ETV Bharat / state

বিলাসীপাৰাত এআইইউডিএফ কৰ্মীৰ প্ৰতিবাদ

author img

By

Published : Mar 8, 2021, 2:57 PM IST

পূৱ বিলাসীপাৰা সমষ্টিত এআইইউডিএফৰ যুৱ নেতা ৰফিকুল হকক দলীয় প্ৰাৰ্থিত্ব প্ৰদানৰ দাবী ৷ ৰফিকুল হকক টিকট প্ৰদান নকৰাত ক্ষোভিত পূৱ বিলাসীপাৰাবাসী ৷

বিলাসীপাৰাত এআইইউডিএফ কৰ্মীৰ প্ৰতিবাদ
বিলাসীপাৰাত এআইইউডিএফ কৰ্মীৰ প্ৰতিবাদ

পূৱ বিলাসীপাৰা, 8 মাৰ্চ: ৰাজ্যত অনু্ষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সমগ্ৰ ৰাজ্যতে প্ৰাৰ্থিত্বকেন্দ্ৰিক জুই জ্বলিছে । পিছ পৰি নাথাকিল পশ্চিম অসমৰ বহু চৰ্চিত ২৭ নং বিলাসীপাৰা পূৱ সমষ্টি । তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনত সমষ্টিত প্ৰাৰ্থিত্বক কেন্দ্ৰ কৰি বিশেষকৈ কংগ্ৰেছ আৰু এআইইউডিএফত জ্বলিছে ব্যাপক ক্ষোভৰ জুই।

বিলাসীপাৰাত এআইইউডিএফ কৰ্মীৰ প্ৰতিবাদ

উক্ত সমষ্টিটো মহাজোঁটৰ পৰা এআইইউডিএফক এৰি দিয়াত এইআইইউডিএফ কৰ্মীক ব্যাপক উৎসাহিত কৰিছে যদিও পুৰণা কৰ্মীক বঞ্চিত কৰাৰ যো-জা চলোৱাৰ বাতৰিক লৈ ক্ষুণ্ণ হৈ একাংশ কৰ্মীয়ে দলৰ এনে সিদ্ধান্তত সমূহীয়া দলত্যাগৰ হুংকাৰ প্ৰদান কৰিছে । শতাধিক এআইইউডিএফৰ পুৰুষ-মহিলাই ধীৰঘাটস্থিত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থিয় হৈ বদৰুদ্দিন আজমল জিন্দাবাদ, হাফিজ বছিৰ আহমেদ কাছেমী জিন্দাবাদ, যুৱ নেতা ৰফিকুল হক জিন্দাবাদ, ৰফিকুল হকক দলীয় প্ৰাৰ্থিত্ব প্ৰদান কৰক আদি শ্ল'গানেৰে ধীৰঘাটত উত্তাল পৰিৱেশৰ সৃষ্টি কৰে ।

লগতে পঢ়কঃ যোৰহাটত মনোনয়ন পত্ৰ দাখিল হিতেন্দ্ৰ নাথ গোস্বামীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.