ETV Bharat / state

Arunodoi Scheme Form: মুছলমান সম্প্ৰদায়ৰ মহিলাক অৰুণোদয় আঁচনিৰ প্ৰ পত্ৰ নিদিয়াৰ অভিযোগ

author img

By

Published : Dec 23, 2022, 1:41 PM IST

ৰাজ্যত নতুনকৈ 60 লাখ হিতাধিকাৰীক অৰুণদোয় আঁচনিত অন্তৰ্ভুক্ত কৰাৰ কথা চৰকাৰে ঘোষণা কৰাৰ পিছতেই নাম অন্তৰ্ভুক্ত কৰিবলৈ হেতা উপৰা লগাইছে মহিলাসকলে ৷ কিন্তু ইয়াৰ মাজতে মুছলমান মহিলাসকলক এই অৰুণোদয় আঁচনিৰ প্ৰ-পত্ৰ নিদিয়াৰ অভিযোগ উত্থাপন হৈছে (Muslim woman accused not giving Arunodoi Scheme)৷

Muslim woman accused of not giving  Arunodoi Scheme form
মুছলমান মহিলাক অৰুণোদয় আঁচনিৰ প্ৰ পত্ৰ নিদিয়াৰ অভিযোগ

বৰপেটাৰোড, 23 ডিচেম্বৰ:"আমি যেতিয়াই অৰুণোদয় আঁচনিৰ ফৰ্ম বিচাৰি যাঁও তেতিয়াই আমাক ঠেলি ঠেলি আঁতৰাই দিয়ে ৷ আমাৰ মুখৰ আগত দৰ্জা বন্ধ কৰি দিয়ে ৷ আমাক মিঞা মিঞা বুলি কয় ৷ মিঞা মানুহে খাইছে বুলি ভিতৰৰ পৰা মন্তব্য প্ৰকাশ কৰে ৷ মই মহিলাৰ শাৰীলৈ সোমালেই মোক পিছলৈ ঠেলি ঠেলি দিয়ে ৷ হিন্দু মানুহলৈ ফৰ্ম আছে, কিন্তু মুছলমান লোকলৈ ফৰ্ম নাই ৷ আমি কেইবাদিনো ধৰি আহি থকাৰ পিছতো আমাক ফৰ্ম দিয়া নাই ৷" অৰুণোদয় আঁচনিত নাম অন্তৰ্ভুক্ত (Arunodoi Scheme Form) কৰিবলৈ গৈ স্থানীয় মুছলমান সম্প্ৰদায়ৰ মহিলাই এই মন্তব্য প্ৰকাশ কৰে ৷

ৰাজ্যত নতুনকৈ 60 লাখ হিতাধিকাৰীক অৰুণদোয় আঁচনিত অন্তৰ্ভুক্ত কৰাৰ কথা চৰকাৰে ঘোষণা কৰাৰ পিছতেই নাম অন্তৰ্ভুক্ত কৰিবলৈ হেতা উপৰা লগাইছে মহিলাসকলে ৷ যোৱা তিনিদিন ধৰি অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ বিচাৰি সৰভোগৰ পুঠিমাৰী পঞ্চায়তৰ অন্তৰ্গত মহিলাসকলে হাতে হাতে পান কাৰ্ড আৰু আধাৰ কাৰ্ড লৈ পঞ্চায়ত কাৰ্যালয়ত পুৱা 5 বজাৰ পৰাই লাইন পাতিবলৈ আৰম্ভ কৰিছে ৷

কিন্তু ইয়াৰ পিছতো মহিলাসকলে লাভ নকৰে প্ৰ-পত্ৰ ৷ বৃহস্পতিবাৰে অৰুণোদয় আঁচনিৰ প্ৰ-পত্ৰ দিয়াৰ নামত পঞ্চায়ত সচিব দুৰ্গা বড়োৰ বিৰুদ্ধে পুঠিমাৰী পঞ্চায়তৰ মহিলাসকলক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰিছে পঞ্চায়তটোৰ মহিলাসকলে ৷

পঞ্চায়ত সচিব দুৰ্গা বড়োৱে (Panchayat Secretary Durga Boro) এই সন্দৰ্ভত কয় যে, "ইয়াৰ মানুহসকল অভাৱী ৷ সেইবাবে খোৱা বস্তু দেখিলে ভোকাতুৰ মানুহৰ দৰে তেওঁলোকে সময়তকৈ সোনকালে আহি পায়হি ৷ মোৰ ফৰ্মটো নাপাম বুলি ভাবি সকলোৱে হেতা উপৰা লাগিছেহি ৷ আমি যিমানখিনি পাৰো ফৰ্মখিনি দিবলৈ চেষ্টা কৰিছো ৷ মোৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগ ভিত্তিহীন ৷"

ইফালে স্থানীয় মহিলাসকলে কয় যে বিধবা মহিলাক প্ৰ-পত্ৰ দিয়াৰ পিছতে বিশেষভাৱে সক্ষম মহিলাক প্ৰ-পত্ৰ দিয়া হ’ব বুলি আমাক কোৱা হৈছিল ৷ কিন্তু আমাক কথা দিয়া অনুসৰি কোনো প্ৰ-পত্ৰ লাভ নকৰিলো ৷

ইফালে মুছলমান সম্প্ৰদায়ৰ মহিলাসকলক দেখি পঞ্চায়ত সচিব দুৰ্গা বড়োই কাৰ্যালয়ৰ দুৱাৰ বন্ধ কৰি দিয়া বুলিও অভিযোগ উত্থাপন হৈছে (Muslim woman accused not giving Arunodoi Scheme) ৷ ফলত ক্ষোভিত হৈ পৰিছে সৰভোগৰ পুঠিমাৰী পঞ্চায়তৰ মহিলাসকল ৷

লগতে পঢ়ক: Eviction at Batadrava: চৰকাৰৰ নিৰ্মমতাৰ বিৰুদ্ধে আন্দোলনত নমাৰ হুংকাৰ আমছুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.