জনীয়া, ২৭ মে': নিৰ্মীয়মান এখন পকী দলঙক লৈ জনীয়াত তীব্ৰ উত্তেজনা । ঠিকাদাৰৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতি আৰু অনিয়মৰ অভিযোগ উত্থাপন কৰি ৰাইজে বন্ধ কৰিলে দলং নিৰ্মাণৰ কাম(People stop construction work accusing contractors of corruption) । বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত খাটাৰটাৰী মৰা নদীৰ ওপৰত নিৰ্মাণ কৰি থকা হৈছিল এখন পকী দলং ।
কিন্তু, দলংখনৰ নিৰ্মাণৰ কামত জড়িত ৰঞ্জু নামৰ ঠিকাদাৰজনে ব্যাপক দুৰ্নীতি আৰু অনিয়মেৰে নিম্নমানৰ কাম কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । উল্লেখ্য যে, যোৱা ২৫ মে' তাৰিখে বিভাগীয় অভিযন্তাই নিৰীক্ষণ কৰি যোৱাৰ পিছতেই দলঙৰ ঢালাইৰ কাম কৰাৰ পাছতেই বিভিন্ন অংশত ফাট মেলে । ইফালে, ঠিকাদাৰ ৰঞ্জুয়ে আঁচনি মতে কাম নকৰি ৰড, ৰিং আদিতো ব্যাপক অনিয়মৰ লগতে নিম্নমানৰ সা-সামগ্ৰী ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰি ২৬ মে' তাৰিখে ৰাইজে কাম বন্ধ কৰি দিয়ে ।
সেই সময়তে কামৰ দায়িত্বত থকা কৰ্মচাৰীয়ে কাম পুনৰ আৰম্ভ কৰাত সেই স্থানত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । ইফালে ঢালাই কৰাৰ পিচত ৰদ থাকিলে এনেদৰে ফাট মেলেই বুলি উল্লেখ কৰিলে ঠিকাদাৰৰ কৰ্মচাৰীয়ে । ইয়াৰ বিপৰীতে ঠিকাদাৰে ব্যাপক দুৰ্নীতি আৰু অনিয়মেৰে নিম্নমানৰ কাম কৰা বুলি অভিযোগ কৰি ঠিকাদাৰৰ বিৰুদ্ধে তদন্তৰ দাবী কৰে । এতিয়া বিভাগীয় কৰ্তৃপক্ষই সমগ্ৰ ঘটনা সন্দৰ্ভত কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় ।
লগতে পঢ়ক: সামাজিক মাধ্যমত আলফাক সমৰ্থন কৰি বিপদত লখিমপুৰৰ যুৱক