী ঠিকাদাৰে পেলাইছিল যদিও কাম নোহোৱাত সকলো সামগ্ৰী সমূহ নষ্ট হৈ পৰিছে । এতিয়া প্ৰশ্ন হয় এনেবোৰ ঠিকাদাৰক বিভাগে নাকী লগাব পাৰিবনে নে, নে এনেদৰে দুৰ্নীতি কৰি যোৱাৰ বাবে দুগুণ উৎসাহ দিব ।

লগতে পঢ়কঃ অসমলৈও আহিল "ব্লেক ফাংগাছ", প্ৰথমজন ৰোগীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.