ETV Bharat / state

Kalgachia kidneping case : দুই শিশুৱে ৰচিছিল অপহৰণৰ নাটক ! - Two kidnapped children rescued in Manikpur

কলগাছিয়াৰ খেল্লী গাঁৱৰ অপহৰণ হোৱা দুই শিশু বঙাইগাঁও জিলাৰ মানিকপুৰৰ পৰা উদ্ধাৰ । দুয়োটি শিশুৱে অপহৰণ হোৱা বুলি নিজে পৰিয়ালৰ লোকক ফোনযোগে ভাবুকি দিছিল আৰু ১০ হেজাৰ টকা দাবী কৰিছিল(New facts about child kidneping in Kalgachia) । দুয়োকে মানিকপুৰ আৰক্ষীৰ সহযোগত কলগাছিয়া আৰক্ষীয়ে উদ্ধাৰ কৰে । ঘটনাক কেন্দ্ৰ কৰি সমগ্র অঞ্চলজুৰি বিৰাজ কৰিছে তীব্ৰ চাঞ্চল্য।

New facts about child kidneping in Kalgachia
দুই শিশুৱে ৰচিছিল অপহৰণৰ নাটক
author img

By

Published : May 9, 2023, 2:11 PM IST

অপহৰণ হোৱা দুই শিশু বঙাইগাঁও জিলাৰ মানিকপুৰৰ পৰা উদ্ধাৰ ।

কলগাছিয়া,৯ মে': বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত খেল্লী গাঁৱত দেওবাৰে পুৱাৰভাগত দুটিকৈ শিশু নিৰুদ্দেশ হৈছিল । শিশুদুটিক মাণিকপুৰ এৰি থৈ যাব বুলি মেছেজযোগে জনাইছিল (Two kidnapped children rescued in Manikpur) । লগতে এই সন্দৰ্ভত যাতে কাকোৱেই অৱগত নকৰে তাৰো হুমকি প্ৰদান কৰিছিল । জানিব পৰা মতে সোমবাৰে দুপৰীয়াৰভাগত মাণিকপুৰ তিনিআলিৰ ৰাষ্ট্ৰীয় ঘাইপথত শিশু দুটিক পেলাই থৈ যায় অপহৰণকাৰীয়ে ।

ইয়াৰ পাচতে পোহৰলৈ আহিল এক চাঞ্চল্যকৰ তথ্য(New facts about child kidneping in Kalgachia) । জানিব পৰা মতে দেওবাৰে পুৱাৰ ভাগত অপহৰণৰ নাটক ৰচিছিল দুই শিশুৱে । অপহৰণৰ নাটক ৰচি শিশু দুটিয়ে নিজৰ লগত থকা ম’বাইল ফোনেৰে অভিভাৱকক কৰিছিল ধন দাবী । কলগাছিয়া আৰক্ষীৰ তদন্তৰ পিচত ওলাই পৰিল প্ৰকৃত ৰহস্য । শিশু দুটিয়ে মিলি ধন দাবীৰ মেছেজ প্ৰেৰণ কৰিছিল আত্মীয়ৰ ম’বাইল ফোনত । কিন্তু আত্মীয়ই এই মেছেজ চোৱাত পৰিয়ালৰ মাজত এক হোৱা হাঁহাকাৰ পৰিৱেশৰ সৃষ্টি হয় । পিছ মুহুৰ্তত সম্পূৰ্ণ ঘটনা কলগাছিয়া আৰক্ষীক অৱগত কৰে দুই শিশুৰ পৰিয়ালৰ লোকে(Kalgachia kidneping case) ।

পিচে আৰক্ষীৰ তদন্তত শিশুদ্বয়ক মানিকপুৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা উদ্ধাৰ কৰি কলগাছিয়া আৰক্ষী থানালৈ লৈ আহে । ইতিমধ্যে কলগাছিয়া আৰক্ষীৰ সন্মুখত শিশুদ্বয়ে অপহণৰ নাটক কৰা বুলি স্বীকাৰোক্তি দিয়ে আৰু তেওঁলোকৰ পিতৃ-মাতৃৰ ওচৰত নিজে নিজেই অপহৰণ কাৰাৰ নাটক ৰচি আৰু ধনদাবী কৰা বুলি আৰক্ষীক জানিবলৈ দিয়ে ।

অৱশেষত কলগাছিয়া আৰক্ষীয়ে তদন্ত সামৰি পৰিয়ালক চমজাই দিয়ে শিশুদ্বয়ক । এতিয়া প্ৰশ্ন উত্থাপিত হৈছে কোনদিশে গতি কৰিছে এইখন সমাজ । কোনে নিয়ন্ত্ৰণ কৰিব এওঁলোকক । চতুৰ্থ আৰু সপ্তম শ্ৰেণীত ছাত্ৰই যদি এনে কাণ্ড সংগঠিত কৰিব পাৰে, তেন্তে এওঁলোকৰ ভৱিষ্যত কি ? সেয়া এক লাখ টকীয়া প্ৰশ্ন ।

লগতে পঢ়ক: Fire at Mariani : মৰিয়নীৰ ভয়াৱহ অগ্নিকাণ্ডত ভস্মীভূত হ’ল ধাবা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.