ETV Bharat / state

জনীয়া উপ-নিৰ্বাচনঃ কংগ্ৰেছৰ কলংকিত হাতৰ বিৰুদ্ধে মিছলীয়া আজমল !

ৰাজ্যত এতিয়া উপ-নিৰ্বাচনৰ গৰম বতাহ ৷ শুকুৰবাৰে বৰপেটাৰ জনীয়াত একেটা স্থানতে নিৰ্বাচনী প্ৰচাৰ চলালে কংগ্ৰেছ-এ আই ইউ ডি এফে ৷ নিৰ্বাচনী সভাত পৰস্পৰে পৰস্পৰৰ বিৰুদ্ধে ক্ষুৰধাৰ সমালোচনা কৰা দেখা গ'ল ৷

কংগ্ৰেছ বনাম এ আই ইউ ডি এফ
author img

By

Published : Oct 18, 2019, 10:13 PM IST

জনীয়া,18 অক্টোবৰঃ ৰাজ্যত এতিয়া উপ-নিৰ্বাচনৰ বতাহ ৷ তিনি সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে প্ৰত্যেকটো ৰাজনৈতিক দলে তীব্ৰ গতিত চলাইছে নিৰ্বাচনী প্ৰচাৰ ৷ শুকুৰবাৰে বৰপেটা জনীয়াত নিৰ্বাচনী প্ৰচাৰ চলালে এ আই ইউ ডি এফৰ সভাপতি মৌলনা বদৰুদ্দিন আজমলে ৷ আনহাতে একেটা স্থানতে কংগ্ৰেছ প্ৰাৰ্থী ছামচুল হকৰ হৈ প্ৰচাৰ চলালে ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৱাজেদ আলী চৌধৰীয়ে ৷ কংগ্ৰেছে আই ইউ ডি এফ দুয়োটা দলৰে নিৰ্বাচনী সভাত ইটোৱে সিটোক তীব্ৰ ভাষাৰে সমালোচনা কৰা দেখা গ'ল ৷ এ আই ইউ ডি এফৰ নিৰ্বাচনী সভাত উপস্থিত থাকি দলটোৰ সভাপতি মৌলনা বদৰুদ্দিন আজমলে কয় যে,কংগ্ৰেছৰ প্ৰাৰ্থী ছামচুল হক দেখাত ধুনীয়া কিন্তু এন আৰ চি সন্দৰ্ভত আজি পৰ্যন্ত উচ্চতম ন্যায়ালয়ৰ চৌহদ গৈ পাইছে নে নাই তাত সন্দেহ আছে ! সেয়ে জাতিৰ বাবে সদায়ে মাত মাতি অহা ডঃ হাফিজ ৰফিকুল ইছলামক ভোট দি জয়যুক্ত কৰাৰ আহ্বান জনাই এ আই ইউ ডি এফৰ সভাপতিগৰাকীয়ে ৷ একেখন সভাত উপস্থিত থাকি ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে ৰাইজক এন আৰ চিৰ স্বাৰ্থত এ আই ইউ ডি এফক ভোটদান কৰিবলৈ আহ্বান জনায় ৷ কংগ্ৰেছৰ হাত কলংকিত হাত,এই হাতক আল্লাৰ নামত বেকী নৈত পেলাই দিয়াৰো আহ্বান জনাই ধিঙৰ বিধায়ক গৰাকীয়ে৷

কংগ্ৰেছ-এ আই ইউ ডি এফৰ প্ৰচাৰ

আনহাতে,একেটা স্থানতে অনুষ্ঠিত হোৱা কংগ্ৰেছৰ নিৰ্বাচনী সভাত এ আই ইউ ডি এফক তীব্ৰ ভাষাৰে সমালোচনা কৰে প্ৰাক্তন মন্ত্ৰী ৱাজেদ আলী চৌধুৰীয়ে ৷ তেখেতে কয় যে,এন আৰ চি সন্দৰ্ভত মিছা মাতিছে বদৰুদ্দিন আজমলে,তেখেত এজন মিছলীয়া ব্যক্তি ৷ জনীয়াৰ উন্নয়নৰ স্বাৰ্থত কংগ্ৰেছ প্ৰাৰ্থী ছামচুল হকক ভোটদান দিবলৈ আহ্বান জনাই কংগ্ৰেছ নেতাগৰাকীয়ে ৷

