ETV Bharat / state

চেঙাত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত বদৰুদ্দিন আজমল

author img

By

Published : Mar 23, 2021, 11:44 AM IST

সোমবাৰে চেঙাত নিৰ্বাচনী প্ৰচাৰত অংশ ল’লে বদৰুদ্দিন আজমলে ৷ চেঙা সমষ্টিৰ এআইইউডিএফৰ প্ৰাৰ্থী আশ্ৰাফুল হুছেইনৰ হৈ সোমবাৰে নিশালৈকে সমষ্টিৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী প্ৰচাৰ চলোৱাত ব্যস্ত এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমল ৷ নিৰ্বাচনী প্ৰচাৰ সভাতেই এআইইউডিএফৰ সভাপতি গৰাকীয়ে এইবাৰ ৰাজ্যত মহাজোঁটৰ চৰকাৰ হ’ব বুলি মন্তব্য কৰে ৷

চেঙাত নিৰ্বাচনী প্ৰচাৰত অংশ বদৰুদ্দিন আজমলৰ

বৰপেটা, 23 মাৰ্চ: সোমবাৰে চেঙাত নিৰ্বাচনী প্ৰচাৰত অংশ ল’লে বদৰুদ্দিন আজমলে ৷ চেঙা সমষ্টিৰ এআইইউডিএফৰ প্ৰাৰ্থী আশ্ৰাফুল হুছেইনৰ হৈ সোমবাৰে নিশালৈকে সমষ্টিৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী প্ৰচাৰ চলায় এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমলে ৷ নিৰ্বাচনী প্ৰচাৰ সভাতেই এআইইউডিএফৰ সভাপতি গৰাকীয়ে এইবাৰ ৰাজ্যত মহাজোঁটৰ চৰকাৰ হ’ব বুলি মন্তব্য কৰে ৷

চেঙাত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত বদৰুদ্দিন আজমল

মুছলমান মহিলাক সন্তান জন্ম দিয়া মেচিন বুলি ড৹ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে আজমলে ৷ পাকিস্থান জিন্দাবাদ বা আজমলক মোগল বুলি কৰা সম্বোধন আদিৰে হিমন্ত বিশ্ব শৰ্মাই আবোল তাবোল বকি আছে ৷ হিমন্ত বিশ্বই পুৱা এটা, দুপৰীয়া এটা আৰু নিশা আজমলক লৈ আন এটা মন্তব্য ব্যক্ত কৰে ৷ এই বুলি সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰে এআইইউডিএফৰ সভাপতি গৰাকীয়ে ৷

আনহাতে, সোমবাৰে নিশাৰ চেঙাৰ বিধায়ক শুকুৰ আলী আহমেদক বুঢ়া বাঘ বুলি অভিহিত কৰে আজমলে ৷ বিশ বছৰ ধৰি এটা বুঢ়া বাঘে শাসনৰ গাদীত বহি আছে আৰু সমষ্টিৰ সমস্যা সম্পৰ্কে কোনো দিনেই সদনত মাত মাতিব পৰা নাই, বুলি বিধায়ক শুকুৰ আলী আহমেদক সমালোচনা কৰে আজমলে ৷ ২০১৬ চনৰ নিৰ্বাচনত তেওঁৰ ভুলৰ বাবেই শুকুৰ আলী আহমেদ চেঙাৰ বিধায়ক হোৱা বুলি স্বীকাৰ কৰি একেটা ভুল বাৰে বাৰে নহ’ব বুলি মন্তব্য কৰে এআইইউডিএফৰ সভাপতি গৰাকীয়ে ৷

লগতে পঢ়ক: ৰঙাপৰাত চাহ বাগিচাৰ চালানে চালানে বিজয় তিৰ্কীৰ নিৰ্বাচনী প্ৰচাৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.