ETV Bharat / state

বৰপেটাৰ সৰুক্ষেত্ৰীৰ কয়াকুছিত এ আই ইউ ডি এফৰ বিশাল কৰ্মীসভা - কংগ্ৰেছে নিজকে বিগ ব্ৰাডাৰ বুলি কোৱা কথাকলৈয়ো প্ৰতিক্ৰিয়া প্ৰকাশ আজমলৰ

কৰ্মীসভাত উপস্থিত থাকে বদৰুদ্দিন আজমলকে ধৰি দলটোৰ কেন্দ্ৰীয় সমিতিৰ বহুকেইজন নেতা আৰু বিধায়ক ৷ কৰ্মীসভাত ভাষণ প্ৰদান কৰি বদৰুদ্দিন আজমলৰ মন্তব্য,"যি চৰকাৰে উন্নয়ন কৰিব পৰা নাই সেই চৰকাৰ নেতৃত্বত থকাৰ অধিকাৰ নাই"৷ লগতে এই চৰকাৰক বিদায় দিয়াৰ আহ্বান আজমলৰ ৷

বৰপেটাৰ সৰুক্ষেত্ৰীৰ কয়াকুছিত এ আই ইউ ডি এফৰ বিশাল কৰ্মীসভা

author img

By

Published : Feb 6, 2021, 10:47 PM IST

বৰপেটা,6 ফেব্ৰুৱাৰী : অসম বিধানসভা নিৰ্বাচনলৈ মাজত মাথো এটা মাহ বাকী৷ যাৰ বাবে এতিয়া নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দল ৷ ইয়াৰ মাজতে শনিবাৰে বৰপেটাৰ সৰুক্ষেত্ৰীৰ কয়াকুছিত অনুষ্ঠিত হয় এ আই ইউ ডি এফৰ বিশাল কৰ্মীসভা ৷ সভাত অংশগ্ৰহণ কৰি শাসনাধিষ্ঠ বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰে এ আই ইউ ডি এফৰ সভাপতি তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে ৷ ভাষণ প্ৰসংগত ৰাজ্যৰ বিজেপি চৰকাৰখনক দুখীয়া বিৰোধী আৰু সাম্প্ৰদায়িক চৰকাৰ আখ্যা দিয়ে আজমলে ৷ লগতে চৰকাৰে দালাল আৰু চিণ্ডিকেট সৃষ্টি কৰিছে বুলি উল্লেখ কৰি আগন্তুক নিৰ্বাচনত অসমত বিজেপি চৰকাৰক উৎখাত কৰি কংগ্ৰেছ-এ আই ইউ ডি এফ মিত্ৰজোঁটৰ চৰকাৰ গঠন হ'ব বুলি উল্লেখ কৰে আজমলে ৷ চৰকাৰ গঠন কৰিলে প্ৰত্যেক জিলাতে মেডিকেল কলেজ আৰু বিশ্ববিদ্যালয় স্থাপন কৰাৰ প্ৰতিশ্ৰুতি আজমলৰ ৷ ৰাস্তা-ঘাট, ছাত্ৰ ছাত্ৰীৰ নামত অহা ধন চৰকাৰে মাৰি খাইছে বুলি অভিযোগ উত্থাপন কৰি যিসকলে নাচি আছে, চাইকেল চলাই আছে, স্কুটাৰ চলাই আছে এনেকৈ দেশ নচলে বুলিও মন্তব্য কৰে সাংসদ বদৰুদ্দিন আজমলে ৷

