ETV Bharat / state

ব্যক্তিগত শত্ৰুতা: ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন একাংশ ভোটাৰৰ - Barpeta election officer

জীৱিত ব্যক্তিক মৃত সজাই ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছে নাম ৷ ভুৱাকৈ স্থানান্তৰিত হোৱা বুলি দেখুৱাইও ভোটাৰ তালিকাৰ পৰা বহুতৰে নাম কৰ্তন কৰাৰ অভিযোগ উত্থাপিত হৈছে বৰপেটাত(Deletion of voters name from voter list in Barpeta) ৷ এই কথা স্বীকাৰ কৰিছে খোদ নিৰ্বাচনী বিষয়াই ৷

Deletion of voters name from voter list in Barpeta
ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন একাংশ ভোটাৰৰ
author img

By

Published : May 14, 2022, 4:34 PM IST

বৰপেটা, ১৪ মে’: নিৰ্বাচনৰ কামত জড়িত BLO সকলৰ পৰা আপুনি সাৱধান হ’ব ৷ যদিহে আপুনি ভোটাৰ তেন্তে BLO সকলে বেয়া পোৱা কোনো কামেই আপুনি নকৰিব ৷ অন্যথা জীৱিত থাকিও আপুনি চৰকাৰীভাৱে হ’ব পাৰে মৃত ৷ ভোটাৰ তালিকাৰ পৰা কৰ্তন হ’ব পাৰে আপোনাৰ নাম ৷ ভোটাৰ তালিকাত নাম অন্তৰ্ভূক্তি, শুধৰণি অথবা ভোটাৰ তালিকাৰ নাম এঠাইৰ পৰা আন ঠাইলৈ সলনি কৰাৰ ক্ষেত্ৰত মূলতঃ সমষ্টি ভিত্তিত BLO সকলেই সেৱা আগবঢ়ায় ৷

ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন একাংশ ভোটাৰৰ

প্ৰধানতঃ শিক্ষকসকলৰ ওপৰতে ওপৰঞ্চিভাৱে BLO ৰ দায়িত্ব ন্যস্ত কৰে প্ৰশাসনে ৷ পিছে আশ্বৰ্যজনকভাৱে এইবাৰ BLO ৰ বিৰুদ্ধে ধন দাবীকে ধৰি শত্ৰতামূলকভাৱে ভোটাৰ তালিকাৰ পৰাই নাম কৰ্তনৰ অভিযোগ উত্থাপিত হৈছে (Deletion of voters name from voter list in Barpeta)৷ BLO সকলৰ বিৰুদ্ধে খোদ বৰপেটাৰ নিৰ্বাচনী বিষয়া ময়ুৰাক্ষী দত্তই(Barpeta election officer) আনিছে গুৰুতৰ অভিযোগ ৷ বহু BLOই ভোটাৰ তালিকাত নাম অন্তৰ্ভূক্তিৰ বাবে ধনদাবীৰ লগতে আশ্ৰয় লৈছে চৰম অপৰাধৰ ৷ নিৰ্বাচনী বিষয়াই জনোৱামতে ব্যক্তিগত শত্ৰুতাৰ বাবেই ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিছে একাংশ ভোটাৰৰ ৷

জীৱিত ভোটাৰক মৃত অথবা স্থান সলনিৰ ভুৱা তথ্যৰে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা হৈছে বহু জীৱিত ব্যক্তিৰ ৷ এনে অভিযোগৰ পাছতে অভিযুক্ত BLO সকলৰ বিৰুদ্ধে তদন্ত কৰি তথ্য প্ৰমান যুগুত কৰিছে প্ৰশাসনে ৷ প্ৰশাসনে অভিযুক্তসকলৰ ওপৰত ব্যৱস্থা গ্ৰহন কৰিব বুলি জানিবলৈ দিছে নিৰ্বাচনী বিষয়া ময়ুৰাক্ষী দত্তই ৷

লগতে পঢ়ক: মাছ হিষ্টেৰীয়াত আক্ৰান্ত বৰপেটাৰ দুখনকৈ বিদ্যালয়ৰ শিক্ষাৰ্থী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.