ETV Bharat / state

বৰপেটাত অনুষ্ঠিত 'আইদেউৰ বুলনি' শীৰ্ষক অনুষ্ঠান - aideor buloni

দেওবাৰে বৰপেটা জিলা বিজেপিৰ মুখ্য কাৰ্যালয় অটল ভৱনত অনুষ্ঠিত হয় "আইদেউৰ বুলনি" অনুষ্ঠান ৷ বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসৰ নিৰ্দেশক্ৰমে অনুষ্ঠিত হয় এই অনুষ্ঠানৰ ৷

আইদেউৰ বুলনি
বৰপেটাত অনুষ্ঠিত 'আইদেউৰ বুলনি' শীৰ্ষ অনুষ্ঠান
author img

By

Published : Feb 2, 2020, 4:52 PM IST

বৰপেটা, ২ ফেব্ৰুৱাৰীঃ দ্বিতীয়টো কাৰ্যকালৰ বাবে ৰাজ্যিক বিজেপিৰ সভাপতিৰ কাৰ্যভাৰ গ্ৰহন কৰিয়েই দলৰ সাংগঠনিক স্থিতি অধিক মজবুত কৰাৰ বাবে বিশেষ কাৰ্যসূচী গ্ৰহনৰ কথা ঘোষণা কৰিছিল ৰণজিৎ কুমাৰ দাসে ৷ বিজেপিৰ সভাপতি ৰনজিৎ কুমাৰ দাসৰ এই নিৰ্দেশক্ৰমে দেওবাৰে ৰাজ্যজুৰি বিজেপিয়ে অনুষ্ঠিত কৰে 'আইদেউৰ বুলনি' শীৰ্ষক অনুষ্ঠানৰ ৷ বিশেষকৈ বিজেপিয়ে ২০২০ বৰ্ষটো 'বিৰামহীন কাৰ্যবৰ্ষ' হিচাপে ঘোষণা কৰি ৰাজ্যখনৰ মহিলা সকলক লৈ গ্ৰহন কৰা বিশেষ সাংগঠনিক তৎপৰতাৰ অংশস্বৰূপে 'আইদেউৰ বুলনি' অনুষ্ঠানৰ জৰিয়তে দিহানাম আৰু চাপৰি নাম প্ৰতিযেগিতা অনুষ্ঠিত কৰে ৷ বৰপেটা জিলা বিজেপিৰ মহিলা মৰ্চাৰ সহযোগত বৰপেটা নগৰ মণ্ডল মহিলা মৰ্চাই অনুষ্ঠিত কৰে এই দিহানাম আৰু চাপৰি নাম প্ৰতিযোগিতা ৷

বৰপেটাত অনুষ্ঠিত 'আইদেউৰ বুলনি' শীৰ্ষ অনুষ্ঠান

বৰপেটা জিলা বিজেপিৰ মুখ্য কাৰ্যালয় অটল ভৱনত অনুষ্ঠিত আইদেউৰ বুলনি অনুষ্ঠানৰ এই প্ৰতিযোগিতাত বৰপেটা চহৰৰ বহু সংখ্যক নামতিদলে অংশগ্ৰহন কৰে ৷ লগতে বহুসংখ্যক বিজেপি নেতা কৰ্মীয়েও অংশগ্ৰহন কৰে ৷ প্ৰতিযোগিতাত স্থানপ্ৰাপ্ত বিজয়ী নামতি দল সমূহক প্ৰথম পুৰস্কাৰ হিচাপে দহ হাজাৰ টকা, দ্বিতীয় পুৰস্কাৰ হিচাপে সাত হাজাৰ টকা আৰু তৃতীয় পুৰস্কাৰ হিচাপে পাঁচ হাজাৰ টকা আগবঢ়োৱা হয় ৷ এই কাৰ্যসূচীৰ জৰিয়তে মহিলাসকলৰ প্ৰতিভা বিকাশৰ লগতে আমাৰ কৃষ্টি আৰু লোকসংস্কৃতি বিকাশৰ ক্ষেত্ৰতো সহায়ক হ'ব বুলি মন্তব্য কৰে বিজেপিৰ নেতা কৰ্মীয়ে ৷

