ETV Bharat / state

Road Construction : বৰপেটাত পথ নিৰ্মাণৰ দুৰ্নীতিত লিপ্ত মহকুমা বিষয়া ! - ALLEGATION OF CORRUPTION IN ROAD CONSTRUCTION

বৰপেটাৰ চেঙাত পথ নিৰ্মাণত দুৰ্নীতি(Corruption in Road Construction) সংঘটিত হোৱাৰ অভিযোগ উত্থাপন স্থানীয় ৰাইজৰ ৷ ঠিকাদাৰ আৰু চেঙা মহকুমা কাৰ্যালয়ৰ মহকুমা বিষয়াই মিলি এই অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে চেঙাবাসী ৰাইজে ৷

allegation-of-corruption-in-road-construction-at-chenga
চেঙাত পথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ
author img

By

Published : Nov 22, 2021, 6:44 PM IST

বৰপেটা, 22 নৱেম্বৰ : বৰপেটা লোক নিৰ্মাণ বিভাগ(Barpeta PWD Department)ৰ অধীনত নিৰ্মাণ হোৱা পথত দুৰ্নীতি(Corruption in Road Construction) সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ সংশ্লিষ্ট ঠিকাদাৰে পথ নিৰ্মাণৰ নামত ব্যাপক অনিয়ম সংঘটিত কৰি লুণ্ঠন চলাই থকাৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে ।

অভিযোগ অনুসৰি, বৰপেটাৰ ব্যাসকুছিৰ পৰা চেঙালৈ নিৰ্মাণ হৈ থকা এটি পথ নিৰ্মাণত ব্যাপক অনিয়ম সংঘটিত হৈছে ৷ এই দুৰ্নীতিৰ বিৰুদ্ধে সৰৱ হৈ দেওবাৰে বৰপেটাৰ ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে ৷ ঠিকাদাৰ আৰু চেঙা মহকুমা কাৰ্যালয়ৰ মহকুমা বিষয়া জাকিৰ হুছেইনে মিলি পথ নিৰ্মাণত দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ তুলিছে ৰাইজে ৷

চেঙাত পথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ

প্ৰতিবাদযোগে ৰাইজে প্ৰাককলন অনুসৰি পথ নিৰ্মাণৰ কাম কৰিবলৈ সংশ্লিষ্ট বিষয়াক দাবী জনাইছে ৷ ইয়াৰ পাচতে নিম্নমানদণ্ডৰ কাম সম্পন্ন হোৱাৰ কথা স্বীকাৰ কৰে মহকুমা বিষয়া জাকিৰ হুছেইনে ৷

উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(CM Himanta Biswa Sarma)ই দুৰ্নীতিৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিলেও বৰ্তমানেও নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হৈছে একাংশ ঠিকাদাৰক । লোক নিৰ্মাণ বিভাগৰ একাংশ ঠিকাদাৰৰ মইমতালিৰে চলি আছে ৰাজ্যৰ বিভাগটোৰ কিছুসংখ্যক বিষয়া-অভিযন্তা । বিষয়া-অভিযন্তাৰ মুখ বন্ধ কৰি নিৰ্মাণৰ নামত আঁচনিৰ ধন আত্মসাৎ কৰি আছে একাংশ ঠিকাদাৰে ৷

লগতে পঢ়ক : Road Construction : পথ নিৰ্মাণৰ পিছদিনাই এৰালে ব্লেক টপিং

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.