ETV Bharat / state

Crackdown on Child Marriage: মুখ্যমন্ত্ৰীক তুলাধুনা AIUDFৰ বিধায়ক ৰফিকুল ইছলামৰ - AIUDF MLA Rafiqul Islam

ৰাজ্যত সংঘটিত হোৱা বাল্যবিবাহৰ বাবে চৰকাৰকেই দোষাৰোপ কৰিলে এই আই এই ডি এফৰ বিধায়ক ৰফিকুল ইছলামৰ (MLA Rafiqul Islam) ৷ চৰকাৰে শুই, বহি থকাৰ অভিযোগ বিধায়কগৰাকীৰ ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো তুলাধুনা ৰফিকুল ইছলামৰ ৷

Crackdown on Child Marriage
ৰাজ্যত বাল্যবিবাহৰ ঘটনাৰ বাবে চৰকাৰকেই জগৰীয়া কৰিলে বিধায়ক ৰফিকুলে
author img

By

Published : Feb 18, 2023, 6:32 PM IST

ৰাজ্যত বাল্যবিবাহৰ ঘটনাৰ বাবে চৰকাৰকেই জগৰীয়া কৰিলে বিধায়ক ৰফিকুলে

জনীয়া, 18 ফেব্ৰুৱাৰী: বাল্যবিবাহ ৰোধ কৰিবলৈ গৈ মুখ্যমন্ত্ৰীয়ে মানুহক বিপদৰ মুখলৈ ঠেলি দিছে ৷ কলগাছিয়াত এই মন্তব্য জনীয়াৰ বিধায়ক ৰফিকুল ইছলামৰ ৷ উল্লেখ্য যে, বাল্যবিবাহৰ বিৰুদ্ধে চৰকাৰে চলোৱা তীব্ৰ আৰু কঠোৰ অভিযানক কেন্দ্ৰ কৰি ৰাজ্যজুৰি অব্যাহত আছে মিশ্ৰিত প্ৰতিক্ৰিয়া ৷ ইতিমধ্যেই আৰক্ষীয়ে বাল্যবিবাহ কৰা আৰু বাল্যবিবাহৰ লগত জড়িত প্ৰায় তিনি সহস্ৰাধিক লোকক গ্ৰেপ্তাৰ কৰিছে (Crack down on child marriage) ৷

বাল্যবিবাহ বন্ধ হ'ব লাগে, এই কথাত কাৰো দ্বিমত নাই বুলি কৈ এই আই ইউ ডি এফৰ বিধায়ক ৰফিকুল ইছলামে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মানুহক বিপদলৈ ঠেলি চমক সৃষ্টি কৰিছে বুলি অভিযোগ কৰে ৷ মানুহক বিপদৰ মুখলৈ ঠেলি দি ডিঙি চেপিছে বুলিও মুখ্যমন্ত্ৰীগৰাকীক তীক্ষ্ন সমালোচনা ড৹ ৰফিকুল ইছলামৰ (Rafiqul Islam slams BJP over child marriage) ৷

বিধায়কগৰাকীয়ে লগতে কয়, ‘‘বাল্যবিবাহ স্বাস্থ্য আৰু শিক্ষাৰ লগত সম্পৰ্ক থকা সমস্যা ৷ কিন্তু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই পোন্ধৰ বছৰ শিক্ষা আৰু স্বাস্থ্যমন্ত্ৰী আছিল যদিও কোনো কাম নকৰিলে । কেৱল শুই বহিয়েই হিমন্ত বিশ্ব শৰ্মাই সময় পাৰ কৰিলে বুলিও তীব্ৰ কটাক্ষ ৰফিকুল ইছলামৰ (Anti Child marriage drive in Assam) ৷

স্মৰ্তব্য যে, বাল্যবিবাহৰ বিৰুদ্ধে চৰকাৰৰ নিৰ্দেশত চলোৱা অভিযানৰ বাবে আতংকিত হৈ আত্মহত্যাৰ দৰে চৰম পথ বাচি ল’বলৈ বাধ্য হোৱাৰ দৰে ভয়ংকৰ ঘটনাও ৰাজ্যখনত সংঘটিত হৈছে ৷ সমান্তৰালভাৱে বিবাহপাশত আৱদ্ধ নোহোৱা যুৱককো গ্ৰেপ্তাৰ কৰি হাৰাশাস্তি চলোৱাৰ দৰে ঘটনাও সংঘটিত হৈছে ৷ শেহতীয়াকৈ বাল্যবিবাহৰ অপৰাধত তিনিসহস্ৰাধিক লোকক গ্ৰেপ্তাৰ কৰা ঘটনাক প্ৰত্যাহ্বান জনাইছে গুৱাহাটী উচ্চ ন্যায়ালয়ে (Child marriage arrests in Assam) ৷

ইফালে, এই সমগ্ৰ ঘটনাৰ বাবে অসম আৰক্ষীকো সমালোচনা এই আই ইউ ডি এফৰ বিধায়ক ড৹ ৰফিকুল ইছলামৰ ৷ নিয়মৰ মাধ্যমেৰে চৰকাৰে ইয়াৰ ওপৰত যদি কাম কৰিলেহেঁতেন তেন্তে হাজাৰ হাজাৰ মানুহ এই ফান্দত নপৰিলেহেঁতেন বুলিও মন্তব্য বিধায়কগৰাকীৰ (AIUDF MLA Rafiqul Islam) ।

কেৱল ইমানেই নহয়, শেহতীয়া তথ্য অনুসৰি ৰাজ্যত বাল্যবিবাহ উদ্বেগজনকভাৱে বৃদ্ধি পোৱা ঘটনাক লৈ চৰকাৰকেই দোষাৰোপ কৰিলে বিধায়কগৰাকীয়ে(Rafiqul Islam on child marriage) ৷ তেওঁ কয়, ‘‘কোনোদিন চৰকাৰৰ পৰা বাধা নাই, পুলিচ প্ৰশাসনে চকু ৰখা নাই, সাধাৰণ মানুহ নাজানে আৰু অপৰাধ কৰিয়েই গৈ আছে । কিন্তু একেদিনাই হাজাৰ হাজাৰ মানুহ জে’লত ভৰাই দিছে ৷ তেওঁলোকৰ সৰু সৰু ল’ৰা ছোৱালী আছে আৰু অভিযানৰ ভয়তেই বহুতেই আত্মহত্যা কৰিলে ৷ গুৱাহাটী উচ্চ ন্যায়ালয়েও এতিয়া চৰকাৰৰ মুখা খুলিছে ৷’’

এইদৰেই আজি বিজেপি চৰকাৰৰ সমালোচনাৰে মুখৰ হৈ পৰিল বিধায়ক ৰফিকুল ইছলাম ৷

লগতে পঢ়ক: Shah Alam killed in encounter : আৰক্ষীৰ এনকাউণ্টাৰত নিহত ৰঞ্জিত বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.