সৰুপথাৰ, 13 মে' : ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ ক্ষেত্ৰত একাংশ লোকে ভুৱা আৰু মনেসজা আপত্তি দাখিল কৰি সমগ্ৰ প্ৰক্ৰিয়াটোত বেমেজালিৰ সৃষ্টি কৰাৰ অভিযোগেৰে ৰাজ্য ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ বৰপেটাত অbস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে আমছুৱে ৷ বৰপেটা জিলা জিলা পুথিভঁৰাল চৌহদত আমছুৱে ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী ৷ লগতে ভুৱা আপত্তি দাখিলেৰে প্ৰকৃত ভাৰতীয় নাগৰিকক হাৰাশাস্তি বন্ধ কৰাৰ দাবী জনায় আমছুৱে ৷
ইপিনে উচ্চতম ন্যায়ালয়ক অন্ধকাৰত ৰাখি নাগৰিকপঞ্জীৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ সহযোগত একাংশ জাতীয় সংগঠনে এই হাৰাশাস্তি চলোৱাৰ অভিযোগ তোলে একাংশ প্ৰতিবাদকাৰীয়ে ৷ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ সমগ্ৰ প্ৰক্ৰিয়াটোত ব্যাঘাত জন্মাবলৈ প্ৰতীক হাজেলাই এ আৰ এন নম্বৰসমূহ যোগান ধৰি আপত্তি দাখিল কৰা বুলিও অভিযোগ তোলে প্ৰতিবাদকাৰীসকলে ৷ প্ৰতীক হাজেলাৰ এই কাৰ্যৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ জৰিয়তে এক ন্যায়িক তদন্ত কৰিবলৈকো দাবী জনায় আমছুৱে ৷ আনহাতে ভূৱা আপত্তি দাখিলেৰে ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰা লেকসকলৰ বিৰুদ্ধে তদন্তৰ দাবী জনোৱাৰ লগতে অভিযোগকাৰীৰ উপযুক্ত ঠিকনা নথকা অভিযোগসমূহ নাকচ কৰাৰো দাবী জনায় ৷ আনহাতে ৰাজ্যৰ দল সংগঠনসমুহকো আপত্তিসমুহ উঠাই লবলৈ আহ্বান জনোৱাৰ লগতে বৰপেটাৰ উপায়ুক্তৰ জৰিয়তে নাগৰিকপঞ্জীৰ পঞ্জীয়কলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে বৰপেটাৰ আমছুৰ জিলা সমিতিয়ে ৷