ETV Bharat / state

'ডিটেনশ্বন কেম্প সংবিধান বিৰোধী''

''কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰতা সম্পৰ্কে প্ৰতিক্ৰিয়া সাংসদ আব্দুল খালেকৰ ৷ দলৰ লগত মিত্ৰতা সম্পৰ্কে কোনো আলোচনা হোৱা নাই আৰু জনীয়া সমষ্টিত মিত্ৰতাৰ কোনো প্ৰয়োজন নাই ৷ ''

author img

By

Published : Sep 24, 2019, 5:30 PM IST

মই ডিটেনশ্বন কেম্পৰ দুৰ্ঘোৰ বিৰোধীঃ সাংসদ আব্দুল খালেকৰ

জনীয়া, 24 ছেপ্টেম্বৰঃ কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰতা সম্পৰ্কে কলগাছিয়াত সাংবাদিকৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত বৰপেটাৰ সাংসদ আব্দুল খালেকৰ প্ৰতিক্ৰিয়া ৷ মিত্ৰতা সন্দৰ্ভত খালেকে কয়, দলৰ লগত মিত্ৰতা সম্পৰ্কে কোনো আলোচনা হোৱা নাই ৷ জনীয়া সমষ্টিত মিত্ৰতাৰ কোনো প্ৰয়োজন নাই বুলিও তাৎপর্যপূৰ্ণ মন্তব্য দাঙি ধৰে খালেকে ৷ অৱশ্যে এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমল কংগ্ৰেছলৈ আহিলে ভাল হ’ব বুলিও মন্তব্য কৰে সাংসদগৰাকীয়ে ।

মই ডিটেনশ্বন কেম্পৰ দুৰ্ঘোৰ বিৰোধীঃ সাংসদ আব্দুল খালেক

ইপিনে হিমন্ত বিশ্বই ডিটেনশ্বন কেম্প সম্পৰ্কে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়াত সাংসদগৰাকীয়ে কয়,

''ডিটেনশ্বন কেম্প সংবিধান বিৰোধী, যি সকল বিদেশী তেওঁলোকক বিদেশলৈ পঠিয়াই দিব লাগে আৰু যি সকল স্বদেশী তেওঁলোক মুক্ত ভাৱে বিচৰণ কৰিব লাগে ৷ মই সদায় ডিটেনশ্বন কেম্পৰ বিৰোধী'' ৷

ইফালে জনীয়া উপ-নিৰ্বাচন সম্পৰ্কে সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয়, জনীয়াৰ ৰাইজৰ ওপৰত বিশ্বাস আছে, কাৰণ যোৱা তিনিটা বছৰে তিনিটা নিৰ্বাচন অনুষ্ঠিত হৈছে আৰু তিনিটা নিৰ্বাচনতে ৰাইজে কংগ্ৰেছক গ্ৰহণ কৰি আহিছে ।

উল্লেখ্য যে, শেহতীয়া লোকসভা নিৰ্বাচনত জনীয়াৰ বিধায়ক আব্দুল খালেক বৰপেটা সমষ্টিৰ পৰা কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দিতা আগবঢ়াই সংসদলৈ নিৰ্বাচিত হৈছিল ৷

Intro:slug: as_jania_24sep_mp_abdul_khaleque's_reaction_byt1+pho1_story_asc10058

Anchor: কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰতা সম্পৰ্কে তীব্ৰ প্ৰতিক্ৰিয়া সাংসদ আব্দুল খালেকৰ।Body:slug: as_jania_24sep_mp_abdul_khaleque's_reaction_byt1+pho1_story_asc10058

VO-1: বৰপেটাৰ সাংসদ আব্দুল খালেকে আজি কলগাছিয়াত সাংবাদিকৰে হোৱা এক আচুতীয়া সাক্ষাৎকাৰত কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰতা সম্পৰ্কে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ কয় যে, দলৰ লগত মিত্ৰতা সম্পৰ্কে কোনো আলোচনা হোৱা নাই আৰু জনীয়া সমষ্টিত মিত্ৰতাৰ কোনো প্ৰয়োজন নাই বুলি তাৎপর্যপূৰ্ণ মন্তব্য কৰি এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমল কংগ্ৰেছলৈ আহিলে ভাল হব বুলিও মন্তব্য কৰে সাংসদ গৰাকীয়ে। ইফালে জনীয়া উপ-নিৰ্বাচন সম্পৰ্কে সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, জনীয়াৰ ৰাইজৰ ওপৰত বিশ্বাস আছে, কাৰণ যোৱা তিনিটা বছৰে তিনিটা নিৰ্বাচন অনুষ্ঠিত হৈছে আৰু তিনিটা নিৰ্বাচনতে ৰাইজে কংগ্রেছক গ্ৰহণ কৰিছে। হিমন্ত বিশ্বই ডিটেনশ্যন কেম্প সম্পৰ্কে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া হিচাপে ডিটেনশ্যন কেম্পৰ বিৰোধিতা কৰি বিজেপি বিধায়ক শিলাদিত্যক পাগল বুলিও আখ্যা দিয়াৰ লগতে অসম শিক্ষা সংসদৰ পুথি সম্পৰ্কেও তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সাংসদ আব্দুল খালেকে।Conclusion:slug: as_jania_24sep_mp_abdul_khaleque's_reaction_byt1+pho1_story_asc10058

Byte: আব্দুল খালেক।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.