ETV Bharat / state

গোপনে ৰখা এন আৰ চিৰ ARN নম্বৰ অভিযোগকাৰীয়ে কি দৰে পাবলৈ সক্ষম হ'লঃ দীপক দে - Supreme Court

বৰপেটাৰোডৰ মৰা মানাহৰ পাৰত মঙলবাৰে দিনৰ এঘাৰ বজাৰ পৰা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ শালবাৰী জিলা সমিতিয়ে ৷

প্ৰতিবাদী কাৰ্যসূচী_সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেচন
author img

By

Published : May 21, 2019, 7:45 PM IST

Updated : May 21, 2019, 7:54 PM IST

বৰপেটাৰোড, 21 মেঃ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ নামত ৰাজ্যত ভয়াৱহ দুৰ্নীতি সংঘটিত হৈছে নেকি ? শুদ্ধ তথা নিখুট এন আৰ চি প্ৰক্ৰিয়াৰ মডেলিটি ভংগ হোৱাৰ অভিযোগ উত্থাপন কৰি এইদৰে প্ৰশ্ন উত্থাপন কৰিছে সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেচনে ৷ প্ৰকৃত ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰি অবৈধভাৱে দাখিল কৰা হৈছে আপত্তি ৷ কিন্তু গোপনে ৰখা এন আৰ চিৰ ARN নম্বৰ অভিযোগকাৰীয়ে কিদৰে পাবলৈ সক্ষম হৈছে সেয়া এতিয়াও ৰহস্যৰ আঁৰত ৷ এই কাণ্ডৰ সৈতে এন আৰ চিৰ কামত ব্যস্ত থকা একাংশ ধুৰন্ধৰ বিষয়া কৰ্মচাৰীয়ে জড়িত হৈ থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ফেডাৰেশ্বনৰ কেন্দ্ৰীয় সভাপতি দীপক দেই ৷

প্ৰতিবাদী কাৰ্যসূচী_সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেচন

এন আৰ চিৰ নামত ৰাজ্যত একাংশ ধুৰন্ধৰ প্ৰকৃতিৰ লোকে এই কাৰ্যত বাধা প্ৰদান কৰিবলৈ যথে মধে আপত্তি দাখিল কৰিছে ৷ সম্প্ৰতি শুনানি চলি থকা সমগ্ৰ আপত্তি প্ৰক্ৰিয়াক লৈ সন্দেহ প্ৰকাশ কৰে সংগঠনটোৱে ৷ নাগৰিকত্ব আইন 1955 চনৰ 17 নম্বৰ ধাৰাত স্পষ্টকৈ উল্লেখ থকা কোনো প্ৰকৃত ভাৰতীয় নাগৰিকৰ বিৰুদ্ধে অভিযোগ দিলে ৫ বছৰৰ জেল আৰু ৫০ হাজাৰ টকা জৰিমনাৰ নিৰ্দেশ আছে ৷ কিন্তু অসমৰ ক্ষেত্ৰত এই আইন অমান্য কৰা হৈছে আৰু লক্ষণীয়ভাৱে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এইসকল লোকক সুৰক্ষা দিয়াৰ কথা উল্লেখ কৰিছে ৷ ৰাজ্যৰ এগৰাকী মুখ্যমন্ত্ৰীয়ে অপৰাধীক ৰক্ষণাবেক্ষণৰ কথা ৰাজহুৱাভাৱে ঘোষণা কৰা কথাটোৱে সমগ্ৰ বিষয়টোৰ ৰহস্য ভেদ কৰিছে ৷ সংগঠনটোৱে দাবী কৰা অনুসৰি, এন আৰ চিৰ নামত প্ৰকৃত ভাৰতীয়ক হাৰাশাস্তি কৰিলে ভৱিষ্যতে কঠোৰ আন্দোলন গঢ়ি তুলিব ৷

