ETV Bharat / state

নিজৰ মাজতে অৰিয়াঅৰি; সন্দেহৰ অগনিয়ে দহিছে বিৰোধী ঐক্য - APCC expelled MLA Siddique Ahmed

যোৱা 31 মাৰ্চত অসমৰ দুখন আসনৰ বাবে অনুষ্ঠিত হোৱা ৰাজ্যসভা নিৰ্বাচনৰ পাচত ৰাজ্যত এতিয়া নিজৰ মাজতেই আৰম্ভ হৈছে বিৰোধীৰ কন্দল (Opposition clash in Assam) ৷ বিৰোধী শিবিৰত উভয়ৰে উভয়ৰ প্ৰতি মনত সন্দেহভাৱ জাগ্ৰত হ’ল ৷ সন্দেহৰ জুইকুৰাত বিজেপি বিধায়কে কৰা মন্তব্যসমূহে ঘিঁউৰ কাম কৰিলে ৷ কংগ্ৰেছ, এআইইউডিএফ উভয়েই এতিয়া প্ৰতিবাদ আৰম্ভ কৰিছে নিজৰ মাজত ৷

Opposition clash in Assam
সন্দেহৰ অগনিয়ে দহিছে বিৰোধী ঐক্য
author img

By

Published : Apr 3, 2022, 11:47 AM IST

Updated : Apr 4, 2022, 10:19 AM IST

জনিয়া, 3 এপ্ৰিল : ৰাজ্যসভাৰ নিৰ্বাচনৰ সামৰণি পৰিল (Assam Rajya Sabha election 2022) ৷ কিন্তু অন্ত পৰা নাই ৰাজনৈতিক দলৰ বাদ-বিবাদ ৷ এই নিৰ্বাচনটোৱে যেন এক প্ৰকাৰ তচনচ কৰি পেলালে বিৰোধীৰ ঐক্যক ৷ বৰ্তমান পাৰস্পৰিক বিশ্বাস হেৰুৱাই এক প্ৰকাৰ ককবকাব লগীয়া হৈছে ৰাজ্যৰ বিৰোধী দল কেইটাই ৷ কংগ্ৰেছ-এআইইউডিএফৰ মাজত দেখা গৈছে দলীয় সংঘাত (Congress AIUDF clash in Assam) ৷ ৰাইজৰ দলৰ একমাত্ৰ বিধায়ক অখিল গগৈয়েও দুয়ো দলৰে নেতা-সদস্যক সমালোচনা কৰিছে প্ৰতাৰক হিচাপে ৷ বিশেষকৈ তুংগত উঠিছে সোনাই সমষ্টিৰ বিধায়ক কৰিম উদ্দিন বৰভূঞা আৰু অখিল গগৈৰ মাজৰ বাক-যুদ্ধখন ৷

উল্লেখ্য যে, যোৱা 31 মাৰ্চত অসমৰ দুখন আসনৰ বাবে অনুষ্ঠিত হোৱা ৰাজ্যসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে দুগৰাকী প্ৰাৰ্থী ক্ৰমে পবিত্ৰ মাৰ্ঘেৰিটা আৰু ৰণগৌড়া নাৰ্জাৰীক প্ৰক্ষেপ কৰাৰ বিপৰীতে বিৰোধীয়ে উমৈহতীয়াকৈ ৰিপুণ বৰাক প্ৰক্ষেপ কৰে ৷ এজন প্ৰাৰ্থী জিকাই ৰাজ্যসভালৈ পঠিওৱাৰ বাবে বিৰোধীৰ ভোট সংখ্যা আছিল ঠিকেই, কিন্তু সকলো যেন সময়ত খেলি-মেলি হৈ গ’ল ৷ অংকত আউল লাগিল বিজেপিৰ ৷ ফলস্বৰূপে পৰাজিত হ’ল ৰিপুণ বৰা ৷ পবিত্ৰ মাৰ্ঘেৰিটাই 46 টা, ৰণগৌড়া নাৰ্জাৰীয়ে 44 টা আৰু ৰিপুণ বৰাই 34 টা ভোট লাভ কৰে (Assam Rajya Sabha election result) ৷

