ETV Bharat / state

এআইইউডিএফৰ প্ৰাৰ্থী আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে নিৰ্বাচনী আইন ভংগৰ অভিযোগ

author img

By

Published : Apr 30, 2021, 11:02 PM IST

এআইইউডিএফৰ প্ৰাৰ্থী আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে উত্থাপিত হৈছে নিৰ্বাচনী আইন ভংগৰ অভিযোগ ৷ অৱশ্যে, এই অভিযোগক ভুৱা আখ্যা দিছে প্ৰাৰ্থী গৰাকীয়ে ৷

aiudf_canditate_violate_election_commison_rules
নিৰ্বাচনী আইন ভংগৰ অভিযোগ এ আই ইউ ডি এফৰ প্ৰাৰ্থী আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে

বৰপেটা, ৩০ এপ্ৰিল : চেঙা সমষ্টিৰ এআইইউডিএফৰ প্ৰাৰ্থী আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে নিৰ্বাচনী আইন ভংগৰ অভিযোগ ৷ এআইইউডিএফৰ প্ৰাৰ্থী আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে থকা ভাৰতীয় দণ্ডবিধিৰ ফৌজদাৰী গোচৰ সম্পৰ্কে ৰাইজক অৱগত নকৰা বুলি অভিযোগ তুলিছে সমষ্টিটোৰ একাংশ ভোটাৰে ৷

উল্লেখ্য যে, কোনো প্ৰাৰ্থীৰ বিৰুদ্ধে কোনো গোচৰ থাকিলে সেই কথা মনোনয়নৰ সময়ত এফিডেফিট যোগে দাখিল কৰাৰ লগতে গোচৰ সম্পৰ্কে সংবাদ মাধ্যমযোগে ৰাইজক অৱগত কৰিব লাগে ৷ কিন্তু, চেঙাৰ এআইইউডিএফৰ প্ৰাৰ্থী গৰাকীয়ে তেওঁৰ বিৰুদ্ধে থকা গোচৰ সম্পৰ্কে সংবাদ মাধ্যমযোগে প্ৰচাৰ নকৰা বুলি অভিযোগ দাখিলৰ পিচতেই বৰপেটা জিলা উপায়ুক্ত কাৰ্যালয় সভাকক্ষত জিলা দণ্ডাধীশে শুনানি গ্ৰহণ কৰে ৷ দুয়োপক্ষৰ বক্তব্য শুনাৰ পিচত এইসম্পৰ্কে পৰৱৰ্তী সময়ত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি জনাইছে দণ্ডাধীশে ৷

আনহাতে, এয়া বিৰোধীৰ হতাশগ্ৰস্থতাৰ ফল বুলি উল্লেখ কৰি সকলোখিনি অভিযোগ মিছা বুলি দাবী কৰে চেঙাৰ এ আই ইউ ডি এফৰ প্ৰাৰ্থী গৰাকীয়ে ৷ আনকি বিৰোধীয়ে ভুৱা ব্য়ক্তিৰ জৰিয়তে অভিযোগ দাখিল কৰা বুলিও চেঙাৰ এ আই ইউ ডি এফৰ প্ৰাৰ্থী গৰাকীয়ে মন্তব্য কৰে ৷ লগতে, ২ মে’ত নিজৰ বিজয় নিশিত বুলিও দাবী কৰে তেওঁ ৷ নাজিৰ হুছেইন নামৰ এগৰাকী অভিযোগকাৰীয়ে এই বিষয়ত তেওঁৰ পৰা মিছা কথা কৈ চহী লোৱা বুলি দাবী কৰে প্ৰাৰ্থীগৰাকীয়ে ৷ অভিযোগকাৰী গৰাকীয়ে শুকুৰবাৰে চেঙাৰ এ আই ইউ ডি এফৰ প্ৰাৰ্থী গৰাকীৰ বিৰুদ্ধে থকা অভিযাগ ভুৱা বুলি অভিহিত কৰি অভিযোগ প্ৰত্যাহাৰ কৰে ৷

লগতে পঢ়ক :বেতেৰে নিৰ্মাণ কৰা এখন অত্যাধুনিক বিশেষ বুলেট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.