গোৱালপাৰা,17 মাৰ্চ: গোৱালপাৰা জিলাৰ সীমান্তৰ বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ আলোপতি আৰক্ষী থানাৰ অন্তৰ্গত খাটিয়ামাৰীত বুধবাৰে এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । তীব্ৰ বেগত অহা এখন ট্ৰেক্টৰে নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত পৰা ফলত সংঘটিত হয় দুৰ্ঘটনাটো ৷
স্থানীয় লোকে সদৰী কৰা মতে এই দুঘৰ্টনাৰ ফলত ট্ৰেক্টৰৰ চালক জন থিতাতে নিহত হয় ৷ নিহত চালক জনৰ নাম খাটিয়ামাৰী গাঁৱৰ বাসিন্দা জয়নাল আবদিনৰ পুত্ৰ আলম (৩০) বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক: গোলকগঞ্জত কংগ্ৰেছ প্ৰাৰ্থী আব্দুছ ছুবাহান আলী সৰকাৰক উষ্ম আদৰণি