ETV Bharat / state

অগ্নিপথৰ ক্ষোভ: কলগাছিয়াত আৰক্ষীৰ বল প্ৰয়োগেৰে প্ৰতিবাদকাৰীক আটক

author img

By

Published : Jun 21, 2022, 6:27 PM IST

বৰপেটা জিলাৰ কলগাছিয়াত অগ্নিপথ আচঁনিৰ বিৰুদ্ধে যুৱ ফেডাৰেচনৰ উদ্বোগত SFI, DYFI য়ে প্ৰতিবাদ সাব্যস্ত কৰে (Agnipath protest in Barpeta) ৷ প্ৰতিবাদস্থলীত উপস্থিত কলগাছিয়া আৰক্ষী আৰু আন্দোলনকাৰীৰ মাজত সৃষ্টি হয় বাক বিতণ্ডাৰো ৷ অৱশেষত বল প্ৰয়োগেৰে প্ৰতিবাদকাৰীক আটক কৰি থানা লৈ যায় আৰক্ষীয়ে । উল্লেখ্য, SFI, DYFI য়ে চৰকাৰৰ এই দমন নীতিৰ বিৰোধিতা কৰাৰ লগতে কঠোৰ সমালোচনা কৰে ।

agnipath-scheme-protest-in-barpeta
অগ্নিপথৰ ক্ষোভ:কলগাছিয়াত প্ৰতিবাদকাৰীক চোচৰাই আটক আৰক্ষীৰ

বৰপেটা, 21 জুন: দেশজুৰি অব্যাহত আছে অগ্নিপথ আচঁনিৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ (Nationwide Agnipath protests) ৷ দেশৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ অসমতো ইয়াৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে ৷ প্ৰতিৰক্ষা বাহিনীত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা অগ্নিপথ আচঁনিৰ বিৰুদ্ধে দেশ তথা ৰাজ্যখনৰ লগতে বৰপেটা জিলাৰ কলগাছিয়াতো প্ৰতিবাদৰ জোৱাৰ উঠিছে ৷

বৰপেটা জিলাৰ কলগাছিয়াত যুৱ ফেডাৰেচনৰ উদ্যোগত SFI, DYFI ৰ সদস্যসকলে প্ৰতিবাদ সাব্যস্ত কৰা দেখা যায় (Agnipath scheme protest in Barpeta)। ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচন আৰু ভাৰতৰ ছাত্ৰ ফেডাৰেচন আৰু নিখিল ভাৰত কৃষক সভাৰ কলগাছিয়া আঞ্চলিকৰ উদ্যোগত এই প্ৰতিবাদ সাব্যস্ত কৰা হয় ।

উল্লেখযোগ্য যে, দেশৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিভাগ প্ৰতিৰক্ষা বাহিনীত অগ্নিপথ আচঁনিৰ জৰিয়তে চৰকাৰে ঠিকা ভিত্তিত নিবনুৱাক নিয়োগ কৰাৰ যি যুৱ বিৰোধী নীতি গ্ৰহণ কৰিছে তাৰ বিৰুদ্ধে দেশ ব্যাপি বৃহৎ যুৱ আন্দোলন গঢ়ি উঠিছে । আজি কলগাছিয়াতো ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচনৰ ৰাজ্যিক সভাপতি ৰুস্তম আলীৰ উপস্থিতিত কলগাছিয়াত SFI, DYFI য়ে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰি অগ্নিপথ আচঁনি বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

পৰৱৰ্তী সময়ত প্ৰতিবাদস্থলীত কলগাছিয়া আৰক্ষী উপস্থিত হৈ আন্দোলনকাৰীৰ লগত বাক বিতণ্ডাত লিপ্ত হয় ৷ অৱশেষত বল প্ৰয়োগেৰে প্ৰতিবাদকাৰীক আটক কৰি থানালৈ লৈ যায় আৰক্ষীয়ে । উল্লেখ্য, SFI, DYFI য়ে চৰকাৰৰ এই দমন নীতিৰ বিৰোধিতা কৰাৰ লগতে চৰকাৰক কঠোৰ সমালোচনা কৰে ।

লগতে পঢ়ক: বৰপেটাৰোডত প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.