বৰপেটা ১৭ মে' : সোমবাৰে বৰপেটা জিলাৰ বাৰাদিত সংঘটিত হয় এক পথ দুৰ্ঘটনা । এখন মাৰুতি এল্ট’য়ে মহতিয়াই থৈ গ'ল এজন বাইক আৰোহীক । দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে মাৰুতি এল্ট’ গৰাকীয়ে । দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বাইক আৰোহীজন বৰপেটাৰ পালাংদি হাটীৰ ৰূপেন্দ্ৰ নাথ দাস বুলি জানিব পৰা গৈছে ৷
স্থানীয় ৰাইজে আৰক্ষীৰ সহায়ত ততাতৈয়াকৈ ব্যক্তি গৰাকীক বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰে । পৰৱৰ্তী সময়ত গুৰুতৰভাৱে আঘাত প্ৰাপ্ত ব্যক্তি গৰাকীক উন্নত চিকিৎসাৰ বাবে বৰপেটাৰ ফকৰুদ্দিন আলী আহমেদ হাস্পতালৰ পৰা জি এম চি এইচলৈ লৈ প্ৰেৰণ কৰা হয় ।
উল্লেখ্য় যে AS-15B 7496 নম্বৰৰ পালচাৰ বাইকখনেৰে আৰোহীগৰাকীয়ে বৰপেটাৰ পৰা বাৰাদি অভিমুখে গৈ থকা অৱস্থাত এল্ট’ৰ লগত মুখামুখি সংঘৰ্ষ হৈ দুৰ্ঘটনাত পতিত হৈছিল ৷
লগতে পঢ়ক : গোলাঘাটত কেমেৰাত বন্দী বাঘৰ মুক্ত বিচৰণৰ দৃশ্য