ETV Bharat / state

আগন্তুক ৫ বছৰত অসমৰ ৰাজনীতি নিয়ন্ত্ৰণ কৰিব কেওটসকলে

author img

By

Published : Dec 5, 2020, 3:58 PM IST

বৰপেটাত সদৌ অসম কেওট জাতীয় পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক আৰু বৰপেটা জিলা সমিতিৰ প্ৰথম বাৰ্ষিক অধিবেশন ৷ ৰাজ্যখনত বসবাস কৰা ৮০ লাখ কেওট সম্প্ৰদায়ৰ লোকে আগন্তুক ৫ বছৰত অসমৰ ৰাজনীতি নিয়ন্ত্ৰণ কৰিব বুলিও সদৌ অসম কেওট জাতীয় পৰিষদৰ সভাপতি পুলক চন্দ্ৰ শইকীয়াই উল্লেখ কৰে ৷

all-assam-keot-jatiya-parishad-adhibeshan-at-barpeta
আগন্তুক ৫ বছৰত অসমৰ ৰাজনীতি নিয়ন্ত্ৰণ কৰিব কেওটসকলে

বৰপেটা,5 ডিচেম্বৰঃ আজিৰে পৰা বৰপেটাত আৰম্ভ হৈছে সদৌ অসম কেওট জাতীয় পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক আৰু বৰপেটা জিলা সমিতিৰ প্ৰথম বাৰ্ষিক অধিবেশন ৷ বৰপেটা জিলা পুথিভড়ালত আৰম্ভ হোৱা কাৰ্যনিৰ্বাহক সভা আৰু বৰপেটা জিলা সমিতিৰ প্ৰথম বাৰ্ষিক অধিবেশনত অংশ লোৱাৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কাৰ্যনিৰ্বাহক সদস্য আৰু বিষয়ববীয়াসকল বৰপেটাত আহি উপস্থিত হৈছে ৷

আনহাতে জিলা সমিতিৰ অধিবেশন উপলক্ষে সমবেত হৈছে জিলাখনৰ প্ৰতিনিধি সকল ৷ ৰাজ্যখনত বসবাস কৰি থকা ৮০ লক্ষ্য কেওট সম্প্ৰদায়ৰ লোকক সংগঠিত কৰি ২০১৭ চনত নদীদ্বীপ মাজুলীত গঠন কৰা হৈছিল সদৌ অসম কেওট জাতীয় পৰিষদ ৷ ৰাজ্যখনৰ কেওটসকলক অনুসূচীত জাতি হিচাপে স্বীকৃতিৰ দাবীত জন্মগ্ৰহণ কৰা কেওট জাতীয় পৰিষদে ইতিমধ্যে এই দাবীৰ সমৰ্থনত ৰাজ্য চৰকাৰক স্মাৰকপত্ৰ প্ৰদান কৰি আহিছে ৷

একেদৰে কেওটসকলক ভাগ ভাগ কৰি জালোৱা কেওটসকলক অনুসূচীত জাতি হিচাপে স্বীকৃতি প্ৰদানৰ লগতে হালোৱা কেওটসকলক উক্ত সুবিধাৰ পৰা বঞ্চিত কৰি অহা হৈছে বুলিও ক্ষোভ ব্যক্ত কৰিছে সদৌ অসম কেওট জাতীয় পৰিষদৰ সভাপতি পুলক চন্দ্ৰ শইকীয়াই ৷ আনহাতে ৰাজ্যখনত বসবাস কৰা ৮০ লাখ কেওট সম্প্ৰদায়ৰ লোকে আগন্তুক ৫ বছৰত অসমৰ ৰাজনীতি নিয়ন্ত্ৰণ কৰিব বুলিও সদৌ অসম কেওট জাতীয় পৰিষদৰ সভাপতি পুলক চন্দ্ৰ শইকীয়াই জানিবলৈ দিয়ে ৷

লগতে পঢ়কঃ 1.6 বিলিয়ন পালিৰে ভাৰত বিশ্বৰ ভিতৰত সৰ্বাধিক কৰ‘ণা ভেকচিন ক্ৰয় কৰা দেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.