জনীয়া,৩ জুন: জনীয়াৰ ৩৯১ নং বালিকুৰি ২ নং প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীৰ বিৰুদ্ধে দুৰ্নীতি আৰু বিদ্যালয়ত সময়ত উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপন হৈছে(Corruption charges against head teacher) । কণ কণ ছাত্ৰ ছাত্ৰীৰ ভোকৰ ভাতমুঠিও কাঢ়ি নিয়াৰ অভিযোগ উত্থাপিত হৈছে প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ বিৰুদ্ধে । অভিযোগ অনুসৰি বিদ্যালয় পৰিচালনা সমিতিৰ পৰামৰ্শকো গুৰুত্ব নিদিয়ে প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে ।
প্ৰধান শিক্ষয়িত্ৰী স্বাহাতন নেছাৰ বিৰুদ্ধে উত্থাপিত হৈছে এইসমূহ ভয়ংকৰ অভিযোগ । প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে পলমকৈ বিদ্যালয়ত উপস্থিত হোৱাৰ ওপৰিও সময়তকৈ আগতেই বন্ধ কৰে বিদ্যালয় । ইফালে মধ্যাহ্ন ভোজনৰ খাদ্য সামগ্ৰীও হৰলুকি কৰাৰ অভিযোগ উত্থাপন হৈছে প্ৰধান শিক্ষয়িত্ৰী স্বাহাতন নেছাৰ বিৰুদ্ধে(Head Teacher accused of embezzlement of mid day meal) । অভিযোগ অনুসৰি চাৰিজন ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে এটাকৈ কণী বিতৰণ কৰে স্বাহাতন নেছাই ।
বৰপেটা জিলাৰ মন্দিয়া প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত বিদ্যালয়খনত চলি থকা এই অৰাজকতাৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে অভিভাৱক তথা স্থানীয় ৰাইজ । সংবাদ মাধ্যমৰ জৰিয়তে তেওঁলোকে প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ বিৰুদ্ধে উত্থাপন কৰে কেতবোৰ অভিযোগ । ইফালে সংবাদ মাধ্যমৰ লোক বিদ্যালয়খনত উপস্থিত হোৱাৰ খবৰ পোৱা মাত্ৰকে পলাই পত্ৰং দিয়ে প্ৰধান শিক্ষয়িত্ৰী স্বাহাতন নেছাই ।
সঘনাই নিজ কৰ্তব্যত গাফিলতি কৰা, কণ কণ ছাত্ৰ-ছাত্ৰীক প্ৰাপ্য়ৰ পৰা বঞ্চিত কৰি ভৱিষ্যত অন্ধকাৰলৈ ঠেলি দিয়া শিক্ষয়িত্ৰীগৰাকীয়ে দীৰ্ঘদিনে এনে দুৰ্নীতিত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে । লগতে ছাত্ৰ-ছাত্ৰীক বেংকৰ একাউণ্ট খুলি দিয়াৰ নামতো ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে । দুৰ্নীতিৰ বোকাৰে লুটুৰি-পুটুৰি হোৱাৰ অভিযোগ তুলি শিক্ষয়িত্ৰীগৰাকীৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে অঞ্চলটোৰ সচেতন ৰাইজে সংবাদ মাধ্যমৰ জৰিয়তে অসম চৰকাৰৰ লগতে শিক্ষামন্ত্ৰীলৈ কাতৰ আহ্বান জনায় ।
লগতে পঢ়ক: Guwahati suicide case: নৰ্থ ইষ্ট কেঞ্চাৰ হাস্পতালত ৰোগীৰ আত্মহত্যা