ETV Bharat / state

কলগাছিয়াত গড়কাপ্তানী পথ মেৰামতিৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ - বিধায়ক হাফিজ ৰফিকুল ইছলাম

কলগাছিয়াৰ আমগুৰিত গড়কাপ্তানী পথ মেৰামতিৰ কামত ব্যাপক দুৰ্নীতিৰ অভিযোগ । নিৰ্মাণৰ দুমাহ সম্পূৰ্ণ নৌহওঁতেই জহি-খহি গৈছে কলগাছিয়াৰ পৰা আমগুৰি হৈ কৰাৰকুৰলৈ যোৱা গড়কাপ্তানী পথটো ৷ যাৰ ফলত এতিয়া যাতায়াতৰ ক্ষেত্ৰত যমৰ যাতনা ভূগিছে স্থানীয় ৰাইজে ৷

Allegations of corruption in road repair work in kalgachia
কলগাছিয়াত গড়কাপ্তানী পথ মেৰামতিৰ কামত ব্যাপক দুৰ্নীতিৰ অভিযোগ
author img

By

Published : Jun 14, 2021, 10:52 AM IST

জনীয়া, 14 জুন : কলগাছিয়াৰ আমগুৰিত গড়কাপ্তানী পথ মেৰামতিৰ কামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ জনীয়া সমষ্টিৰ কলগাছিয়াৰ পৰা আমগুৰি হৈ কৰাৰকুৰলৈ যোৱা গড়কাপ্তানী পথটো মেৰামতি কৰাৰ ক্ষেত্ৰত ঠিকাদাৰ ফজল হকে বিয়াগোম দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ পথচোৱাৰ মেৰামতিৰ নামত 2020/21 বৰ্ষৰ এছডিআৰএফ (SDRF) আঁচনিৰ অধীনত 17 লাখ টকা চৰকাৰে আৱণ্টন দিয়ে ৷ কিন্তু ঠিকাদাৰজনে সামান্য কাম কৰি সিংহভাগ টকা আত্মসাৎ কৰা বুলি ৰাইজে অভিযোগ কৰিছে ।

কলগাছিয়াত গড়কাপ্তানী পথ মেৰামতিৰ কামত ব্যাপক দুৰ্নীতিৰ অভিযোগ

আনহাতে, পথচোৱা মেৰামতিৰ কাম চলি থকা অৱস্থাত ঠিকাদাৰ আৰু বিধায়ক হাফিজ ৰফিকুল ইছলামৰ ঘনিষ্ঠৰ নিৰ্দেশমৰ্মে অতি নিম্নমানেৰে কাম কৰাৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ ৰাইজে ৷ ইফালে মেৰামতিৰ দুমাহ নৌহওঁতেই পথটো জহি-খহি যোৱাত যাতায়াতৰ ক্ষেত্ৰত সৰ্বসাধাৰণ ৰাইজে নৰক যন্ত্ৰণাত ভূগিবলগা হৈছে ।

ৰাইজে অভিযোগ কৰা মতে, ১৭ লাখ টকাৰ কামত ব্যাপক দুৰ্নীতিৰে প্ৰায় ১ লাখ টকাৰ কাম কৰি বাকী টকা ঠিকাদাৰ ফজল হক আৰু বিধায়কৰ একাংশ ঘনিষ্ঠ লোকে আত্মসাৎ কৰে । এতিয়া স্থানীয় ৰাইজে পথচোৱাৰ মেৰামতিৰ নামত সংঘটিত হোৱা দুৰ্নীতিৰ সঠিক তদন্ত কৰিবলৈ সংশ্লিষ্ট বিভাগ তথা বিভাগীয় মন্ত্ৰীক আহ্বান জনায় ৷

লগতে পঢ়ক: SSRক স্মৰণ: মৃত্যু বাৰ্ষিকীত ব্যতিক্ৰমী ছবিৰে শ্ৰদ্ধাঞ্জলি চিৰাঙৰ যুৱকৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.