ETV Bharat / state

ভট্টদেৱ বিশ্ববিদ্যালয়ত আছুৰ তীব্ৰ প্ৰতিবাদ - আছু

ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক কৰ্তন কৰাকলৈ পাঠশালাত আছুত ব্যাপক প্ৰতিবাদ ৷ বিশ্ববিদ্যালয়লৈ চৰকাৰে আবন্টন কৰা ধনৰ অপ ব্যৱহাৰ কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আঞ্চলিক ছাত্ৰ সন্থাই ৷

aasu-protests-in-bhattadev-university
ভট্টদেৱ বিশ্ববিদ্যালয়ত আছুৰ তীব্ৰ প্ৰতিবাদ
author img

By

Published : Sep 4, 2021, 9:18 PM IST

পাঠশালা, 4 আগষ্ট : শিক্ষা নগৰী ৰূপে খ্যাত পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিকৰ শ্ৰেণী কৰ্তৃপক্ষই কৰ্তন কৰা বিষয়টোক লৈ এতিয়া জাঙুৰ খাই উঠিছে পাঠশালা আঞ্চলিক ছাত্র সন্থাৰ কৰ্মী সকল । উল্লেখ্য যে বজালী জিলাত উৰ্ত্তীৰ্নৰ হাৰ বেছি আৰু কলেজ সমুহত আসনৰ সংখ্যা কম হোৱাৰ বাবে ছাত্ৰ-ছাত্ৰী সকলে প্রতি বছৰে উচ্চতৰ মাধ্যমিকত নাম ভৰ্তিৰ ক্ষেত্ৰত অসুবিধাৰ সম্মুখীন হৈ আহিছে ৷

পাঠশালাৰ বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু পাঠশালা কলেজৰ দৰেই বজালী মহাবিদ্যালয় অৰ্থাৎ এতিয়াৰ ভট্টদেৱ বিশ্ববিদ্যালয়তো এই পাঠ্যক্ৰম চলি আছিল । কিন্তু অতি দুখ আৰু পৰিতাপৰ বিষয় যে, চলিত বৰ্ষত উচ্চতৰ মাধ্যমিকৰ শ্ৰেণী কৰ্তন কৰাক লৈ এতিয়া হতচকিত হৈ পৰিছে ছাত্ৰ ছাত্ৰী সকলৰ লগতে দল সংগঠনো ।

ভট্টদেৱ বিশ্ববিদ্যালয়ত আছুৰ তীব্ৰ প্ৰতিবাদ

আনহাতে ভট্টদেৱ বিশ্ববিদ্যালয় লৈ চৰকাৰে আবন্টন কৰা ধনৰ অপ ব্যৱহাৰ কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে পাঠশালা আঞ্চলিক ছাত্র সন্থাৰ কৰ্মী সকলে । এই বিষয়ত অধিক তদন্তৰ বাবেও বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে আঞ্চলিক ছাত্ৰ সন্থাই ৷

উচ্চতৰ মাধ্যমিক শ্ৰেণী কৰ্তন আৰু বিশ্ববিদ্যালয়ৰ নামত আবন্টিত ধনৰ অপ ব্যৱহাৰৰ বিষয়টোক লৈ শুকুৰবাৰে ভট্টদেৱ বিশ্ববিদ্যালয় গেটৰ সমুখত তীব্ৰ প্ৰতিবাদ কৰে পাঠশালা আঞ্চলিক ছাত্র সন্থাই । উপাচাৰ্য্যৰ ময়-মতালি নচলিব, উচ্চতৰ মাধ্যমিক শাখা উঠাই লোৱা নহ’ব আদি শ্লোগানেৰে উত্তাল প্ৰতিবাদ কৰে আছু কৰ্মী সকলে । অৱশেষত পাঠশালা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷

লগতে পঢ়ক : ৰাজ্য চৰকাৰৰ চাৰিমহীয়া কাৰ্যকালত স্বাস্থ্য খণ্ডত ১,৯৪১ টা পদত নিযুক্তি : কেশৱ মহন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.