ETV Bharat / state

জুবিন গাৰ্গৰ সামাজিক দায়ৱদ্ধতা নাইঃ অজিত কুমাৰ ভূঞা

author img

By

Published : Aug 10, 2020, 6:34 PM IST

Updated : Aug 10, 2020, 6:49 PM IST

বৰপেটাত উপস্থিত হৈ জুবিন গাৰ্গ তথা আছুৰ নেতৃত্বক লৈ মন্তব্য কৰা ৰাজ্যসভাৰ সাংসদগৰাকীয়ে সংখ্যালঘু অধ্যুষিত অঞ্চলটোত কংগ্ৰেছ আৰু এআইইউডিএফৰ নাম লোৱাটোৱে তাৎপৰ্য বহন কৰিছে ৷ কিয়নো বৰপেটাৰ বৰ্তমানৰ সাংসদগৰাকী কংগ্ৰেছৰ আৰু জিলাখনত এআইইউডিএফ তথা কংগ্ৰেছৰ এক মজবুত ভেঁটি আছে ৷ বিগত নিৰ্বাচনত ইয়াক পৰিলক্ষিত হৈছে ৷ তেনেস্থলত ৰাজনৈতিক অংকৰ স্বাৰ্থত এনেকুৱা মন্তব্য কৰাটো তেনেই স্বাভাৱিক হিচাপে পৰিলক্ষিত হৈছে ৷

জুবিন গাৰ্গ কোনো সামাজিক দায়ৱদ্ধতা থকা শিল্পী নহয়ঃ অজিত কুমাৰ ভূঞা

বৰপেটা, ১০ আগষ্টঃ অজিত কুমাৰ ভূঞাৰ নেতৃত্বত আজি বৰপেটাত উপস্থিত হয় আঞ্চলিক গণ মৰ্চাৰ নেতৃবৃন্দ ৷ ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ নেতৃত্বত হাইদৰ হুছেইন, মনজিৎ মহন্ত, হলিৰাম টেৰাং, মেহদি আলম বৰাকে ধৰি কেবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত বৰপেটা প্ৰেছ ক্লাৱত নাগৰিক সমাজৰে মত বিনিময় কৰে দলটোৱে ৷

বৰপেটা প্ৰেছ ক্লাৱত ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা

বৰপেটাত উপস্থিত হৈ সাংসদ অজিত কুমাৰ ভূঞাই কলে- "জুবিন গাৰ্গ কোনো সামাজিক দায়ৱদ্ধতা থকা শিল্পী নহয় ৷ জুবিন গাৰ্গ জনপ্ৰিয় শিল্পী ৷ প্ৰতিভা আছে তেওঁৰ ৷ কিন্তু জাতিৰ স্বাৰ্থত সামাজিক কামত লাগি থাকিবলৈ আৰু এখন গণ বিৰোধী চৰকাৰৰ বিৰুদ্ধাচৰণ কৰিবৰ বাবে শিল্পীৰ আদৰ্শগত স্থিতি লাগিব ৷ অন্যথা তেওঁলোকে ব্যক্তিগত কামত, ব্যক্তিগত স্বাৰ্থতেই ৰজা ঘৰলৈ গতি কৰিব লাগিব ৷ জুবিন গাৰ্গৰ দৰে শিল্পীয়ে মন্ত্ৰীৰ দুৱাৰে দুৱাৰে ঘুৰি ফুৰাৰ কোনো অৰ্থ বিচাৰি পোৱা নাই ৷ মন্ত্ৰী তেওঁৰ ওচৰলৈ আহিব লাগে ৷"

জুবিন গাৰ্গৰ ভূমিকা পিচলৈ নিৰ্ণয় হ'ব বুলি প্ৰকাশ কৰি জুবিন গাৰ্গৰ কাম কাজ ভাল পোৱা নাই বুলি প্ৰকাশ কৰে অজিত ভূঞাই ৷

ইপিনে আঞ্চলিক ৰাজনৈতিক মহাশক্তি গঠনৰ পোষকতাৰে অজিত কুমাৰ ভূঞাৰ নেতৃত্বত অসমৰ জাতীয়তাবাদী ব্যক্তি দল সংগঠনক একেটা ছাতিৰ তলত একত্ৰিত কৰাৰ লক্ষ্য লোৱা বুলি প্ৰকাশ কৰে অজিত কুমাৰ ভূঞাই ৷

ৰাজনৈতিক দল সন্দৰ্ভত অজিত কুমাৰ ভূঞা

ইপিনে আছুৰ ভূমিকাক লৈয়ো অসন্তুষ্টি ব্যক্ত কৰে অজিত ভূঞাই ৷ "আছুৱে এতিয়াও আঞ্চলিক গণ মৰ্চাৰ নেতৃত্বক সাক্ষাতৰ অনুমতি দিয়া নাই বা গণ মৰ্চাই দিয়া পত্ৰৰো কোনো উত্তৰ দিয়া নাই আছুৱে ৷"

আছুৱে গণ মৰ্চাৰ নেতৃত্বক ৰহস্যজনক কাৰণত লগ নকৰা বুলি প্ৰকাশ কৰি আছুৰ এনেকুৱা স্থিতিক লৈ মানুহে সন্দেহ কৰিব পাৰে আৰু তেওঁলোকে গঠন কৰিব বিচৰা ৰাজনৈতিক দলে অসমৰ আঞ্চলিক ৰাজনৈতিক দলৰ উত্থানত ক্ষতি কৰিব বুলিও মন্তব্য কৰে অজিত ভূঞাই ৷

কংগ্ৰেছ আৰু এআইইউডিএফ সন্দৰ্ভত অজিত কুমাৰ ভূঞা

আছুৰ এই স্থিতিয়ে বিজেপি পুনৰ শাসনলৈ অহাৰ বাট মসৃণ কৰিব ৷ কংগ্ৰেছ,এআইইউডিএফৰ সৈতে গণ মৰ্চাই এতিয়ালৈকে কোনো আলোচনাত মিলিত হোৱা নাই ৷ অৱশ্যে নিৰ্বাচনৰ সময়ত ৰণকৌশলগত কাৰণত বিজেপিক উৎখাত আৰু অংকৰ খেলৰ স্বাৰ্থত কংগ্ৰেছ আৰু এআইইউডিএফৰ সৈতে কথা বতৰা পাতিব বুলি মন্তব্য প্ৰকাশ কৰে অজিত কুমাৰ ভূঞাই ৷

আঞ্চলিক দল সন্দৰ্ভত অজিত ভূঞা

লগতে পঢ়কঃ 2020ৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত পৰাজিত হ'ব নেকি ট্ৰাম্প ?

Last Updated : Aug 10, 2020, 6:49 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.