ETV Bharat / state

AIUDF MP Badruddin Ajmal: ভাৰত শাসনৰ বাবে মুছলমানৰ হাত-ভৰি ধুই পানী খাব লাগিব: আজমল

author img

By ETV Bharat Assamese Team

Published : Nov 2, 2023, 10:54 PM IST

মুখ্যমন্ত্ৰীক কঠোৰ ভাষাৰে সমালোচনা সাংসদ আজমলৰ ৷ ‘‘যদি ভাৰতত শাসন কৰিব বিচৰা তেন্তে মুছলমানৰ হাত ভৰি ধুই পানী খাব লাগিব ৷’’ কলে সাংসদ আজমলে ৷

AIUDF Leader Badruddin Ajmal
ভাৰত শাসনৰ বাবে মুছলমানৰ হাত ভৰি ধুই পানী খাব লাগিব

বৰপেটা ২ নৱেম্বৰ : সমাগত লোকসভা নিৰ্বাচন ৷ ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ চলোৱা আৰম্ভ কৰিছে এ আই ইউ ডি এফে ৷ বৃহস্পতিবাৰে বৰপেটাৰ মন্দিয়াৰ বামুনদংৰাত দলীয় সভাত অংশগ্ৰহণ কৰে সাংসদ বদৰুদ্দিন আজমলে ৷ সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে সমালোচনাৰ কৰে সাংসদ আজমলে ৷

ঈদৰ সময়ত গুৱাহাটীৰ অৱস্থাৰ কথা উল্লেখ কৰি সাংসদ আজমলে কয়, ‘‘ তিনিদিন যদি গুৱাহাটীত মিঞা নাথাকে তেতিয়া হ’লে গুৱাহাটী কবৰস্থান হৈ যায় ৷ আমাৰ ল’ৰা-ছোৱালীয়ে ঘৰ বনোৱাত কাম কৰে ৷ চবজিৱালা, ৰিক্সাৱালা, মাছ বেপাৰী আমাৰ ল’ৰা-ছোৱালী ৷ তথাপিও মিঞাৰ ভোট নালাগে বুলি কয় মুখ্যমন্ত্ৰীয়ে ৷ দহ বছৰ নহয়, হিমন্তক এশ বছৰেও মিঞাই ভোট নিদিয়ে ৷ হিমন্তই জীৱনতো মিঞাক খেদিব নোৱাৰে ৷’’

ইফালে ছত্তীশগড়ত মুখ্যমন্ত্ৰীয়ে হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সাংসদ আজমলে কয়, ‘‘যদি ভাৰতত শাসন কৰিব বিচৰা তেন্তে মুছলমানৰ হাত-ভৰি ধুই পানী খাব লাগিব ৷ আমাক হিন্দুৰো ভোট লাগিব, মুছলমানৰো ভোট লাগে ৷ আমি হিন্দু মুছলমানৰ বিভেদ সৃষ্টি কৰা কাম নকৰো ৷’’

লোকসভাত আসন আৰু প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত তেওঁ কয়, ‘‘ ধুবুৰীত মোৰ টিকট নিশ্চিত ৷ ইয়াত মই জিকিম ৷ বাকী নগাঁও আৰু কৰিমগঞ্জৰ বাবে প্ৰাৰ্থী নিশ্চিত হোৱা নাই ৷ বিভিন্ন প্ৰস্তাৱ আহি আছে ৷ যাৰ জনপ্ৰিয়তা বেছি তেওঁকে প্ৰাৰ্থিত্ব প্ৰদান কৰিম ৷ নগাঁও আৰু কৰিমগঞ্জত আমি জিকিম ৷ বাকী কংগ্ৰেছ আৰু বিজেপিক দিছো ৷ আমি ৰাষ্ট্ৰীয় পৰ্যায়ত I.N.D.I.A ৰ লগত থাকিম ৷’’

আজিৰ সভাত চেঙাৰ বিধায়ক আশ্ৰাফুল হুছেইন, জনীয়াৰ বিধায়ক হাফিজ ৰফিকুল ইছলামৰ লগতে এ আই ইউ ডি এফৰ নেতৃত্ব উপস্থিত থাকে ৷

লগতে পঢ়ক:Public Protest at Kalgachia: বেকী নৈত সমূহীয়াকৈ আত্মজাহৰ হুংকাৰ মইনবৰীৰ নৈপৰীয়া ৰাইজৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.