ETV Bharat / state

বৰপেটাত আছুৰ প্ৰতিবাদ

author img

By

Published : Jan 24, 2021, 3:47 PM IST

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ বিৰোধিতাৰে বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয় প্ৰাংগনত তীব্ৰ প্ৰতিবাদ । ছাত্ৰ সংগঠনটোৱে দাহ কৰিলে নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ প্ৰতিলিপি ।

বৰপেটাত আছুৰ প্ৰতিবাদ
বৰপেটাত আছুৰ প্ৰতিবাদ

বৰপেটা ২৪ জানুৱাৰী: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ বিৰোধিতা কৰি ৰাজ্যজুৰি তীব্ৰ আন্দোলন গঢ়ি তুলিছিল সদৌ অসম ছাত্ৰ সন্থাই ৷ দেওবাৰেও অমিত শ্বাহৰ অসম ভ্ৰমণক কেন্দ্ৰ কৰি বিক্ষোভ প্ৰদৰ্শন কৰিলে ছাত্ৰ সংগঠনটোৱে ৷ বৰপেটা ছাত্ৰ সন্থাৰ কাৰ্যালয় প্ৰাংগনত ৰূপায়ন কৰিলে প্ৰতিবাদী কাৰ্যসূচী । সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি দাহ কৰিলে নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ প্ৰতিলিপি ।

বিশেষকৈ অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰী কৰা, কা বাতিল, EIA বাতিল আদিৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে । চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ছাত্ৰ সংগঠনটোৱে ৷ এই আইন বাতিল নকৰা পৰ্যন্ত অসমৰ ৰাইজ ক্ষান্ত নহয় বুলি চৰকাৰক সকীয়াই দিয়ে বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই ।

লগতে পঢ়ক: প্ৰাৰ্থীৰ পেনেল ৮০ শতাংশ সম্পূৰ্ণ কৰিও আশ্বস্ত হ’ব পৰা নাই বিজেপি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.