ETV Bharat / state

জন্মদিন পালনৰ ধন সাহায্য পুঁজিলৈ আগবঢ়ালে কণমাণি জাহ্নৱীয়ে

author img

By

Published : Jun 16, 2021, 10:39 PM IST

স্বাভাৱিকতে বছৰেকৰ মূৰত নিজৰ জন্মদিনটো আনতকৈ কিছু পৃথকৈ উদযাপন কৰাৰ আশা কৰে প্ৰতিগৰাকী কণমানিয়ে ৷ কিন্তু তাৰ ব্যতিক্ৰম হ'ল বজালী জিলাৰ বৰভালুকী গাঁও নিবাসী নৱকান্ত কলিতা আৰু সীমা কলিতাৰ কন্যা জাহ্নৱী কলিতা ৷ পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমিৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰী জাহ্নৱীয়ে বাতৰি কাকত তথা সংবাদ মাধ্যমৰ বাতৰিত ভয়াৱহ পৰিস্থিতি প্ৰত্যক্ষ কৰি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ধন আগবঢ়োৱা এক প্ৰস্তাৱ আগবঢ়ায় ৷

A little one who thinks somewhat differently from others
বজালীৰ এটি কণমানিৰ পিতৃ-মাতৃলৈ এক বিশেষ আহ্বান

পাঠশালা, 16 জুন : চৌদিশে মহামাৰী কৰ'ণাই মানৱ জাতিক স্তম্ভিত কৰি তোলাৰ সময়তে বজালীৰ এটি কণমানিৰ পিতৃ-মাতৃলৈ এক বিশেষ আহ্বান ৷ বাতৰি কাকত তথা সংবাদ মাধ্যমৰ বাতৰিত ভয়াৱহ পৰিস্থিতি প্ৰত্যক্ষ কৰি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ধন আগবঢ়োৱাৰ এক প্ৰস্তাৱ আগবঢ়াই জাহ্নৱী কলিতা নামৰ কণমানি জনীয়ে ৷ বজালী জিলাৰ বৰভালুকী গাঁৱৰ নৱকান্ত কলিতা আৰু সীমা কলিতাৰ কন্যা তথা পাঠশালা আনন্দৰাম বৰুৱা একাডেমীৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰী জাহ্নৱী কলিতাই পিতৃক কয় যে, "দেউতা,ময়ো আমাৰ মুখ্যমন্ত্ৰীক আনৰ দৰে পইচা দিম । এইবাৰ মোৰ জন্মদিন নাপাতো। ইমান বছৰেতো জন্মদিন পাতিয়েই আহিছো । এইবাৰ দেখোন মানুহবোৰে বাতৰি কাকতত মুখ্যমন্ত্ৰীক পইচা দি আছে । সেইকাৰণে এইবাৰ মোৰ জন্মদিনৰ সকলো পইচা মুখ্যমন্ত্ৰীক দিম।"

লগে লগে কনমানি ভনীয়েকৰ এই প্ৰস্তাৱত জ্যেষ্ঠ কন্যায়ো নিজৰ জন্মদিনৰ সমূদায় ধন মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ প্ৰেৰণ কৰাৰ প্ৰস্তাৱ আগবঢ়ায় ৷ দুই কন্যাৰ এনে প্ৰস্তাৱত দুয়ো পিতৃ-মাতৃ একপ্ৰকাৰ হতভম্ব হ'ল যদিও আঠবছৰীয়া কন্যাৰ এনে দূৰদৰ্শী চিন্তাৰে আগবঢ়োৱা প্ৰস্তাৱক আনন্দমনে গ্ৰহণ কৰে আৰু প্ৰতি বছৰে ওচৰ চুবুৰীয়াৰ সমনীয়াৰ লগত কন্যাৰ জন্মদিনৰ বাবদ খৰচ কৰিবলগীয়া পইচা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়োৱাৰ সিদ্ধান্ত লয় ৷

বিগত বছৰ সমূহত অতি ধুমধামেৰে জন্মদিন পালন কৰি অহা এই দুই ছাত্ৰীয়ে এইবাৰ পাঠশালা অসামৰিক চিকিৎসালয়ৰ চৌহদত নিম গছৰ পুলি ৰোপন কৰি জন্মদিন পালন কৰে ৷ এই ৰোপন কাৰ্যসূচীত পৰিৱেশ আৰু বন বিভাগৰ ব্ৰেণ্ড এম্বাচাদৰ আনন্দ খাটনিয়াৰে অংশ গ্ৰহণ কৰাৰ উপৰিও চিকিৎসালয়খনৰ ভাৰপ্ৰাপ্ত বিষয়া ডাঃ ৰানাপ্ৰতাপ ডেকা, চিকিৎসক গৌৰব শৰ্মাও উপস্থিত থাকে ৷ আটায়ে দুয়োকে জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে প্ৰতি গৰাকী শিশুকে এটিকৈ হ'লেও গছপুলি ৰোপনৰ বাবে আহ্বান জনায় ৷

লগতে পঢ়ক: ধানবাদৰ ক’লা হীৰা ফাগু মাহাতো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.