ৰিপুণ বৰাই 35 টা ভোট লাভ কৰিছিল যদিও বিধায়ক ছিদ্দিক আহমেদৰ ভোটটো নাকচ হয় ৷ বেলত কাকতত সাংখ্য়িক 1 লিখাৰ পৰিৱৰ্তে ONE লিখিছিল ছিদ্দিক আহমেদে ৷ ইতিমধ্যে কংগ্ৰেছ নেতৃত্বই নিলম্বন কৰিছে ছিদ্দিক আহমেদক (APCC expelled MLA Siddique Ahmed) ৷

সন্দেহৰ অগনিয়ে দহিছে বিৰোধী ঐক্য

কিন্তু এই নিৰ্বাচনক লৈ নিজৰ মাজতেই আৰম্ভ হৈছে বিৰোধীৰ কন্দল (Opposition clash in Assam) ৷ নিৰ্বাচনৰ পূৰ্বে ভূপেন বৰাৰ সৈতে মতানৈক্য আৰম্ভ হয় এআইইউডিএফৰ ৷ সেই মতানৈক্যই সম্পৰ্কলৈ তিক্ততা লৈ আহিছে দল দুটাৰ ৷ অৱশ্যে ইতিপূৰ্বেই মুখ্যমন্ত্ৰীক প্ৰশংসা কৰাৰ বাবে কংগ্ৰেছৰ সৈতে মিত্ৰতা প্ৰায় ভংগ হৈছিল এআইইউডিএফৰ ৷ এইবাৰ কংগ্ৰেছৰ সভাপতিৰ বিৰুদ্ধে যেন এক প্ৰকাৰ জপিয়াই পৰিছে আজমল বাহিনী ৷

কংগ্ৰেছৰ অভিযোগ অনুসৰি এআইইউডিএফৰ 5 জন বিধায়কে ধনৰ বিনিময়ত ভোট দিছে বিজেপিক ৷ ৰিপুণ বৰাক বিশ্বাসঘাটকতা কৰা বুলি আজমল বাহিনীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ তুলিছে কংগ্ৰেছে ৷ লগতে ছিদ্দিক আহমেদকো নিলম্বন কৰিছে নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পূৰ্বেই ৷ অভিযোগ মতে, এআইইউডিএফৰ সাধাৰণ সম্পাদক তথা মানকাচৰৰ বিধায়ক আমিনুল ইছলাম আৰু সোনাই সমষ্টিৰ বিধায়ক কৰিম উদ্দিন বৰভূঞাই আগ-ভাগ লৈছিল বিধায়ক বেচা-কিনাত ৷ যাৰ বাবে এতিয়া কংগ্ৰেছে কঠোৰ সমালোচনা কৰিছে এআইইউডিএফক ৷

ইফালে, এআইইউডিএফৰ অভিযোগ অনুসৰি কংগ্ৰেছৰ বিধায়কেহে ৰামঠগন দিলে ৰিপুণ বৰাক ৷ খোদ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ষড়যন্ত্ৰ কৰি ৰিপুণ বৰাৰ ৰাজনৈতিক কেৰিয়াৰ ধ্বংস কৰা বুলি অভিযোগ কৰিছে এআইইউডিএফে ৷ ভূপেন বৰাক শীঘ্ৰে অপসাৰণ কৰি কমলাক্ষ দে’ পুৰকায়স্থক প্ৰদেশ কংগ্ৰেছৰ সভাপতি পাতিবলৈও কৰিম উদ্দিন বৰভূঞাই দাবী উত্থাপন কৰিছে ৷

