বৰপেটা, 30 নৱেম্বৰঃ বৰপেটা জিলাৰ লাংলা ছিনিয়ৰ মাদ্ৰাছাৰ ভাৰপ্ৰাপ্ত অধীক্ষকৰ ভয়ংকৰ দুৰ্নীতিৰ অভিযোগ। মাদ্ৰাছাখনৰ কম্পিউটাৰ মেৰামতিৰ নামত অহা ২৪ হেজাৰ টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন অধীক্ষক আব্দুৰ ৰৌফৰ বিৰুদ্ধে। দীৰ্ঘদিন ধৰি বিদ্যালয়খনৰ ৯ টা কম্পিউটাৰৰ ৮ টা কম্পিউটাৰেই বিকল হৈ আছিল। বিগত বহু দিন ধৰি বিকল হৈ থকা কম্পিউটাৰকেইটা মেৰামতি বাবে শিক্ষাৰ্থীকে ধৰি সচেতন নাগৰিকে কম্পিটাৰকেইটা মেৰামতি কৰিবলৈ দাবী কৰে যদিও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল অধীক্ষক গৰাকীয়ে ৷ কিন্তু আশ্চৰ্যজনকভাৱে অধীক্ষক গৰাকীয়ে দাখিল কৰে কম্পিউটাৰ মেৰামতিৰ ভাউচাৰ ৷ যাৰ বাবে ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ ৷ কিয়নো কম্পিউটাৰ কেইটা মেৰামতি নকৰাকৈ কেনেকৈ শিক্ষক গৰাকীয়ে ভাউচাৰ দাখিল কৰিলে বুলিও মন্তব্য কৰে ৷