Intro:প্ৰকৃত ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰিলে চৰকাৰ তথা প্ৰশাসনক কেয়াৰ নকৰে বুলি উল্লেখ কৰি ইয়াৰ বিৰুদ্ধে কঠোৰ আন্দোলন গঢ়ি তোলাৰো হুংকাৰ ফেডাৰেচনৰ কেন্দ্ৰীয় সভাপতি দীপক দেৰ ৷
Body:ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী চমুকৈ NRCত যধে মধে অবৈধ ভাৱে আপত্তি দাখিলকৰা লোকৰ বিৰুদ্ধে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনে মঙ্গলবাৰে বৰপেটাৰোডত দু ঘন্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে ৷ সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ শালবাৰী জিলা সমিতিৰ উদ্যোগত দিনৰ এঘাৰ বজাৰ পৰা এক বজালৈ বৰপেটাৰোডৰ মৰা মানাহৰ কাষত পালন কৰা এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ অৱস্থান ধৰ্মঘট কাৰ্যসূচীত বাঙালী ঐক্য জিন্দাবাদ , হিন্দু সকলক অত্যাচাৰ বন্ধ কৰক, বৰ্ডাৰ পুলিচ গ বেক , বাঙালীক অত্যাচাৰ নচলিব আদি শ্লোগানেৰে উত্তাল কৰি তোলে বৰপেটাৰোড চহৰ ৷
অৱস্থান ধৰ্মঘট কাৰ্যসূচীত সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কেন্দ্ৰীয় সভাপতি দীপক দে’ই এন আৰ চি প্ৰক্ৰিয়াত প্ৰকৃত ভাৰতীয় নাগৰিকৰ ওপৰত ভুৱা আপত্তিকাৰী সকলে যধে মধে আপত্তি দাখিল কৰা ঘটনাত গভীৰ উদ্বেগ প্ৰকাশ কৰি কয় এন আৰ চিৰ মডেলিটিক অৱমাননা কৰি ভুৱা আপত্তিৰ ভিত্তিত সম্প্ৰতি হিয়াৰিং প্ৰক্ৰিয়া চলি থকাত দুখ প্ৰকাশ কৰে ৷
গোপন ৰখা এন আৰ চিৰ ARN নম্বৰ অভিযোগকাৰীয়ে কি দৰে পাবলৈ সক্ষম হৈছে বুলি প্ৰশ্ন উত্থাপন কৰি কেন্দ্ৰীয় সভাপতি দীপক দেই কয়
বাঙালী বিদ্বেষী এন আৰ চিৰ লগত জৰিত বিষয়া কৰ্মচাৰীয়ে এই নিকৃষ্ট কাণ্ডত জৰিত হৈ থকা বুলি অভিযোগ কৰে ৷ Citizenship Act 1955 চনৰ 17 নম্বৰ ধাৰাত স্পষ্টকৈ উল্লেখ থকা কোনো প্ৰকৃত ভাৰতীয় নাগৰিকৰ বিৰুদ্ধে অভিযোগ দিলে ৫ বছৰৰ জেল আৰু ৫০ হাজাৰ টকা জৰিমনাৰ নিৰ্দেশ আছে ৷ কিন্তু অতি আশ্চৰ্যকৰ কথা অসম ভাৰতবৰ্ষৰ এখন অংগৰাজ্য হোৱা স্বত্বেও অসমত এই আইন প্ৰৱৰ্তন নোহোৱাত অসমখন ভাৰতৰ বাহিৰৰ ৰাজ্য নেকি বুলিও আক্ষেপেৰে প্ৰশ্ন কৰে দীপক দেই ৷
এন আৰ চিত ভুৱা আপত্তিকাৰীক সুৰক্ষা দিয়া হব বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কোৱা ফেডাৰেচনৰ কেন্দ্ৰীয় সভাপতি দীপক দে’ই মুখ্যমন্ত্ৰী সোণোৱালক কয় আপুনি কেৱল আপত্তিকাৰীৰ মুখ্যমন্ত্ৰী নহয় আপত্তি দাখিল কৰা দুখীয়া লোক সকলৰো আপুনি মুখ্যমন্ত্ৰী ৷ এন আৰ চি প্ৰক্ৰিয়াত ভাৰতৰ সংবিধান ৰক্ষা হোৱা নাই বুলিও অভিযোগ তুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰীৰ চিঞাৰৰ মৰ্যাদা ৰক্ষা কৰাৰ বাবেও আহ্বান জনায় ৷ প্ৰকৃত ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰাৰ বিৰুদ্ধে মানৱতাৰ খাতিৰত অসমৰ প্ৰতিটো দল সংগঠন আৰু বুদ্বিজীৱিক ৰাজপথলৈ ওলাই আহিবলৈ দীপক দেই আহ্বান জনায় ৷ Conclusion:প্ৰকৃত ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰিলে চৰকাৰ তথা প্ৰশাসনক কেয়াৰ নকৰে বুলি উল্লেখ কৰি ইয়াৰ বিৰুদ্ধে কঠোৰ আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে ফেডাৰেচনৰ কেন্দ্ৰীয় সভাপতি দীপক দেই ৷
তেও আৰু কয় অসমৰ বিভিন্ন ভাষাভাষী মানুহৰ মাজত আক্ৰোশ আৰম্ভ হৈছে৷ অসমত ভয়ানক দিন আহি আছে ৷ অসমত যি ভয়ানক দিন আহি আছে সেই ভয়ানক দিনটোৰ পৰা চৰকাৰ বা প্ৰশাসনে ৰক্ষা কৰিব নোৱাৰিব বুলিও সকীয়াই দিয়ে ফেডাৰেচনৰ কেন্দ্ৰীয় সভাপতিয়ে ৷
এন আৰ চি প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পূৰ্বে উপ সমিতি বনোৱা হৈছিল আৰু সেই উপ সমিতিত সিদ্ধান্ত লোৱা হৈছিল ডি এন এ টেষ্টৰ কথা ৷ কেন্দ্ৰীয় চৰকাৰলৈ এটি প্ৰস্তাৱো প্ৰেৰণ কৰা হৈছিল প্ৰয়োজনত ডি এন এ টেষ্ট কৰোৱা হব বুলি ৷ সেয়ে এন আৰ চিত ডি এন এ টেষ্টৰ পোষকতা কৰে দীপক দেই ৷
এন আৰ চিত ভুৱা আপত্তিকাৰীৰ বিৰুদ্ধে চিবিআই তদন্ত দাবী কৰিছে ফেডাৰেচনৰ কেন্দ্ৰীয় সভাপতি দীপক দেই ৷

বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ সকলো জাতি জনগোষ্ঠীৰ লোকক সম মৰ্যদা সম অধিকাৰৰ কথা কোৱা মুখ্যমন্ত্ৰীয়ে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ লোক সম্প্ৰতি আতংকিত হোৱা বুলি উল্লেখ কৰি এই চৰকাৰৰ দিনতেই বহুত মানুহ ডি ভোটাৰৰ নামত আত্মহত্যা কৰিবলগীয়া হৈছে বুলি অভিযোগ তোলে ৷ ইতিমধ্যে কেবাজনো লোক ডি ভোটাৰৰ নামত আত্মহত্যা কৰিছে কিন্তু চৰকাৰৰ পৰা এবাৰো দুখ প্ৰকাশ নকৰাত ক্ষুব্ধ হৈ দীপক দেই কয় আমি বাংলাভাষী হোৱা কাৰণে আমাৰ অপৰাধ নেকি ?
ডিটেনচন কেম্পত থকা ৯৯ শতাংশ লোক প্ৰকৃত ভাৰতীয় বুলি উল্লেখ কৰি এক পক্ষীয় ভাৱে চৰকাৰে ডি ভোটাৰ সকলক ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰাৰ কথা উল্লেখ কৰি কয় চৰকাৰে ডি ভোটাৰ সম্পৰ্কে স্কৃণিং কমিটি গঠন কৰি ডি ভোটাৰৰ সমস্যা সমাধান কৰিবলৈ দাবী জনায় ফেডাৰেচনে ৷
ক্ষমতালৈ অহাৰ পূৰ্বে বিজেপিয়ে কৈছিল বাংলাদেশ পাকিস্তানৰ পৰা অত্যাচাৰীত হৈ অহা হিন্দু সকলক সুৰক্ষা দিব কিন্তু এই চৰকাৰে হিন্দু সকলক সুৰক্ষা দিয়াৰ সলনি হাৰাশাস্তি কৰি থকা বুলিহে অভিযোগ কৰে দীপক দেই ৷

Abdul Khaleque Ahmed
Etv Bharat
Barpeta road
(Sorbhog)
Last Updated : May 21, 2019, 7:54 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.