ETV Bharat / state

কলগাছিয়াত মহিলা নিৰুদ্দেশ - কলগাছিয়া আৰক্ষী থানা

কলগাছিয়াৰ টাপেশ্বৰা গাঁৱৰ ময়জান নেছা (৫৩) নামৰ মহিলা গৰাকী নিজ ভাতৃ বাদশা মিয়াৰ ঘৰৰ পৰা যোৱা ১২ মাৰ্চত নিৰুদ্দেশ হয় ৷ তেখেতৰ সন্ধান পোৱা ব্যক্তিক ৯৩২৬৭৫৪৪২৫/৬০০০০৪১৪৭৩ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকৰ অনুৰোধ ৷

কলগাছিয়াত এগৰাকী মহিলা নিৰুদ্দেশ
কলগাছিয়াত এগৰাকী মহিলা নিৰুদ্দেশ
author img

By

Published : Mar 24, 2021, 12:31 PM IST

কলগাছিয়া,24 মাৰ্চ: কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত টাপেশ্বৰা গাঁৱৰ ময়জান নেছা (৫৩) নামৰ মহিলা গৰাকী নিজ ভাতৃ বাদশা মিয়াৰ ঘৰৰ পৰা যোৱা ১২ মাৰ্চত নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে । বয়োজ্যেষ্ঠ মহিলা গৰাকীক পৰিয়ালৰ লোকৰ লগতে আত্মীয়-স্বজনে বিভিন্ন ঠাইত বিচাৰ-খোচাৰ কৰিও সন্ধান উলিয়াব পৰা নাই ।

কলগাছিয়াত এগৰাকী মহিলা নিৰুদ্দেশ
কলগাছিয়াত এগৰাকী মহিলা নিৰুদ্দেশ

নিৰুদ্দেশ সন্দৰ্ভত ময়জান নেছাৰ ভাতৃ বাদশা মিয়াই যোৱা ২১ মাৰ্চত কলগাছিয়া আৰক্ষী থানাত লিখিতভাৱে অৱগত কৰিছে । নিৰুদ্দেশ হোৱা ময়জান নেছা কিছু পৰিমাণে মানসিক বিকাৰগ্ৰস্থ বুলি জানিব পৰা গৈছে । শ্যামলা ৰঙৰ ময়জান নেছা ৫ ফুট ওখ আৰু গোলাপী ৰঙৰ এখন শাৰী কাপোৰ পিন্ধি থকা বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে ৷ যদি কোনোবাই ময়জান নেছাৰ সন্ধান পায় তেন্তে ওচৰৰ আৰক্ষী থানা অথবা ৯৩২৬৭৫৪৪২৫/৬০০০০৪১৪৭৩ নম্বৰত যোগাযোগ কৰিবলৈ ময়জান নেছাৰ পৰিয়ালে অনুৰোধ জনাইছে ।

লগতে পঢ়ক:মৰাণত চক্ৰধৰ গগৈৰ বৃহৎ বাইক ৰেলী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.