ETV Bharat / state

জনীয়াত সাংসদ আব্দুল খালেকক সম্বৰ্দ্ধনা - সম্বৰ্ধনা অনুষ্ঠান

নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰদান কৰা প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰাৰ চেষ্টা কৰিব বুলিও নৱ নিৰ্বাচিত সাংসদগৰাকীয়ে দোহাৰে ৷ আনকি 'ডি' ভোটাৰ আৰু এন আৰ চি সম্পৰ্কে অচিৰেই বৰপেটাত উচ্চ পৰ্যায়ৰ কেইবাগৰাকী অভিজ্ঞ অধিবক্তাৰ উপস্থিতত এখন আইনী কৰ্মশালাৰ আয়োজন কৰিব বুলিও ঘোষণা কৰে ৷

নৱ নিৰ্বাচিত সাংসদ আব্দুল খালেকক সম্বৰ্ধনা
author img

By

Published : Jun 9, 2019, 10:11 AM IST

জনীয়া, 09 জুন : 6 নং বৰপেটা লোকসভা সমষ্টিৰ নৱ নিৰ্বাচিত সাংসদ আব্দুল খালেকক শনিবাৰে বৰপেটাত সম্বৰ্দ্ধনা জনোৱা হয় ৷ ভাতকুছিৰ স্কাইলাৰ্ক ক্লাৱ এণ্ড লাইব্ৰেৰী আৰু মন্দিয়া ব্লক কংগ্ৰেছৰ উদ্যোগত পৃথকে পৃথকে এই সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷

ভাতকুছিৰ স্কাইলাৰ্ক ক্লাব এণ্ড লাইব্ৰেৰীৰ উদ্যোগত আয়োজিত অনুষ্ঠানত অৱসৰ প্ৰাপ্ত শিক্ষক খালেক আহমেদ আৰু মন্দিয়া ব্লক কংগ্ৰেছৰ উদ্যোগত আয়োজিত সম্বৰ্ধনা অনুষ্ঠানত মন্দিয়া ব্লক কংগ্ৰেছৰ সভাপতিয়ে সভাপতিত্ব কৰে ৷ সাংসদ গৰাকীক কংগ্ৰেছ দলৰ বিভিন্ন পৰ্য্যায়ৰ নেতা-কৰ্মীৰ লগতে সাধাৰণ ৰাইজেও গামোচা,জাপি, শৰাই আৰু কলমেৰে সম্বৰ্ধনা জ্ঞাপন কৰে ৷ দুয়োটা অনুষ্ঠানতে সাংসদ আব্দুল খালেকে সমগ্ৰ 6 নং বৰপেটা লোকসভা সমষ্টিৰ ৰাইজক আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰে ৷ সাংসদ আব্দুল খালেকে 'ডি'ভোটাৰৰ সমস্যা তথা এন আৰ চিত যদি কোনো বৈধ ভাৰতীয় নাগৰিক বাদ পৰে তেন্তে তেওঁৰ পক্ষত সংসদৰ ভিতৰে-বাহিৰে শক্তিশালী ভূমিকা গ্ৰহণ কৰা, সত্ৰ নগৰী বৰপেটাক ঐতিহ্য নগৰী হিচাপে গঢ়ি তোলাৰ লগতে উন্নয়নৰ যাত্ৰা অব্যাহত ৰাখিব বুলি প্ৰকাশ কৰে ৷ নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰদান কৰা প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰাৰ চেষ্টা কৰিব বুলিও নৱ নিৰ্বাচিত সাংসদগৰাকীয়ে দোহাৰে ৷ আনকি 'ডি' ভোটাৰ আৰু এন আৰ চি সম্পৰ্কে অচিৰেই বৰপেটাত উচ্চ পৰ্যায়ৰ কেইবাগৰাকী অভিজ্ঞ অধিবক্তাৰ উপস্থিতত এখন আইনী কৰ্মশালাৰ আয়োজন কৰিব বুলিও ঘোষণা কৰে ৷

নৱ নিৰ্বাচিত সাংসদ আব্দুল খালেকক সম্বৰ্ধনা

মন্দিয়া ব্লক কংগ্ৰেছৰ উদ্যোগত আয়োজিত সম্বৰ্ধনা অনুষ্ঠান খনত বাঘবৰ বিধান সভা সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদ উপস্থিত থাকি আদৰণী ভাষণ আগবঢ়ায় ৷ ভাষণত বিধায় গৰাকীয়ে সাংসদ আব্দুল খালেকক ভূয়সী প্ৰশংসা কৰা দেখা যায় ৷ লগতে জনীয়া বিধান সভাসমষ্টিৰ বাবে হ'বলগীয়া উপ-নিৰ্বাচনত উন্নয়নৰ গতি অধিক তীব্ৰতৰ কৰিবলৈ দলে যাকেই প্ৰাৰ্থিত্ব প্ৰদান নকৰক কিয় তেওঁক বিপুল ভোটত জয়ী কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায় ৷

