ETV Bharat / state

দেউকুৰা ছোৱালী প্ৰাথমিক বিদ্যালয়ৰ পানীৰ টেংকী অবৈধভাৱে বিক্ৰী - Allegations against Dewkura girls L P school staff

গুণোৎসৱ চলি (Gunutsav 2022) থকাৰ মাজতে বৰপেটাৰ এখন বিদ্যালয়ত সংঘটিত হৈছে এক অপ্ৰীতিকৰ পৰিস্থিতি ৷ স্থানীয় ৰাইজৰ অভিযোগ মৰ্মে, প্ৰধান শিক্ষক আৰু পৰিচালনা সমিতিয়ে বিদ্যালয়খনৰ পানীৰ টেংকীটো অবৈধভাৱে বিক্ৰী কৰে ৷

allegations against 583.Dewkura girls L.P school staff in Barpeta
৫৮৩ নং দেউকুৰা ছোৱালী প্ৰাথমিক বিদ্যালয়ৰ পানীৰ টেংকী অবৈধভাৱে বিক্ৰী
author img

By

Published : Jun 1, 2022, 12:44 PM IST

জনিয়া, 1 জুন: ৰাজ্যৰ বিদ্যালয়সমূহত গুণোৎসৱ চলি থকাৰ (Gunutsav 2022) মাজতে বৰপেটা জিলাৰ ৰূপসী শিক্ষাখণ্ডৰ অন্তৰ্গত এখন বিদ্যালয়ত সংঘটিত হৈছে এক অপ্ৰীতিকৰ পৰিস্থিতি ৷ অভিযোগ অনুসৰি, বৰপেটা জিলাৰ ৰূপসী শিক্ষাখণ্ডৰ অন্তৰ্গত 583 নং দেউকুৰা ছোৱালী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু পৰিচালনা সমিতিয়ে শিক্ষানুষ্ঠানখনৰ পানীৰ টেংকীটো অবৈধভাৱে বিক্ৰী কৰে ৷

এই ঘটনা জানিব পাৰি সোমবাৰে দেউকুৰা গাঁওৰ স্থানীয় ৰাইজে পানীৰ টেংকী বিক্ৰী কৰা সন্দৰ্ভত ৰূপসী শিক্ষাখণ্ডৰ শিক্ষা বিষয়া প্ৰদীপ কুমাৰ দাসক এক লিখিত অভিযোগ দাখিল কৰে (Allegations against Dewkura girls L P school staff) । লগে লগে শিক্ষা বিষয়া প্ৰদীপ কুমাৰ দাসে বিদ্যালয়খনত উপস্থিত হৈ বিভাগীয় কোনো অনুমতি নোহোৱাকৈ প্ৰধান শিক্ষক যদুৰাম নাথে পানীৰ টেংকী বিক্ৰী কৰা বুলি জানিব পাৰে ৷

৫৮৩ নং দেউকুৰা ছোৱালী প্ৰাথমিক বিদ্যালয়ৰ পানীৰ টেংকী অবৈধভাৱে বিক্ৰী

শিক্ষা বিষয়াগৰাকীয়ে কোনো ধৰণৰ প্ৰস্তাৱ নোলোৱাকৈ পানীৰ টেংকী বিক্ৰী কৰা বুলি সংবাদমাধ্যমৰ আগত মন্তব্য কৰে । গতিকে, এই সম্পৰ্কে প্ৰতিবেদন বনাই বিভাগীয় উৰ্ধতম কৰ্তৃপক্ষক দাখিল কৰিব বুলি জানিবলৈ দিয়ে শিক্ষাবিষয়াগৰাকীয়ে ।

ইফালে প্ৰধান শিক্ষক যধুৰাম নাথ আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি কুৰবান আলীয়ে পানীৰ টেংকিটো 5000 টকাত বিক্ৰী কৰাৰ কথা নিজ মুখে স্বীকাৰ কৰে । বিদ্যালয়খনৰ এনে কৰ্মকাণ্ডৰ প্ৰতি লক্ষ্য ৰাখি স্থানীয় ৰাইজে এই ঘটনাৰ তদন্ত কৰিবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক : KK singer death:কে কেৰ মৃত্যুত বলীউডত শোকৰ বন্যা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.