তাৰোপৰি অখিল গগৈৰ সৈতেও আৰম্ভ হৈছে এআইইউডিএফৰ বিবাদ ৷ কৰিম উদ্দিন বৰভূঞাই অভিযোগ কৰা অনুসৰি অখিল গগৈয়ে বিজেপি বিধায়ক মানৱ ডেকাৰ পৰা টকা লৈ তাৰ বিনিময়ত ভোট দিছে বিজেপিক ৷ আনকি এই কথাৰ প্ৰমাণ লাই ডিটেক্টৰৰ দ্বাৰা কৰিবলৈও অখিল গগৈক প্ৰত্যাহ্বান জনাইছে বিধায়ক গৰাকীয়ে ৷ আনহাতে, এই অভিযোগ খণ্ডন কৰি অখিল গগৈয়ে কয় যে তেওঁ লাই ডিটেক্টৰত প্ৰমাণ দিবলৈ সাজু আছে ৷ বিধায়ক হোৱাৰ এবছৰ নৌহওতেই সমূলি তিতা-কেঁহা লাগিছে বুলিও অখিল গগৈয়ে উল্লেখ কৰে ৷

বিজেপি নিৰ্বাচনত জিকিল ৷ কিন্তু তাতকৈ ডাঙৰ কথা যে, অতি কৌশলপূৰ্ণভাৱে বিৰোধীক থান-বান কৰা খেলখনতো জিকিল বিজেপি ৷ কিয়নো ৰাজ্যসভা নিৰ্বাচনৰ দিনা ভোট গ্ৰহণ সম্পূৰ্ণ হোৱাৰ পাচতেই বিজেপি বিধায়কদ্বয় পীযুষ হাজৰিকা আৰু দিগন্ত কলিতাই সংবাদ মাধ্য়মৰ আগত প্ৰকাশ কৰিছিল যে, কংগ্ৰেছৰ অতি কমেও সাতজনে বিজেপিক ভোট দিছে বা ভোট নষ্ট কৰিছে ৷ তাৰোপৰি বিজেপিক ভোট দিয়া বাবে অখিল গগৈকো ধন্য়বাদ বুলি উল্লেখ কৰিছিল বিধায়ক দুজনে ৷

বিজেপিৰ এই ৰণনীতিয়ে কাম দিলে ৷ বিৰোধী শিবিৰত উভয়ৰে উভয়ৰ প্ৰতি মনত সন্দেহভাৱ জাগ্ৰত হ’ল ৷ সন্দেহৰ জুইকুৰাত বিজেপি বিধায়কে কৰা মন্তব্যসমূহে ঘিঁউৰ কাম কৰিলে ৷ এইটোকেই যেন বিচাৰি আছিল ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে ৷ কিয়নো বিৰোধী থান-বান হ’লে সদনত আটাইতকৈ লাভ হ’ব চৰকাৰ পক্ষৰ ৷

ইফালে, ৰাজ্যসভা নিৰ্বাচনত কংগ্ৰেছৰ এজেণ্ট হিচাপে দায়িত্ব পালন কৰা পৃথ্বিৰাজ সাথেৰ ভূমিকাক লৈও বিৰোধীৰ মাজত সন্দেহ সৃষ্টি হৈছে ৷ কিয়নো নিলম্বনৰ পাচতেই ছিদ্দিক আহমেদে সংবাদ মাধ্যমৰ আগত বিস্ফোৰক মন্তব্য কৰিছিল পৃথ্বিৰাজ সাথে আৰু জীতেন্দ্ৰ সিং সন্দৰ্ভত ৷ ছিদ্দিক আহমেদে কয় যে, সাথে হৈছে তেওঁৰ পুৰণা শত্ৰু যি বিধানসভা নিৰ্বাচনৰ সময়তে পাঁচ কোটি টকা বিচাৰিছিল ৷ সেই সময়ত সাথেৰ সৈতে জীতেন্দ্ৰ সিঙো জড়িত থকাৰ দাবী বিধায়ক আহমেদৰ ৷

