বৰপেটাৰোড 6 জুনঃ বৰপেটাৰোডৰ গোৱৰ্ধনাৰ জাখলিবিল পাথাৰত শুকুৰবাৰে নিশা সংঘটিত হোৱা পথ দুৰ্ঘটনাত মৃত্যু হয় এজন যুৱকৰ ৷ যুৱকজনৰ নাম মাইন উদ্দিন(19) বুলি জানিব পৰা গৈছে ৷
উত্তৰ আঠিয়াবাৰীৰ আজাদ নগৰৰ যুৱকজনে নিজৰ স্কুটি খনেৰে জাখলিবিল পাথাৰলৈ গৈ থাকোতে শুক্ৰবাৰে সন্ধিয়া জাখলিবিল পাথাৰত বেটেৰি ৰিক্সাত খুন্দা মাৰে ৷ দুৰ্ঘটনাটোত মূৰত প্ৰচণ্ড আঘাত পোৱা যুৱকজনক বৰপেটাৰোডৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে যুৱকজনক মৃত বুলি ঘোষণা কৰে ৷ শিমলাগুৰী আৰক্ষীয়ে যুৱকজনৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটালৈ প্ৰেৰণ কৰে ৷ উল্লেখ্য যে, তীব্ৰ বেগৰে স্কুটী চলোৱাৰ বাবেই এই দুৰ্ঘটনা হ’বলৈ পালে বুলি প্ৰকাশ কৰে পত্যক্ষদৰ্শীয়ে ৷
লগতে পঢ়কঃ কেনে অৱস্থাত আছে মহানগৰীৰ নৈ সমূহ ?