ETV Bharat / state

জাৱৰ নিষ্কাষণ আঁচনিত কেলেংকাৰীৰ অভিযোগ আছুৰ

author img

By

Published : Jan 8, 2020, 11:45 PM IST

জাৱৰ নিষ্কাষণ আঁচনিত কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰিছে আছুয়ে ৷ সামগ্ৰী যোগানৰ পূৰ্বেই ঠিকাদাৰক 60 শতাংশ ধন মুকলি কৰি দিয়াৰ অভিযোগ আছুৰ ৷

কেলেংকাৰীৰ অভিযোগ আছুৰ
জাৱৰ নিষ্কাষণ আঁচনি

বৰপেটা, 8 জানুৱাৰীঃ বৰপেটাত জাৱৰ নিষ্কাষণৰ বাবে আৰম্ভ হোৱা বিশেষ আঁচনিত কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰিছে সদৌ অসম ছাত্ৰ সন্থা (আছু)ই ৷ স্বচ্ছ ভাৰত অভিযানৰ নামত ৰূপায়ন কৰা আঁচনিখনৰ 60 শতাংশ ধন সামগ্ৰী যোগানৰ পূৰ্বেই ঠিকাদাৰক মোকলাই দিয়া বুলি অভিযোগ তুলিছে বৰপেটা জিলা ছাত্ৰ সন্থাৰ সভাপতি কৃষ্ণকান্ত দাসে ৷ আনহাতে, বৰপেটা পৌৰসভাই ছাত্ৰসন্থাৰ অভিযোগ নাকচ কৰি ঠিকাদাৰক 30 শতাংশ ধনহে আদায় দিয়া বুলি মন্তব্য কৰিছে ৷

জাৱৰ নিষ্কাষণ আঁচনিত কেলেংকাৰীৰ অভিযোগ আছুৰ

স্বচ্ছতাৰ নামত ৰূপায়ন কৰা আঁচনিৰ ধনৰ খেলিমেলিক লৈ আছুৱে উত্থাপন কৰা অভিযোগে এই মূহুৰ্তত বিশেষ গুৰুত্ব বহন কৰিছে ৷ আনহাতে বৰপেটা চহৰৰ পানীত আৰ্চেনিকৰ উপস্থিতি ধৰা পৰাৰ পাচতো এই ক্ষেত্ৰত পৌৰসভাই কোনো পদক্ষেপ গ্ৰহণ নকৰাকলৈ ক্ষোভ প্ৰকাশ কৰিছে বৰপেটা জিলা ছাত্ৰ সন্থাই ৷

আৰু পঢ়ক : সৰ্বানন্দ সোণোৱালে বান্দৰ নাচ নাচি আছে-ৰিপুন বৰা

Intro:

বৰপেটা, ৮ জানুৱাৰীঃ বৰপেটাত জাবৰ নিস্কাষণৰ বাবে আৰম্ভ হৈছে বিশেষ আঁচনি ৷ বৰপেটা চহৰৰ প্ৰতিটো পৰিয়ালৰ ঘৰে ঘৰে হৈ জাৱৰ সংগ্ৰহৰ কাম আৰম্ভ কৰিছে পৌৰসভাই ৷ বৰপেটা পৌৰসভাৰ সভানেত্ৰীয়ে জনোৱামতে, জাৱৰ নিস্কাষণৰ বাবে পৌৰসভাই গ্ৰহন কৰিছে ৫২ লাখ টকাৰ এখন আঁচনি ৷ এই আঁচনি অনুসৰি স্বেচ্ছাসেৱী সংস্থাৰ কৰ্মীয়ে ঘৰে ঘৰে গৈ জাৱৰ সংগ্ৰহ কৰাৰ কাম আৰম্ভ কৰিছে ৷
Body:ইপিনে স্বচ্ছ ভাৰত অভিযানৰ নামত ৰূপায়ন কৰা আঁচনিখন ৰূপায়নৰ নামত পৌৰসভাৰ সভানেত্ৰীয়ে অস্বচ্ছতাৰ আশ্ৰয় লোৱাৰ অভিযোগ তুলিছে বৰপেটা জিলা ছাত্ৰ সন্থাই ৷ বৰপেটা পৌৰসভাই আচনিখন ৰূপায়নৰ ক্ষেত্ৰত সামগ্ৰী যোগানৰ পূৰ্বেই ঠিকাদাৰক ৬০ শতাংশ ধন মোকলাই দিয়া বুলি বৰপেটা জিলা ছাত্ৰ সন্থাৰ সভাপতি কৃষ্ণকান্ত দাসে অভিযোগ তুলিছে ৷ আনহাতে বৰপেটা পৌৰসভাই ছাত্ৰসন্থাৰ অভিযোগ নাকচ কৰি ঠিকাদাৰক ত্ৰিছ শতাংশ ধনহে আদায় দিয়া বুলি মন্তব্য কৰিছে ৷ স্বচ্ছতাৰ নামত ৰূপায়ন কৰা আচনিৰ ধনৰ খেলিমেলিক লৈ আছুৱে উত্থাপন কৰা অস্বচ্ছতাৰ অভিযোগে এই মুহুৰ্তত বিশেষ গুৰুত্ব বহন কৰিছে ৷ আনহাতে বৰপেটা চহৰৰ পানীত আৰ্চেনিকৰ উপস্থিতি ধৰা পৰাৰ পিচতো পানীৰ আৰ্চেনিক শোধনৰ ক্ষেত্ৰত পৌৰসভাই কোনো পদক্ষেপ গ্ৰহন নকৰা কথাকলৈয়ো ক্ষোভ ব্যক্ত কৰিছে বৰপেটা জিলা ছাত্ৰসন্থাই ৷

Conclusion:বাইটঃ বৰপেটা জিলা আছুৰ সভাপতি ৷
বাইটঃ পৌৰপতি ৷
বাইটঃ জাৱৰ নিসিকাষনত জৰিত স্বেচ্ছাসেৱী সংস্থাৰ কৰ্মী ৷

---- বাপকন দাস, বৰপেটা ৷

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.