ETV Bharat / state

মাৰাণাস্ত্ৰ এৰি কুটীৰ শিল্পত মনোনিৱেশ কৰা বজালীৰ এগৰাকী ব্যক্তি - মাৰাণাস্ত্ৰ এৰি কুটীৰ শিল্পত মনোনিৱেশ কৰা বজালীৰ এগৰাকী ব্যক্তি

বজালী জিলাৰ এগৰাকী ব্যতিক্ৰমী ব্যক্তি ৷ দুধৰ্ষ সন্ত্ৰাসবাদী সংগঠনৰ কেডাৰৰ পৰা এগৰাকী কুটীৰ শিল্পীলৈ পৰিৱৰ্তন হোৱা বজালী জিলাৰ এইগৰাকী ব্যক্তি ৷ যি গৰাকী ব্যক্তি মাৰাণস্ত্ৰ এৰি পৰিৱেশ সজাগতাৰ প্ৰতি আকৰ্ষিত হল আৰু নিজকে নিয়োগ কৰিলে বিভিন্ন ৰং বিৰঙী ফুলৰ টাব, ফুলদানী, জাতীয় পতাকা, পডিয়াম, ভগৱানৰ মূৰ্তি আদি নিৰ্মাণৰ কামত ৷

a-man-from-bajali-who-left-maranastra-and-concentrated-on-the-art-of-a-hu
মাৰাণাস্ত্ৰ এৰি কুটীৰ শিল্পত মনোনিৱেশ কৰা বজালীৰ এগৰাকী ব্যক্তি
author img

By

Published : Jul 29, 2021, 10:58 PM IST

বৰপেটা, 29 জুলাই: দুধৰ্ষ সন্ত্ৰাসবাদী সংগঠনৰ কেডাৰৰ পৰা কুটীৰ শিল্পীলৈ পৰিৱৰ্তন হোৱা বজালী জিলাৰ এগৰাকী ব্যতিক্ৰমী ব্যক্তি ৷ যি গৰাকী ব্যক্তিয়ে 1984 চনত সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফাত যোগদান কৰিছিল আৰু 1993 চনত তামুলপুৰ থানাত আত্মসম্পৰ্ণ কৰিছিল ৷ সেই গৰাকী ব্যক্তিৰ বৰ্তমানৰ পৰিচয় কুটীৰ শিল্পী দ্বীপেন খাটনিয়াৰ ৷ যি গৰাকী ব্যক্তি মাৰাণস্ত্ৰ এৰি পৰিৱেশ সজাগতাৰ প্ৰতি আকৰ্ষিত হ'ল আৰু নিজকে নিয়োগ কৰিলে বিভিন্ন ৰং-বিৰঙী ফুলৰ টাব, ফুলদানী, জাতীয় পতাকা, পডিয়াম, ভগৱানৰ মূৰ্তি আদি নিৰ্মাণৰ কামত ৷

মাৰাণাস্ত্ৰ এৰি কুটীৰ শিল্পত মনোনিৱেশ কৰা বজালীৰ এগৰাকী ব্যক্তি

বৰ্তমান সময়ত পেলনীয়া বাঁহৰ টুকুৰাত ফুলৰ টাব, জাতীয় পতাকা, পডিয়াম, ভগৱানৰ মূৰ্তি আদি ন ৰূপ দিয়াত ব্যস্ত হৈছে এসময়ৰ পৰেশ বৰুৱাপন্থী আলফা নেতা দ্বীপেন খাটনিয়াৰ ৷ যি সময়ত প্লাষ্টিকে জীৱজগতলৈ ভয়াৱহতা নমাই আনিছে সেই সময়ত দ্বিপেন খাটনিয়াৰে প্লাষ্টিকৰ টাবৰ ব্যৱহাৰৰ পৰিবৰ্তে বাহঁৰ টাব, ফুলদানী তৈয়াৰ কৰি ৰাইজৰ মাজলৈ উলিয়াই দি পৰিৱেশ সচেতনতাৰ এক উৎকৃষ্ট নিৰ্দশন দাঙি ধৰিছে ৷ ব্যক্তিগৰাকীৰ কাম-কাজক লৈ যথেষ্ট উৎফুল্লিত হৈ পৰিছে স্থানীয় ৰাইজ ৷ বৰ্তমান 15 আগষ্টৰ বাবে ৰং তুলিকাৰে অংকণ কৰি জাতীয় পতাকাত শেষ পৰশ দিয়াত ব্যস্ত হৈ পৰিছে বজালীৰ এইগৰাকী শিল্পী ৷

উল্লেখ্য যে, প্লাষ্টিকমুক্ত এখন সমাজ গঢ়াৰ লক্ষ্যৰে এই পদক্ষেপ হাতত লোৱা বুলি উল্লেখ কৰে কুটীৰ শিল্পীগৰাকীয়ে ৷ অনাগত দিনতো এইধৰণৰ পদক্ষেপ অব্যাহত থাকিব বুলি উল্লেখ কৰে কুটীৰ শিল্পী দ্বিপেন খাটনিয়াৰে ৷ ইফালে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত পৰেশ বৰুৱাৰ সতে পাৰ কৰা মধুৰ ক্ষণৰ কথা প্ৰকাশ কৰিলে একালৰ আলফা কেডাৰ দ্বীপেন খাটনিয়াৰে ৷

লগতে পঢ়ক:ক’ভিড কেয়াৰ কেন্দ্ৰ নে গৰু গোহালি !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.