ETV Bharat / state

Corruption in supervisors appointment: তিতাপানী পঞ্চায়তৰ গ্ৰাম্য সখীৰ বিৰুদ্ধে প্ৰতিবাদ - Allegations of corruption in appointment of gramya Sakhi supervisor

কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত তিতাপানী পঞ্চায়তৰ গ্ৰাম্য সখীৰ বিৰুদ্ধে প্ৰতিবাদ (Protest against gramya sakhi)। মহিলা আত্মসহায়ক গোটৰ ধন আত্মসাৎ কৰাৰ অভিযোগত এই প্ৰতিবাদ সাব্যস্ত কৰে ভোক্তভুগী মহিলাসকলে ৷

corruption-in-appointment-of-supervisors-at-kalgachia-in-barpeta
তিতাপানী পঞ্চায়তৰ গ্ৰাম্য সখীৰ বিৰুদ্ধে প্ৰতিবাদ
author img

By

Published : Jul 22, 2022, 9:25 PM IST

জনিয়া, 22 জুলাই: বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ (Kalgachiya police station) অন্তৰ্গত চেনিমাৰী গাঁৱত শুকুৰবাৰে মহিলা আত্মসহায়ক গোটৰ সদস্যাসকলে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ লগতে গ্ৰাম্য সখী চুপাৰভাইজৰ নিযুক্তি দিয়াৰ ক্ষেত্ৰত অনিয়মৰো অভিযোগ উত্থাপন কৰে মহিলাসকলে (Allegations of corruption in appointment of gramya Sakhi supervisor) ৷

তিতাপানী পঞ্চায়তৰ গ্ৰাম্য সখীৰ বিৰুদ্ধে প্ৰতিবাদ

উল্লেখ্য যে, ৫৩ নং তিতাপানী পঞ্চায়তৰ অন্তৰ্গত মহিলা আত্মসহায়ক গোটৰ একাউণ্ট খুলি দিয়াৰ নামত প্ৰতিগৰাকী সদস্যাৰ পৰা ৫০০ টকাকৈ ধন লোৱাৰ অভিযোগ উত্থাপন কৰে ভোক্তভুগী মহিলাসকলে । আনহাতে ওৰ্ৱাক ছাইড চুপাৰভাইজৰৰ নিযুক্তিৰ দিয়াৰ নামত জীৱিকা সখী অঞ্জোমা খাতুনে বিশ হাজাৰ টকা লৈছে বুলিও ভোক্তভুগী মহিলাই উল্লেখ কৰে ।

ফলত ক্ষোভিত হৈ পৰিছে স্থানীয় মহিলাসকল ৷ সেয়ে শীৰ্ঘ্ৰই জীৱিকা সখী আঞ্জুমা খাতুনৰ বিৰুদ্ধে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক উচিত তদন্ত কৰিবলৈ আহ্বান জনায় প্ৰতিবাদী মহিলাসকলে ৷

লগতে পঢ়ক: Congress Protest: ছোনিয়া গান্ধীক ইডিৰ চমনৰ বিৰুদ্ধে কোকৰাঝাৰত কংগ্ৰেছৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.