আৰু পঢ়কঃ বৰ্ণিল সাংস্কৃতিক কাৰ্যসূচীৰে সামৰণি পৰিল কলাগুৰু সংগীত মহোৎসৱ

Intro:
বৰপেটা, ২ ফেব্ৰুৱাৰীঃ দ্বিতীয়টো কাৰ্যকালৰ বাবে ৰাজ্যিক বিজেপিৰ সভাপতিৰ কাৰ্যভাৰ গ্ৰহন কৰিয়েই দলৰ সাংগঠনিক স্থিতি অধিক মজবুত কৰাৰ বাবে বিশেষ কাৰ্যসূচী গ্ৰহনৰ কথা ঘোষনা কৰিছিল ৰণজিৎ কুমাৰ দাসে ৷ বিজেপিৰ সভাপতি ৰনজিৎ কুমাৰ দাসৰ নিৰ্দেশক্ৰমে আজি ৰাজ্যজুৰি বিজেপিয়ে অনুষ্ঠিত কৰিছে 'আইদেউৰ বুলনি' অনুষ্ঠানৰ ৷ Body:বিশেষকৈ বিজেপিয়ে ২০২০ বৰ্ষটো 'বিৰামহীন কাৰ্যবৰ্ষ' হিচাপে ঘোষনা কৰি ৰাজ্যখনৰ মহিলা সকলক লৈ গ্ৰহন কৰা বিশেষ সাংগঠনিক তৎপৰতাৰ অংশস্বৰূপে আইদেউৰ বুলনি অনুষ্ঠানৰ জৰিয়তে আজি দিহানাম আৰু চাপৰি নাম প্ৰতিযেগিতা অনুষ্ঠিত কৰে ৷ বৰপেটা জিলা বিজেপিৰ মহিলা মৰ্চাৰ সহযোগত আজি বৰপেটা নগৰ মণ্ডল মহিলা মৰ্চাই অনুষ্ঠিত কৰে এই দিহানাম আৰু চাপৰি নাম প্ৰতিযোগিতা ৷ বৰপেটা জিলা বিজেপিৰ মুখ্য কাৰ্যালয় অটল ভৱনত অনুষ্ঠিত আইদেউৰ বুলনি অনুষ্ঠানৰ এই প্ৰতিযোগিতাত বৰপেটা চহৰৰ বহু সংখ্যক নামতিদলে অংশগ্ৰহন কৰে ৷ এই অনুষ্ঠানত বহুসংখ্যক বিজেপি নেতা কৰ্মীয়েও অংশগ্ৰহন কৰে ৷ প্ৰতিযোগিতাত স্থানপ্ৰাপ্ত বিজয়ী নামতি দল সমুহক প্ৰথম পুৰস্কাৰ হিচাপে দহ হাজাৰ টকা, দ্বিতীয় পুৰস্কাৰ হিচাপে সাত হাজাৰ টকা আৰু তৃতীয় পুৰস্কাৰ হিচাপে পাঁচ হাজাৰ টকা আগবঢ়োৱা হয় ৷ এই কাৰ্যসূচীৰ জৰিয়তে মহিলাসকলৰ প্ৰতিভা বিকাশৰ লগতে আমাৰ কৃষ্টি, আৰু লোকসংস্কৃতি বিকাশৰ ক্ষেত্ৰতো সহায়ক হব বুলি মন্তব্য কৰিছে বিজেপিয়ে ৷

Conclusion:বাইটঃ অনিল কুমাৰ দাস, অসম বিত্তীয় নিগমৰ উপাধ্যক্ষ
বাইটঃ সৰলা পাঠক, বৰপেটা নগৰ মণ্ডল মহিলা মৰ্চাৰ সভানেত্ৰী

--- বাপকন দাস, বৰপেটা ৷৷
RUT FORMATAT পঠোৱা হৈছে ৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.