Intro:বৰপেটা ১৮ অক্টোবৰ : জনীয়াৰ উপ নিৰ্বাচনলৈ মাজত মাত্ৰ তিনিটা দিন বাকী থকা সময়ত তীব্ৰতৰ হৈ উঠিছে নিৰ্বাচনী প্ৰচাৰ অভিযান ৷ জনীয়াৰ লাংলাত শুক্ৰবাৰে অনুষ্ঠিত হোৱা এ আই ইউ ডি এফৰ এক নিৰ্বাচনী সভাত এ আই ইউ ডি এফ দলৰ চুপ্ৰিমো তথা সাংসদ মৌলানা বদৰুদ্দিন আজমলে কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰি কয় কংগ্ৰেছ দল মুছলমান জাতিৰ শত্ৰু ৷ জনীয়াৰ কংগ্ৰেছৰ প্ৰাৰ্থীজন ভাল আৰু দেখাতো সুন্দৰ বুলি উল্লেখ কৰি আজমলে কয় এন আৰ চি সম্পৰ্কত কংগ্ৰেছৰ প্ৰাৰ্থী ছামচুল হকে এটা দিনো চুপ্ৰিম কোৰ্টলৈ গৈ পোৱা নাই ৷Body:তাৰ পৰিৱৰ্তে জনীয়াৰ এ আই ইউ ডি এফৰ প্ৰাৰ্থী ড' হাফিজ ৰফিকুল ইছলামে এন আৰ চি সম্পৰ্কত চুপ্ৰিম কোৰ্টৰ বাৰাণ্ডাত উবুৰি খাই পৰি জাতিটোক উদ্ধাৰৰ বাবে চেষ্টা কৰিছে ৷ সেয়ে এইবেলিৰ উপ নিৰ্বাচনত এন আৰ চিৰ সপক্ষে মাত মাতি অহা ড' হাফিজ ৰফিকুল ইছলামক জনীয়াবাসীক ভোটদান কৰি জয়ী কৰাবলৈ আহ্বান জনায় ৷ সভাত ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে অংশলৈ কংগ্ৰেছক তীক্ষ্ণ সমালোচনা কৰি আবেগিক ভাষণ প্ৰদান কৰি আগন্তুক একৈশ অক্টোবৰত অনুষ্ঠিত হবলগীয়া নিৰ্বাচনত এন আৰ চিৰ সপক্ষত এ আই ইউ ডি এফৰ প্ৰাৰ্থী ড' হাফিজ ৰফিকুল ইছলামক ভোটদান কৰিবলৈ আহ্বান জনায় ৷
জনীয়াৰ এ আই ইউ ডি এফৰ প্ৰাৰ্থী ড' হাফিজ ৰফিকুল ইছলামৰ সমৰ্থনত এক নিৰ্বাচনী প্ৰচাৰ সভাত বিধায়ক হাফিজ বছিৰ আহমেদ কাছিমী বিধায়ক আমিনুল ইছলামৰ লগতে দলটোৰ কেন্দ্ৰীয় সমিতি আৰু বৰপেটা জিলা সমিতিৰ কেবাজনো নেতাই ভাষণ প্ৰদান কৰে ৷
ইপিনে এ আই ইউ ডি এফৰ সভাৰ শেষত উক্ত স্হানতেই অনুষ্ঠিত হয় কংগ্ৰেছ দলৰ নিৰ্বাচনী সভা ৷ জনীয়াৰ কংগ্ৰেছ প্ৰাৰ্থী ছামচুল হকৰ সমৰ্থনত অনুষ্ঠিত হোৱা নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছৰ নেতা সকলে বদৰুদ্দিন আজমলক মিছলীয়া আখ্যা দি এ আই ইউ ডি এফক কঠোৰ সমালোচনা কৰি কয় বদৰুদ্দিন আজমলে মিছা মাতি জনসাধাৰণক বিভ্ৰান্ত কৰিছে ৷ এন আৰ চি সম্পৰ্কে বদৰুদ্দিন আজমল আৰু তেওৰ দলে কোনো পদক্ষেপ লোৱা নাই চুপ্ৰিম কোৰ্টত ৷ সেয়ে জনীয়াৰ উন্নয়নৰ স্বাৰ্থত কংগ্ৰেছ প্ৰাৰ্থী ছামচুল হকক ভোটদান কৰিবলৈ আহ্বান জনাই ভাষণ দিয়ে প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক ৱাজেদ আলী চৌধুৰী বিধায়ক আব্দুল হাই নাগৰি কংগ্ৰেছৰ নেতা আব্দুছ ছামাদ আহমেদকে ধৰি কেবাজনো কংগ্ৰেছ নেতাই ৷ Conclusion:Abdul Khaleque Ahmed
Etv Bharat
Barpeta road
9957907059
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.