বৰপেটাৰ সৰুক্ষেত্ৰীৰ কয়াকুছিত এ আই ইউ ডি এফৰ বিশাল কৰ্মীসভা

সভাত আসন বুজাবুজিৰ পূৰ্বেই সৰুক্ষেত্ৰীৰ প্ৰাৰ্থীত্বক লৈ আজমলৰ বৃহৎ ঘোষণা ৷ সৰুক্ষেত্ৰীত কংগ্ৰেছেও প্ৰাৰ্থী দিব আৰু এআই ইউডিএফেও প্ৰাৰ্থী ঠিয় কৰিব বুলি ঘোষণা আজমলৰ ৷ আমাৰ মহাজোঁট বন্ধন হৈছে, গতিকে নেতৃত্বৰ ওপৰত সকলো দায়িত্ব দিবলৈ আহ্বান জনাইছে আজমলে ৷ ৰাজ্য চৰকাৰকেই নহয়,দিল্লীৰ পৰাও বিজেপিক আঁতৰোৱাৰ আহ্বান আজমলৰ ৷ সকলোতকৈ ডাঙৰ সমস্যা বিজেপি চৰকাৰ বুলি উল্লেখ কৰি চৰকাৰক উৎখাত কৰিব লাগে বুলি মন্তব্য কৰে আজমলে ৷ লগতে ভাষণৰ মাজতে নাচনেৱালে মিনিষ্টাৰ গ' বেক, চাইকেল চলানেৱালা মিনিষ্টাৰ গ' বেক, স্কুটাৰ চলানেৱালা মিনিষ্টাৰ গো' বেক ধ্বনিৰে সভাগৃহ উত্তাল কৰি তোলে আজমলে৷ ইপিনে মহাজোঁটৰ সৈতে লগলাগি লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈক বিজেপিৰ বিৰুদ্ধে যুজ দিবলৈ আহ্বান আজমলৰ ৷ এআইইউডিএফক সাম্প্ৰদায়িক বুলি কলেও আপত্তি নাই বুলি কৈ আজমলে একেলগে বিজেপিৰ বিৰুদ্ধে যুজিবলৈ আহ্বান জনায় দুয়ো গৰাকী নেতাক ৷

aiudf-workers-meeting-held-at-sarukhetri-of-barpeta

এআইইউডিএফে 40 খন আসন বিচৰা বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত আজমলে এয়া অস্বীকাৰ কৰে আৰু এআইইউডিএফে ডাঙৰ কথা নকয় আৰু লজিকেলী যিটো সত্য সেইটোহে কয় বুলি মন্তব্য কৰে ৷ কংগ্ৰেছে নিজকে বিগ ব্ৰাডাৰ বুলি কোৱা কথাকলৈয়ো প্ৰতিক্ৰিয়া প্ৰকাশ আজমলৰ ৷ যদি কংগ্ৰেছে নিজে বিগ ব্ৰাডাৰ বুলি কয় তেন্তে আমি মানিম নে নাই চিন্তা কৰিম ৷ মিত্ৰতাক চূড়ান্ত ৰূপ দিয়াৰ বাবে 9 ফেব্ৰুৱাৰীৰ পৰা দলসমুহৰ মাজত ধাৰাবাহিক আলোচনা অনুষ্ঠিত হ'ব বুলি আজমলৰ ঘোষণা ৷ চেটিং আৰু গেটিঙৰ ইংৰাজী ভাষা নাজানো বুলি কৈ মহাজোঁটক লৈয়ে চৰম ভ্ৰুকূটি এআইইউডিএফৰ প্ৰধান বদৰুদ্দিন আজমলৰ ৷

ইপিনে মহাজোঁটৰ চৰকাৰ নিশ্চিত বুলি দাবী কৰে আজমলে৷ ৰণজিৎ কুমাৰ দাস সৰভোগত হাৰিব বুলিও দাবী আজমলৰ৷ ইপিনে সৰুক্ষেত্ৰী সমষ্টিৰ এআইইউডিএফৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী মীনাক্ষী ৰহমানে 21 ৰ নিৰ্বাচনত সৰুক্ষেত্ৰীত প্ৰাৰ্খীত্ব আগবঢ়াব বুলি আজমলে কৰা ঘোষণাত সন্তুষ্টি প্ৰকাশ কৰে৷ আনকি মহাজোঁটৰ অংশীদাৰ কংগ্ৰেছৰ সৈতে সৰুক্ষেত্ৰী সমষ্টিত এআইইউডিএফে বন্ধুত্বমূলক প্ৰতিদ্বন্দিতা কৰিবলৈ প্ৰস্তুত বুলিও ঘোষণা কৰে মীনাক্ষী ৰহমানে৷ সৰুক্ষেত্ৰী সমষ্টিৰ কৰ্মী সভাত ৰাইজৰ বিশাল অংশগ্ৰহণ দেখি দলটোৰ নেতৃত্ব পতিয়ন যোৱা বুলি দাবী কৰি অহা নিৰ্বাচনত সৰুক্ষেত্ৰীত এআইইউডিএফ জয়ী হ'ব বুলিও দাবী কৰে ৷

লগতে পঢ়কঃ প্ৰধানমন্ত্ৰীৰ সভাৰ আদৰণি তোৰণত লাগিল জুই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.