ETV Bharat / state

কৃষিখণ্ডলৈ পৰিৱৰ্তন আনিছে সৌৰ শক্তি চালিত অগভীৰ নলীনাদ আঁচনিয়ে

author img

By

Published : Feb 14, 2020, 3:25 PM IST

শেহতীয়াভাকৈ ৰাজ্যৰ কৃষিবিভাগৰ সৌৰ শক্তি চালিত অগভীৰ নলীনাদ আঁচনিৰ জৰিয়তে, বিশেষভাৱে লাভৱান হ'বলৈ সক্ষম হৈছে কৃষকসকল ৷ সৌৰ শক্তি চালিত অগভীৰ নলীনাদ আঁচনিয়ে বৰপেটা জিলাখনৰ কৃষিক্ষেত্ৰলৈ বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰে জিলা কৃষি বিষয়াই ৷

সৌৰ শক্তি চালিত অগভীৰ নলীনাদ আঁচনি
সৌৰ শক্তি চালিত অগভীৰ নলীনাদ আঁচনি

বৰপেটা, ১৪ ফেব্ৰুৱাৰীঃ বৰ্তমানো জলসিঞ্চন ব্যৱস্থাৰ অভাৱৰ বাবেই ৰাজ্যৰ বিশাল সংখ্যক খেতিপথাৰ কৃষকে এনেই পেলাই থ'বলগীয়া হয় ৷ আনহাতে চেল' মেচিনৰ জৰিয়তে খেতিপথাৰত পানী দিবলগীয়া হ'লেও কৃষকে ডিজেল বা বিদ্যুতৰ বাবদ ব্যয় কৰিবলগা হয় ধন | শেহতীয়াকৈ ৰাজ্যৰ কৃষিবিভাগৰ সৌৰ শক্তি চালিত অগভীৰ নলীনাদ আঁচনিৰ জৰিয়তে, খেতিপথাৰত জলসিঞ্চনৰ ব্যৱস্থা গ্ৰহণ কৰাৰ ফলত কৃষকসকল বিশেষভাৱে লাভৱান হ'বলৈ সক্ষম হৈছে | বৰপেটাত বুধবাৰৰ পৰা অনুষ্ঠিত কৃষক মেলাত কৃষি বিভাগে সৌৰ শক্তি চালিত অগভীৰ নলীনাদ আঁচনি সন্দৰ্ভত, কৃষকসকলৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস চলোৱাৰ লগতে, আঁচনিখনে কৃষকসকলক কিদৰে উপকৃত কৰিছে সেই সম্পৰ্কে সাংবাদিকক অৱগত কৰে ৷

সৌৰ শক্তি চালিত অগভীৰ নলীনাদ আঁচনি দ্বাৰা বিশেষভাৱে লাভৱান কৃষক

জিলা কৃষি বিষয়াই জনোৱা অনুসৰি, সৌৰ শক্তি চালিত অগভীৰ নলীনাদ আঁচনিয়ে বৰপেটা জিলাখনৰ কৃষিক্ষেত্ৰলৈ বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে ৷ বৰপেটা জিলাৰ খেতিপথাৰত এতিয়ালৈকে প্ৰায় ৪ হাজাৰ টা সৌৰ শক্তি চালিত অগভীৰ নলীনাদ স্থাপন কৰা হৈছে ৷ একোটা সৌৰ শক্তি চালিত অগভীৰ নলীনাদৰ বজাৰ মূল্য প্ৰায় দুই লাখ টকা যদিও কৃষি বিভাগে প্ৰায় ২০ হাজাৰ টকাতেই খেতিয়কসকলক একোটা নলীনাদ প্ৰদান কৰিছে ৷ আগ্ৰহী খেতিয়কসকলে কৃষি বিভাগ বা গ্ৰাম সেৱকসকলৰ সৈতে যোগাযোগ কৰিলেই, খেতিপথাৰত সৌৰ শক্তি চালিত অগভীৰ নলীনাদ স্থাপন কৰিব পাৰিব বুলিও সদৰী কৰে জিলা কৃষি বিষয়াই ৷

লগতে পঢ়কঃ অচিৰেই ৰাজ্যত বন্ধ হ'ব মাদ্ৰাছা-সংস্কৃত টোল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.