বৰপেটা ৰোড, 27 নবেম্বৰঃ বৰপেটাৰোড আৰক্ষী থানাৰ সমীপৰ আমতলত শুকুৰবাৰে সংঘটিত হয় এক পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হয় ৷ নিহত লোকজনৰ ঘৰ হাউলীৰ শিমলাঝাৰত বুলি জানিব পৰা গৈছে ৷ নিহত লোকজনে উত্তৰ বৰপেটাৰোডৰ পদপথত ব্যৱসায় কৰি জীৱন নিৰ্বাহ কৰি আছিল বুলি জানিবলৈ দিছে স্থানীয় লোকে ৷
ইফালে ঘটনা সন্দৰ্ভত জানিব পৰা মতে শুকুৰবাৰে সন্ধিয়া সময়ত লোকজনে নিজৰ ব্যৱসায়ীক প্ৰতিষ্ঠান বন্ধ কৰি AS 15- A 9692 নম্বৰৰ বাইকেৰে ঘৰমুৱা হয় ৷ ঘৰলৈ উভতি অহাৰ সময়তে একে দিশেৰে আহি থকা এখন তীব্ৰ বেগী ডাম্পাৰে লোকজনৰ বাইকত খুন্দা মাৰে ৷
লগতে পঢ়কঃবোকাজানত তিনিখনকৈ আঁচনিৰ আধাৰশীলা স্থাপন কৰিলে মুখ্যমন্ত্ৰীয়ে