তেওঁ কয় যে, ফলাফললৈ ওলোৱাৰ পূৰ্বে তেওঁক কংগ্ৰেছ দলৰ পৰা নিলম্বন কৰাতো হৈছে পূৰ্ব পৰিকল্পিত ৷ আনকি নিজৰ ভোটটো নষ্ট হোৱা নাই বুলি বাৰম্বাৰ দাবী কৰি আহিছে ছিদ্দিক আহমেদে ৷ তেওঁৰ মতে এই ষড়যন্ত্ৰ ৰচিছে সাথে আৰু আন নেতৃত্বই ৷ তাৰোপৰি পীযুষ হাজৰিকায়ো সংবাদ মাধ্যমত কয় যে, সাথে তেওঁৰ পুৰণি বন্ধু ৷ ইফালে মুখ্যমন্ত্ৰীৰ সৈতেও সম্পৰ্ক ভাল সাথেৰ ৷ গতিকে বাকী বিৰোধী দলৰ সন্দেহৰ চকু সাথেৰ ওপৰত ৷ কিন্তু ছিদ্দিক আহমেদ আৰু ৰহাৰ শশীকান্ত দাসৰ বাহিৰে আৰু কাৰ কাৰ ভোট বিজেপিৰ পক্ষলৈ গ’ল সেয়া এতিয়াও স্পষ্ট হোৱা নাই ৷

ইফালে, বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই কয় যে, ৰিপুণ বৰাক প্ৰাৰ্থিত্ব দিয়া হৈছিল এআইইউডিএফে বিচৰাৰ বাবেহে । ইয়াৰ বিনিময়ত ৰিপুণ বৰাৰ পৰা এআইইউডিএফে লৈছিল ১ কোটি ৬০ লাখ টকা । কমলাক্ষ দে' পুৰকায়স্থই কয়, " মোৰ ওচৰত টকা লোৱাৰ কোনো ভিডিঅ' ফুটেজ নাই । কিন্তু মই দায়িত্ব সহকাৰে কৈছো যে তেওঁলোকৰ মতে প্ৰাৰ্থিত্ব লাভ কৰাৰ বাবে ৰিপুণ বৰাই এআইইউডিএফক ১ কোটি ৬০ লাখ টকা তেওঁলোকে বিচৰামতে দিবলগীয়া হৈছিল ।"

বৰ্তমান বিৰোধীৰ এই বিবাদ বিয়পি পৰিছে তৃণমূল পৰ্যায়লৈ ৷ ৰাজ্যৰ ভিন্ন ঠাইত দেখা গৈছে কংগ্ৰেছ আৰু এআইইউডিএফৰ বিৰুদ্ধে প্ৰতিবাদ ৷ শনিবাৰে কলগাছিয়াত পুৱা কংগ্ৰেছ সদস্যই জনীয়াৰ বিধায়ক হাফিজ ৰফিকুল ইছলামৰ প্ৰতিকৃতি দাহ কৰাৰ পাচতেই সন্ধিয়া এআইইউডিএফেও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে কংগ্ৰেছৰ সাংসদ আব্দুল খালেক আৰু ৰাজ্যিক সভাপতি ভূপেন বৰাৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷

মোটা অংকৰ ধনৰ বিনিময়ত কংগ্ৰেছৰ বিধায়কসকলে বিজেপিৰ হাতত বিক্ৰী গৈ ৰিপুণ বৰাক পৰাজিত কৰিছে আৰু নিজৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ কৰা ধৰণে এআইইউডিএফৰ গাঁত দোষ জাপি দিব বিচাৰিছে বুলি উল্লেখ কৰিছে ৷ কিন্তু কোন সঁচা, কোন মিছা সেয়া ক’বলৈ টান যদিও আজিৰ তাৰিখত ৰাজ্যত বিৰোধী যে নিশকটীয়া সেয়া কিন্তু সহজেই বুজিব পৰা হৈছে ৷

লগতে পঢ়ক : মহাবিস্ফোৰণ: ৰিপুণ বৰাৰ পৰা ১ কোটি ৬০ লাখ লৈছিল AIUDF এ

Last Updated : Apr 4, 2022, 10:19 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.