ETV Bharat / state

২০ বছৰে জাতীয় পতাকা তৈয়াৰ কৰি অহা এগৰাকী দৰ্জী

author img

By

Published : Jan 23, 2020, 1:46 PM IST

গণতন্ত্ৰ দিৱসলৈ মাজত মাঁথো দুটা দিন ৷ 71 সংখ্যক গণতন্ত্ৰ দিৱসৰ বাবে জাতীয় পতাকা প্ৰস্তুত কৰি উলিয়াইছে কলগাছিয়াৰ পিয়াৰ আলীয়ে ৷ বিগত 20 বছৰে নিজ হাতেৰে পতাকা প্ৰস্তুত কৰি আহিছে এইগৰাকী দৰ্জীয়ে ৷

A tailor Preparation National Flag continuously twenty years
২০ বছৰে জাতীয় পতাকা তৈয়াৰ কৰি অহা এগৰাকী দৰ্জী

জনীয়া , 23 জানুৱাৰী : ৭১ সংখ্যক গণতন্ত্ৰ দিৱস উদযাপন কৰিবলৈ জাতীয় পতাকা প্ৰস্তুত কৰিছে কলগাছিয়াৰ দৰ্জী পিয়াৰ আলীয়ে । বিগত ২০ বছৰ ধৰি নিজ হাতে জাতীয় পতাকা তৈয়াৰ কৰি আহিছে পিয়াৰ আলীয়ে । প্ৰতি বছৰে গণতন্ত্ৰ দিৱস আৰু স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত তেওঁ নিজ হাতেৰে প্ৰস্তুত কৰি উলিয়াই দেশৰ স্বভিমান তিনিবৰণীয়া জাতীয় পতাকাখন । পিয়াৰ অলীয়ে জীৱনৰ প্ৰথম অৱস্থাত দুই-চাৰি খন পতাকা চিলাই কৰি বিক্ৰী কৰিছিল যদিও পাছলৈ সৰহ সংখ্যক পতাকা চিলাই কৰি বিভিন্ন স্থানলৈ প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰে ৷ বৃহত্তৰ কলগাছিয়াৰ লগতে বৰপেটা, বৰভিটা, ময়নবৰী, জয়পুৰ, তাৰাকান্দি, বাঘবৰ আদি অঞ্চললৈ পিয়াৰ আলীয়ে প্ৰস্তুত কৰা জাতীয় পতাকা প্ৰেৰণ কৰে । প্ৰতিখন পতাকাৰ মূল্য ১৫০ টকাৰ পৰা ২৫০ টকা পৰ্যন্ত । সম্প্ৰতি পিয়াৰ আলীৰ কৰ্মক ভূয়সী প্ৰশংসা কৰিছে স্থানীয় ৰাইজে ।

২০ বছৰে জাতীয় পতাকা তৈয়াৰ কৰি অহা এগৰাকী দৰ্জী

আৰু পঢ়ক : ২৪ জানুৱাৰীৰ পৰা বৰপেটাত গ্ৰন্থ উৎসৱ

Intro:slug: as_jania_23jan_preparation_national_flag_vis3+byt2+pho2_spl_pkg_story_asc10058

Anchor: গণতন্ত্ৰ আৰু স্বাধীনতা দিৱসৰ আগজাননী বিলাই জাতীয় পতাকা প্ৰস্তুত কৰিছে কলগাছিয়াৰ পিয়াৰ আলীয়ে। বিগত ২০ বছৰ ধৰি নিজ হাতে প্ৰস্তুত কৰি ৰাইজলৈ দি আহিছে গণতন্ত্ৰ দিৱসৰ আগ জাননী। এই সন্দৰ্ভত চাওক ই টিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন -Body:slug: as_jania_23jan_preparation_national_flag_vis3+byt2+pho2_spl_pkg_story_asc10058

VO: বৰপেটা জিলাৰ কলগাছিয়াৰ দৰ্জী পিয়াৰ আলীয়ে জীৱনৰ ২০টা বছৰ ধৰি জাতীয় পতাকা তৈয়াৰ কৰি আহিছে। দুদিন পাছত ৭১ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিবলৈ জাতীয় পতাকা সাজু কৰিছে কলগাছিয়াৰ পিয়াৰ আলীয়ে। কলগাছিয়া বজাৰত দৰ্জীৰ কাম কৰি জীৱিকা নিৰ্বাহ কৰা পিয়াৰ আলীয়ে ভাল পায় জাতীয় পতাকা। সেয়ে প্ৰতি বছৰে গণৰাজ্য দিৱস আৰু স্বাধীনতা দিৱসৰ আগে আগে তেওঁ নিজ হাতেৰে এইদৰে প্ৰস্তুত কৰি উলিয়ায় ভাৰতৰ তিনি বৰণীয়া জাতীয় পতাকাখন। পিয়াৰ অলীয়ে জীৱনৰ প্ৰথম অৱস্থাত দুই-চাৰি খন পতাকা চিলাই কৰি বিক্ৰী কৰিছিল। তাৰ পাছৰ পৰাই ২৬ জানুৱাৰী আৰু ১৫ আগষ্ট আহিলেই তেওঁৰ মনটো আগ্ৰহী হৈ পৰে পতাকা চিলাই কৰাৰ কাৰণে। বৃহত্তৰ কলগাছিয়াৰ লগতে বৰপেটা, বৰভিটা, ময়নবৰী, জয়পুৰ, তাৰাকান্দি, বাঘবৰ আদি অঞ্চললৈ যায় পিয়াৰ আলীয়ে প্ৰস্তুত কৰা জাতীয় পতাকা। ১৫০ টকাৰ পৰা ২৫০ টকালৈ বিক্ৰী কৰে পতাকা। সম্প্ৰতি পিয়াৰ আলীৰ ব্যতিক্ৰমী কৰ্মক ভূয়সী প্ৰশংসা কৰিছে ৰাইজে।

Special Package StoryConclusion:slug: as_jania_23jan_preparation_national_flag_vis3+byt2+pho2_spl_pkg_story_asc10058

Byte: পিয়াৰ আলী আৰু স্থানীয় ৰাইজ।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।

Special Package Story
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.