ETV Bharat / state

চেঙাত এআইইউডিএফৰ প্ৰাৰ্থী আশ্ৰাফুল হুছেইনক উষ্ম আদৰণি - আশ্ৰাফুল হুছেইন

বৰপেটা জিলাৰ চেঙা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰা আশ্ৰাফুল হুছেইনক উষ্ম আদৰণি সমষ্টিবাসীৰ । বুধবাৰে গুৱাহাটীৰ পৰা দলীয় টিকট লৈ চেঙাত উপস্থিত হোৱা এআইইউডিএফৰ প্ৰাৰ্থীগৰাকীক বিপুল আদৰণি জনায় সমষ্টিবাসীয়ে । সমষ্টিটোৰ মাজদিয়া-গৰেমাৰীৰ পৰা হাজাৰৰো অধিক সমৰ্থকে মটৰ চাইকেল ৰেলীৰে পৰিভ্ৰমণ কৰে সমষ্টিটোৰ উত্তৰ পাৰৰ বৃহৎ অঞ্চল ৷

চেঙাত এআইইউডিএফ'ৰ প্ৰাৰ্থী আশ্ৰাফুল হুছেইনক উষ্ম আদৰণি

author img

By

Published : Mar 10, 2021, 5:33 PM IST

বৰপেটা,১০ মাৰ্চ: অসম বিধান সভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী । ৰাজনৈতিক দলসমূহৰ প্ৰায় কেইটা দলেই ইতিমধ্যে প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে । লগে লগে প্ৰতিটো সমষ্টিত আৰম্ভ হৈছে তৃণমূল কৰ্মীসকলৰ ব্যস্ততা । ঠায়ে ঠায়ে ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰৰ লগতে ৰেলী প্ৰদৰ্শন অব্যাহত আছে । চেঙা সমষ্টিতো ৰেলী প্ৰদৰ্শন এআইইউডিএফৰ । বৰপেটা জিলাৰ চেঙা সমষ্টিত এআইইউডিএফৰ প্ৰাৰ্থী আশ্ৰাফুল হুছেইনৰ বাইক ৰেলী । চেঙা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰি আশ্ৰাফুল হুছেইনে সমষ্টিটোত উপস্থিত হোৱাৰ লগে লগে উষ্ম আদৰণি জনায় সমষ্টিবাসীয়ে । সমষ্টিটোৰ মাজদিয়া-গৰেমাৰীৰ পৰা হাজাৰৰো অধিক সমৰ্থকে মটৰ চাইকেল ৰেলীৰে পৰিভ্ৰমণ কৰে সমষ্টিটোৰ উত্তৰ পাৰৰ বৃহৎ অঞ্চল ৷

চেঙাত এআইইউডিএফ'ৰ প্ৰাৰ্থী আশ্ৰাফুল হুছেইনক উষ্ম আদৰণি
চেঙাত এআইইউডিএফ'ৰ প্ৰাৰ্থী আশ্ৰাফুল হুছেইনক উষ্ম আদৰণি

ইপিনে, চেঙা সমষ্টিৰ ৰাইজে বিধানসভাত কথা কব পৰা এজন বিধায়ক নিৰ্বাচিত কৰি পঠিয়াব বুলি আশাবাদী এআইইউডিএফ-ৰ প্ৰাৰ্থী আশ্ৰাফুল হুছেইন ৷ চেঙাত এইবাৰ মহাজোঁটৰ অংশীদাৰ দল কংগ্ৰেছৰ লগতে এআইইউডিএফে বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা কৰিব ৷ কংগ্ৰেছৰ চাৰিবাৰৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী শুকুৰ আলী আহমেদৰ বিৰুদ্ধে সমষ্টিটোত বলা প্ৰতিষ্ঠান বিৰোধী ঢৌৰ বাবেই মহাজোঁটৰ অংশীদাৰ হৈও বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাত নমা আশ্ৰাফুল হুছেইনক লৈ সমষ্টিটোত ওলোৱা বাইক ৰেলীয়ে বিশেষ গুৰুত্ব বহন কৰিছে ৷ বিশেষকৈ সমষ্টিটোৰ ভোটাৰৰ মাজত সৃষ্টি হোৱা শুকুৰ আলী বিৰোধী স্থিতিয়ে চেঙা সমষ্টিত এইবাৰ পট পৰিবৰ্তনৰ ইংগিত বহন কৰা পৰিলক্ষিত হৈছে ৷ ইপিনে, বিধায়ক শুকুৰ আলী আহমেদৰ চৰাঞ্চলৰ নিজ গৃহৰ সমীপৰ চিকিৎসালয়তেই ডাক্তৰ নথকা, বিদ্যালয়ত শিক্ষক নথকা, বান খহনীয়া, বাট-পথ আদি সমস্যাসমূহৰ সমাধানৰ লগতে বিজেপিক পৰাভূত কৰিবলৈ চেঙাত এআইইউডিএফক জয়ী কৰাব বুলি দাবী কৰে আশ্ৰাফুল হুছেইনে ৷

উল্লেখযোগ্য যে, এআইইউডিএফে ১৬ জনীয়া প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে । দলটোৱে ঘোষণা কৰা তালিকা অনুসৰি, বিধানসভা নিৰ্বাচনত এআইইউডিএফে ১৬ টা সমষ্টিৰ ভিতৰত ১১ টাত পোনপটীয়াকৈ প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে ৫ টা সমষ্টিত মিত্ৰদল কংগ্ৰেছৰ সৈতে বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা কৰিব । বাঘবৰ, জলেশ্বৰ, সৰুক্ষেত্রী, চেঙা আৰু দলগাঁৱত বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা কৰিব এআইইউডিএফে ।

লগতে পঢ়ক: চন্দন ব্ৰহ্মৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব বিনয় কুমাৰ বসুমতাৰীয়ে

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.