ETV Bharat / state

সৰুক্ষেত্ৰীত এ আই ইউ ডি এফলৈ ঢাপলি মেলিছে কংগ্ৰেছ কৰ্মীয়ে - সৰুক্ষেত্ৰীত

এফালে কংগ্ৰেছ-এ আই ইউ ডিএফৰ মাজত মিত্ৰজোঁটৰ যো-জা,আনফালে এ আই ইউ ডিএফত কংগ্ৰেছ কৰ্মীৰ যোগদান । বৰপেটাৰ সৰুক্ষেত্ৰীত অনুষ্ঠিত এ আই ইউ ডি এফৰ সভাত কংগ্ৰেছ, চিপিআইএমৰ সদস্যৰ যোগদান । সৰুক্ষেত্ৰী সমষ্টি দখল কৰাৰ লক্ষ্যৰে এ আই ইউ ডি এফে যুগুত কৰিছে ৰণকৌশল ।

সৰুক্ষেত্ৰীত এ আই ইউ ডিএফত কংগ্ৰেছ কৰ্মীৰ যোগদান

author img

By

Published : Dec 1, 2020, 2:24 PM IST

বৰপেটা,১ ডিচেম্বৰ: সোমবাৰে বৰপেটাৰ সৰুক্ষেত্ৰী সমষ্টিৰ পাকা বেতবাৰীত এ আই ইউ ডি এফৰ কৰ্মীসভা আৰু যোগদান সমাৰোহ অনুষ্ঠিত হয় । পশ্চিম পাকা গাঁও পঞ্চায়ত সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা সভাখনত কংগ্ৰেছ, চিপিআইএমৰ লগতে সমষ্টিটোৰ কেইবাহাজাৰ লোকে এ আই ইউ ডি এফৰ সদস্য পদ গ্ৰহণ কৰে ৷ আগন্তুক ২০২১ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰতাৰ প্ৰসংগই যথেষ্ট চৰ্চা লাভ কৰাৰ সময়তে এতিয়া কংগ্ৰেছৰ বৰঘৰতে এ আই ইউ ডি এফে মাৰিছে টোকৰ ।

সৰুক্ষেত্ৰীত এ আই ইউ ডিএফত কংগ্ৰেছ কৰ্মীৰ যোগদান

এ আই ইউ ডি এফৰ নেতৃত্বই দাবী কৰা অনুসৰি কংগ্ৰেছৰ দখলত থকা সৰুক্ষেত্ৰী সমষ্টিটো এইবাৰ এ আই ইউ ডি এফৰ দখললৈ আহিব লাগিব ৷ মিত্ৰজোঁট গঠনৰ পূৰ্বেই কংগ্ৰেছক চৰ্ত নিৰ্ধাৰণ কৰি দি এ আই ইউ ডি এফৰ নেতা আমিনুল ইছলামে কয় যে, 'কংগ্ৰেছে আসনৰ ক্ষেত্ৰত বুজা-বুজি কৰিব লাগিব ৷ লগতে তেওঁ কয় যে, যাৰ য'ত গণভিত্তি আছে তাত তেওঁলোকে আসন পাব লাগিব ৷' আনহাতে, সৰুক্ষেত্ৰী সমষ্টিৰ এ আই ইউ ডি এফৰ সবল প্ৰাৰ্থীত্ব প্ৰত্যাশী মীনাক্ষী ৰহমানেও ২০২১ৰ বিধানসভা নিৰ্বাচনত সৰুক্ষেত্ৰীৰ পৰা প্ৰতিদ্বন্দিতা কৰাৰ মন মেলিছে ।

ইফালে, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে নিৰ্বাচনত ৭ জন সংখ্যালঘু বিধায়ক নিৰ্বাচিত কৰি নিব বুলি যি দাবী কৰি আহিছে তাক এ আই ইউ ডি এফ নেতা আমিনুল ইছলামে 'মুংগেৰীলাল কী হাছিন স্বপ্নে' আখ্যা দি কটাক্ষ কৰে ৷ বিজেপিৰ নিৰ্বাচিত ২৭২ গৰাকী সাংসদৰ ভিতৰত য'ত এজনো মুছলমান সাংসদ নাই তেনেস্থলত অসমত ৭ জন মুছলমান বিধায়ক জয়ী কৰিব বুলি ৰঞ্জিত দাসে কৰা দাবীক লৈ সমালোচনা কৰে আমিনুল ইছলামে ।

লগতে অহা বুধবাৰৰ পৰা বিটিচিত এ আই ইউ ডি এফে প্ৰচাৰ অভিযান আৰম্ভ কৰিব বুলিও ঘোষণা কৰে ৷ হেলিকপ্টাৰ লৈ ৰিপুণ বৰীৰ সৈতে বদৰুদ্দিন আজমলে বিটিচিত প্ৰচাৰ চলাব ৷ বিগত নিৰ্বাচনত ৪ খন আসনত বিজয়ী হোৱা এ আই ইউ ডি এফে এইবাৰ নিৰ্বাচনত ৬ খন আসন লাভ কৰিব বুলিও দাবী কৰে ৷ আনহাতে, বিজেপিয়ে বিটিচিত নাটক কৰি আছে বুলি মন্তব্য কৰে আমিনুল ইছলামে ৷

লগতে পঢ়ক:কাৰ্বি আংলঙত শোভাৰম্ভ এম এ চি ফুটবল প্ৰতিযোগিতা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.