Intro:slug: as_jania_09jun_hombordhona_onusthan_vis2_asc10058

জনীয়া ৯ জুনঃ নৱ নিৰ্বাচিত সাংসদ আব্দুল খালেকক বিপুল সম্বৰ্ধনা।Body:slug: as_jania_09jun_hombordhona_onusthan_vis2_asc10058

৬ নং বৰপেটা লোকসভা সমষ্টিৰ নৱ নিৰ্বাচিত সাংসদ আব্দুল খালেকক শনিবাৰে বৰপেটা জিলাৰ ভাতকুছিস্থিত স্কাইলাৰ্ক ক্লাব এণ্ড লাইব্ৰেৰী আৰু মন্দিয়া ব্লক কংগ্ৰেছৰ উদ্যোগত পৃথকে পৃথকে সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা। ভাতকুছিৰ স্কাইলাৰ্ক ক্লাব এণ্ড লাইব্ৰেৰীৰ উদ্যোগত আয়োজিত অনুষ্ঠানত অৱসৰ প্ৰাপ্ত শিক্ষক খালেক আহমেদ আৰু মন্দিয়া ব্লক কংগ্ৰেছৰ উদ্যোগত আয়োজিত সম্বৰ্ধনা অনুষ্ঠানত মন্দিয়া ব্লক কংগ্ৰেছৰ সভাপতিয়ে সভাপতিত্ব কৰে। গামোচা,জাপি শৰাই আৰু কলমেৰে সাংহদ গৰাকীক কংগ্ৰেছ দলৰ বিভিন্ন পৰ্য্যায়ৰ নেতা-কৰ্মীৰ লগতে সাধাৰণ ৰাইজেও বিপুল ভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা পৰিলক্ষিত হয়। দুয়োখন অনুষ্ঠানতে বক্তব্যৰ মাজত সাংসদ আব্দুল খালেকে সমগ্ৰ ৬ নং বৰপেটা লোকসভা সমষ্টিৰ ৰাইজক আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। সাংসদ আব্দুল খালেকে 'ডি'ভোটৰ সমস্যা, এন আৰ চিত যদি কোনো বৈধ ভাৰতীয় নাগৰিক বাদ পৰে তেন্তে তেওঁৰ পক্ষত সংসদৰ ভিতৰে-বাহিৰে শক্তিশালী ভূমিকা গ্ৰহণ কৰা, সত্ৰ নগৰী বৰপেটাক ঐতিহ্য নগৰী হিচাপে গঢ়ি তোলাৰ লগতে উন্নয়ণৰ যাত্ৰা অব্যাহত ৰাখিব বুলি প্ৰকাশ কৰে। নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰদান কৰা প্ৰতিশ্ৰুতি অক্ষৰে অক্ষৰে পালন কৰাৰ চেষ্টা কৰিব বুলিও নৱ নিৰ্বাচিত সাংসদ গৰাকীয়ে দোহাৰে। আনকি 'ডি' ভোট আৰু এন আৰ চি সম্পৰ্কে অচিৰেই বৰপেটাত উচ্চ পৰ্যায়ৰ কেইবাগৰাকী অভিজ্ঞ অধিবক্তাৰ উপস্থিতত এখন আইনী কৰ্মশালাৰ আয়োজন কৰিব বুলিও ঘোষণা কৰে। বিগতদিনৰ সাংসদ সকলক ৰাইজে বিচাৰি নোপোৱাৰ বিপৰীতে 'ডি' ভোট আৰু এন আৰ চি সম্পৰ্কে সাংসদ আব্দুল খালেকে অভয় প্ৰদান কৰাত ৰাইজক উৎসাহী হোৱা দেখা যায়। মন্দিয়া ব্লক কংগ্ৰেছৰ উদ্যোগত আয়োজিত সম্বৰ্ধনা অনুষ্ঠানত বাঘবৰ বিধান সভা সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদ উপস্থিত থাকি আদৰণি ভাষন আগবঢ়ায়। ভাষনত বিধায়ক গৰাকীয়ে সাংসদ আব্দুল খালেকক ভূয়সী প্ৰশংসা কৰা দেখা যায়। জনীয়া বিধান সভা সমষ্টিৰ বাবে হ'বলগীয়া উপ-নিৰ্বাচনত উন্নয়ণৰ গতি অধিক তীব্ৰতৰ কৰিবলৈ দলে যাকেই প্ৰাৰ্থিত্ব প্ৰদান নকৰক কিয় তেওঁক বিপুল ভোটত জয়ী কৰিবলৈ ৰাইজৰ প্ৰতি আহবান জনায়।Conclusion:slug: as_jania_09jun_hombordhona_onusthan_vis2_asc10058

স্বফিকুল হাছান, জনীয়া।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.