ETV Bharat / state

বৰপেটাত মিত্ৰজোঁটৰ প্ৰাৰ্থী গুণীন্দ্ৰ নাথ দাসক আদৰণি

বিজেপিৰ নেতৃত্বত গঠিত মিত্ৰজোঁটে বৰপেটা সমষ্টিত বৰ্তমানৰ অসম গণ পৰিষদৰ বিধায়ক গুণীন্দ্ৰ নাথ দাসক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পিছতে উৎফুল্লিত হৈ পৰিছে কৰ্মকৰ্তাসকল । বৃহস্পতিবাৰে দলীয় কৰ্মীয়ে উষ্ম আদৰণি জনালে বৰপেটা সমষ্টিৰ প্ৰাৰ্থী গুণীন্দ্ৰ নাথ দাসক ।

বৰপেটাত মিত্ৰজোঁটৰ প্ৰাৰ্থী গুণীন্দ্ৰ নাথ দাসক আদৰণি
বৰপেটাত মিত্ৰজোঁটৰ প্ৰাৰ্থী গুণীন্দ্ৰ নাথ দাসক আদৰণি
author img

By

Published : Mar 11, 2021, 3:17 PM IST

বৰপেটা,১১ মাৰ্চ: অসম গণ পৰিষদৰ বৰপেটাস্থিত জিলা কাৰ্যালয়ত বৃহস্পতিবাৰে সমষ্টিটোৰ প্ৰাৰ্থী তথা বৰ্তমানৰ বিধায়ক গুণীন্দ্ৰ নাথ দাসক উষ্ম আদৰণি জনাই দলৰ নেতা-কৰ্মী আৰু সমৰ্থকসকলে । বৰপেটাস্থিত জিলা কাৰ্যালয়ত বৃহস্পতিবাৰে সমষ্টিটোৰ বিভিন্ন প্ৰান্তৰ দলীয় কৰ্মীসকল উপস্থিত থাকে ।

বিজেপি, ইউপিপিএল সমৰ্থিত অগপৰ বৰপেটা সমষ্টিৰ প্ৰাৰ্থী গুণীন্দ্ৰ নাথ দাসক ফুলাম গামোচাৰে আদৰণি জনাই সমৰ্থকে ৷ বিধানসভা নিৰ্বাচনৰ বাবে টিকট লাভ কৰাৰ পিছতে সমষ্টিত পদাৰ্পণ কৰি প্ৰাৰ্থীগৰাকীয়ে দলীয় নেতা-কৰ্মীসকলক প্ৰস্তুতি তীব্ৰতৰ কৰিবলৈ আহ্বান জনায় ৷

বৰপেটাত মিত্ৰজোঁটৰ প্ৰাৰ্থী গুণীন্দ্ৰ নাথ দাসক আদৰণি

সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে কৰা উন্নয়নমূলক কামৰ বাবে তেওঁক সমষ্টিবাসীয়ে পুনৰ নিৰ্বাচিত কৰিব বুলি আশা প্ৰকাশ কৰে ৷ আনহাতে, চৰকাৰে হিন্দু-মুছলমানৰ একতাক সম্প্ৰদায়ৰ গইনা লৈ বিভক্ত কৰাৰ ৰাজনীতিৰ পৰিৱৰ্তে উন্নয়নৰ ৰাজনীতি কৰিছে বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে । লগতে তেওঁ বিপুল ভোটত বিজয়ী হ'ব বুলিও দাবী কৰে ।

লগতে পঢ়ক: দিল্লীত মেট্ৰ' ৰে'লৰ পিলাৰ খহি শ্ৰমিকৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.