ETV Bharat / state

প্ৰধান শিক্ষকৰ বিৰুদ্ধে ব্যাপক অনিয়মৰ অভিযোগ - accused of gross irregularities

বৰপেটাৰ এগৰাকী প্ৰধান শিক্ষকৰ বিৰূদ্ধে উত্থাপিত হৈছে একাধিৰ গুৰুতৰ অভিযোগ ৷ ছাত্ৰ-ছাত্ৰীৰ বাবে আৱন্টিত আহাৰ বিতৰন লকৰাৰ লগতে বিদ্যালয়ত অনিয়মীয়া উপস্থিতিৰ অভিযোগ প্ৰধান শিক্ষকগৰাকীৰ বিৰূদ্ধে (Headmaster accused of gross irregularity)৷ এই সন্দৰ্ভত শিক্ষা খণ্ডৰ শিক্ষা বিষয়াৰ হস্তক্ষেপ বিচাৰিছে বিদ্যালয় পৰিচালনা সমিতিয়ে ৷

প্ৰধান শিক্ষকৰ বিৰুদ্ধে ব্যাপক অনিয়মৰ অভিযোগ

author img

By

Published : Dec 25, 2021, 5:29 PM IST

জনীয়া, 25 ডিচেম্বৰ: বৰপেটা জিলাৰ মন্দিয়া শিক্ষা খণ্ডৰ অন্তৰ্গত ২৯৮ নং কাদং প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰূদ্ধে উত্থাপিত হৈছে ব্যাপক অনিয়মৰ অভিযোগ (Headmaster accused of gross irregularity) ৷ বিদ্যালয়খনৰ প্ৰধান শিক্ষক ছফিউৰ ৰহমানৰ অনিয়মীয়া উপস্থিতি আৰু বিগত লকডাউনৰ পিছৰে পৰাই চাউলৰ লগতে মধ্যাহ্ন ভোজন বিতৰণ নকৰাৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে (Allegation of corruption in midday meal against headmaster) । ইয়াৰ লগতে প্ৰধান শিক্ষকগৰাকীয়ে বিদ্যালয় পৰিচালনা সমিতিৰ ওচৰত হিচাপ দাখিল নকৰাৰ অভিযোগো উত্থাপন হৈছে ।

শেহতীয়াকৈ প্ৰধান শিক্ষকগৰাকীয়ে ছাত্ৰ-ছাত্ৰীৰ মাজত মধ্যাহ্ন ভোজন বিতৰণ কৰাৰ সিদ্ধান্ত লৈছিল যদিও পৰিচালনা সমিতিয়ে বিদ্যালয়ৰ হিচাপ নিদিয়াকৈ খাদ্য সামগ্ৰী বিতৰণ কৰিবলৈ নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

প্ৰধান শিক্ষকৰ বিৰুদ্ধে ব্যাপক অনিয়মৰ অভিযোগ

এই ক্ষেত্ৰত বৰপেটা জিলাৰ মন্দিয়া শিক্ষা খণ্ডৰ শিক্ষা বিষয়া মতিয়াৰ ৰহমানৰ বিৰূদ্ধে অমনোযোগিতাৰ অভিযোগ উত্থাপিত হৈছে ৷ শিক্ষা বিষয়াগৰাকীৰ অমনোযোগিতাৰ বাবেই শিক্ষা খণ্ডটোৰ অন্তৰ্গত প্ৰায়সমূহ চৰকাৰী বিদ্যালয়ে শ্মশান যাত্ৰা কৰা বুলি সচেতন মহলত চৰ্চা চলিছে । অভিযোগ অনুসৰি, শিক্ষা বিষয়া মতিয়াৰ ৰহমানৰ কুম্ভকৰ্ণ নিদ্ৰাৰ বাবেই প্ৰায় ৯০ শতাংশ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকল পুৱা ১০ বজাৰ আগত কোনো দিনেই বিদ্যালয়ত উপস্থিত নোহোৱাৰ লগতে আৰু দুপৰীয়া ১২ বজাতেই বিদ্যালয়সমূহ বন্ধ কৰে শিক্ষকসকলে । এই ক্ষেত্ৰত মন্দিয়া খণ্ড শিক্ষা বিষয়াই শীত-তাপ নিয়ন্ত্ৰিত কোঠাৰ পৰা বাহিৰলৈ ওলাই তেখেতৰ অধীনস্থ প্ৰাথমিক বিদ্যালয়সমূহ কিদৰে চলিছে তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ সচেতন ৰাইজে আহ্বান জনাইছে ।

লগতে পঢ়ক: Teachers Protest: প্ৰাদেশীকৰণ কৰক নতুবা গুলীয়াই হত্যা কৰাৰ আহ্বান মানৱ সম্পদ গঢ়োতাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.